চৰকাৰী সংগ্ৰহালয়, মথুৰা
| চৰকাৰী সংগ্ৰহালয়, মথুৰা | |
|---|---|
সংগ্ৰহালয়ৰ সন্মুখভাগ | |
| প্ৰতিষ্ঠা | ১৮৭৪ |
| অৱস্থিতি | মথুৰা |
| সঞ্চালক | শিৱপ্ৰসাদ সিং |
চৰকাৰী সংগ্ৰহালয়, মথুৰা (ইংৰাজী: Government Museum, Mathura ) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা চহৰৰ এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়; যাক সাধাৰণতে মথুৰা সংগ্ৰহালয় বুলি কোৱা হয়। ১৮৭৪ চনত মথুৰা জিলাৰ তেতিয়াৰ সংগ্ৰাহক ছাৰ এফ এছ গ্ৰ'জে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল। প্ৰথমতে ইয়াক কাৰ্জন মিউজিয়াম অফ আৰ্কিঅ'লজি আৰু তাৰ পিছত মথুৰাৰ আৰ্কিঅ'লজি মিউজিয়াম বুলি জনা গৈছিল। শেষত ইয়াক মথুৰাৰ চৰকাৰী সংগ্ৰহালয়লৈ নাম সলনি কৰা হয়।[1]
অৱলোকন
[সম্পাদনা কৰক]সংগ্ৰহালয়টোত মূলতঃ মথুৰা আৰু ইয়াৰ আশে-পাশে থকা মৃৎশিল্প, ভাস্কৰ্য্য, চিত্ৰ আৰু মুদ্ৰা আদিৰ লগতে আলেকজেণ্ডাৰ কানিংহাম, এফ. এচ গ্ৰোজ, ফহৰাৰ আদি প্ৰসিদ্ধ উপনিবেশিক পুৰাতত্ববিদে সন্ধান কৰি উলিওৱা সামগ্ৰীও আছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকালৈকে, কুষাণ আৰু গুপ্ত সাম্ৰাজ্যৰ সময়ৰ মথুৰা শৈলীৰ প্ৰাচীন ভাস্কৰ্য্যৰ বাবে এই সংগ্ৰহালয় বিখ্যাত।[2] আজি ই উত্তৰ প্ৰদেশৰ অন্যতম আগশাৰীৰ সংগ্ৰহালয়।[3]
১৯৭৪ চনৰ ৯ অক্টোবৰত এই সংগ্ৰহালয়ৰ শতবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে ডাক টিকট জাৰি কৰে।
অধিক পঠন
[সম্পাদনা কৰক]- Sharma, R. C. 1976. Mathura Museum and Art. 2nd revised and enlarged edition. Government Museum, Mathura.
- Growse, F. S. 1882. Mathura A District Memoir.
- Kumar, Jitendera. Masterpieces Of Mathura Museum. Sundeep Prakashan. আই.এচ.বি.এন. 81-7574-118-X.
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Government Museum, Mathura". Parampara Project, Ministry of Culture, govt. of India. Archived from the original on 2021-10-23. https://web.archive.org/web/20211023145502/https://www.paramparaproject.org/institution_govt-museum-mathura.html। আহৰণ কৰা হৈছে: 2014-02-21.
- ↑ "Priceless artefacts hidden away from tourists' eyes". The Tribune. 18 August 2002. http://www.tribuneindia.com/2002/20020818/spectrum/travel.htm.
- ↑ "Mathura-A Treasure Trove Of AntiquitieS". IGNCA website. May–June 2001. http://ignca.nic.in/nl001702.htm। আহৰণ কৰা হৈছে: 7 July 2010.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Government Museum, Mathura সম্পৰ্কীয় মিডিয়া ফাইল আছে। |