চৰম
চৰম | |
---|---|
পৰিচালক | পি এ বেকাৰ |
ৰচনা | ৰঘুনাথ পালেৰি জয়ন (সংলাপ) |
চিত্ৰনাট্য | পি এ বেকাৰ |
প্ৰযোজক | চি এইছ খালিদ |
অভিনয়ত | প্ৰেম নাজিৰ মীনা মেনন উৰ্মিলা |
সংগীত পৰিচালক | জি দেৱৰাজন |
প্ৰযোজনা কোম্পানী |
চিত্ৰমন্দিৰ |
মুক্তি |
১১ ফেব্ৰুৱাৰী ১৯৮৩ |
দেশ | ভাৰত |
ভাষা | মালায়ালম |
চৰম (ইংৰাজী: Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ।[1] ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।[2][3] মালয়ালমৰ স্বতন্ত্ৰ চিনেমাত এই ছবিখনক এক অগ্ৰগতি হিচাপে গণ্য কৰা হয়। ইয়াৰ সংগীত ৰচনা কৰিছে জি দেৱৰাজনে।
কাহিনী
[সম্পাদনা কৰক]পত্নীৰ মৃত্যুৰ পিছত বেৰিষ্টাৰ জেমছে কন্যা প্ৰীতিৰ সৈতে থাকে। জেমছ নিজৰ কামত অতি ব্যস্ত হোৱাৰ বাবে প্ৰীতিয়ে ঘৰত অকলশৰে থাকে আৰু নিজকে বিচ্ছিন্ন অনুভৱ কৰে। এদিন প্ৰীতি নিৰুদ্দেশ হয়। তেওঁ জীয়েকক উন্মাদভাৱে বিচাৰিবলৈ আৰম্ভ কৰে। চাৰ্লি নামৰ এজন মানুহৰ সৈতে তাইৰ সম্পৰ্কৰ কথা প্ৰকাশ পায়। জেমছে চাৰ্লিৰ বিষয়ে সোধা-পোছা কৰে যদিও কোনো তথ্য নাপায়।
কিছুদিনৰ পাছত দেউতাকে গম পায় প্ৰীতি বম্বেত আছে। জেমছে নিজৰ কন্যাক বিচাৰি বোম্বেলৈ যাত্ৰা কৰে। তেওঁ এখন ফেশ্বন আলোচনীৰ কভাৰত প্ৰীতিৰ নগ্ন ছবি এখন দেখা পায়। কেৰালাৰ এখন আলোচনীৰ মালিকৰ বেশত জেমছে প্ৰীতিৰ অৱস্থানৰ বিষয়ে অধিক তথ্য পাবলৈ দেশাই নামৰ এজন নগ্ন ফটো তোলা ফটোগ্ৰাফাৰৰ লগত বন্ধুত্ব কৰে যদিও তেওঁ বিশেষ একো তথ্য নাপায়। অৱশ্যে তেওঁ আৱিষ্কাৰ কৰে যে চাৰ্লিয়ে গোপন নামৰ এজন ফটোগ্ৰাফাৰৰ সৈতে বন্ধুত্ব কৰিছিল। জেমছে তেওঁক বিচাৰি উলিয়ায়। গোপনৰ পৰা তেওঁ গম পায় যে প্ৰীতি বৰ্তমান চহৰখনৰ ৰেড লাইট এলেকাৰ এগৰাকী যৌনকৰ্মী।
সঁহাৰি
[সম্পাদনা কৰক]ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল যদিও ব্যৱসায়িকভাৱে সফলতা লাভ কৰা নাছিল। তথাপিও এই ছবিখনক মালায়ালম স্বতন্ত্ৰ চিনেমাৰ এক অগ্ৰগতি বুলি গণ্য কৰা হয়।[4] বেকাৰৰ বেছিভাগ ছবিয়ে কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহৰণ কৰিবলৈ সক্ষম হয় যদিও তেওঁ “চৰম”ক কোনো বঁটাৰ বাবে পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। কাৰণ তেওঁ ছবিখনত ব্যৱসায়িক লাভৰ বাবে কিছুমান যৌন আৰু অবাঞ্চিত দৃশ্য সংযোজন কৰাত আপত্তি কৰিছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ K. N. Shaji (31 May 2013). "ബക്കർ, പവിത്രൻ, ജോൺ കലയും കലാപവും". Samakalika Malayalam Vaarika (in Malayalam).
- ↑ Socrates K. Valath (22 March 2019). "കണ്ടും കേട്ടും സിനിമ ചെയ്യാന് പഠിച്ച പി.എ. ബക്കര്". Southlive.in (in Malayalam). Retrieved 12 March 2023.
- ↑ Saju Gangadharan (11 February 2023). "'കക്ഷത്തിലെ പൂട കാട്ടുന്നവരുടെ പട'ത്തില് പ്രേംനസീര്: ചാരത്തിന്റെ കഥ". Samayam.com (in Malayalam). Retrieved 12 March 2023.
- ↑ Ashish Rajadhyaksha; Paul Willemen (1998). Encyclopaedia of Indian Cinema. প্ৰকাশক New Delhi: BFI Publishing Oxford University Press. পৃষ্ঠা. 85.
- ↑ "Remembering P A Backer". The New Indian Express. 16 November 2012. Retrieved 12 March 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Charam সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।