চৰিত পুথি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

চৰিত পুথি হৈছে শঙ্কৰোত্তৰ যুগৰ এক প্ৰকাৰৰ সাহিত্য। বৈষ্ণৱ গুৰু শংকৰদেৱ, মাধৱদেৱ,হৰিদেৱ,দামোদৰদেৱৰ জীৱন চৰিত্ৰক কেন্দ্ৰ কৰি তেওঁ লোকৰ শিষ্য সকলে এই জীৱনীমূলক সাহিত্যৰ ৰচনা কৰিছিল। এইদৰে গুৰুৰ গুণ-গৰিমা তথা জীৱন দৰ্শনৰ ওপৰত শিষ্যৰ দ্বাৰা সাহিত্য ৰচনা কৰা প্ৰথাটোক চৰিত তোলা পৰম্পৰা বুলি জনা যায়। চৰিত পুথি সমূহৰ ৰচনাৰ সময় সপ্তদশ শতিকা। সত্ৰৰ ভকত সকলে গুৰুৰ গুণ-গৰিমা আলোচনা কৰা প্ৰক্ৰিয়াটোক এটা প্ৰধান ধৰ্ম কাৰ্য বুলি মানিছিল। প্ৰথম অৱস্থাত চৰিত পুথি সমূহ মুখে মুখে প্ৰচলিত হৈছিল। পিছলৈ সত্ৰৰ শিষ্য সকলে এই মুখে মুখে প্ৰচলিত মহাপুৰুষ সকলৰ জীৱন-কাহিনী সমূহ লিখিবলৈ লয়। লিপিবদ্ধ গ্ৰন্থসমূহক চৰিত পুথি বুলি কোৱা হয়। বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে চৰিত পুথি সমূহৰ বুদ্ধ দেৱৰ চৰিতাৱলীৰ সৈতে সাদৃশ্য আছে।

চৰিত তোলা পৰম্পৰা[সম্পাদনা কৰক]

বৈষ্ণৱ গুৰু, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ প্ৰমুখ্যে বিশিষ্ট সন্ত-মহন্তসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ জীৱনকথাক সামৰি লৈ চৰিত পুথিসমূহ ৰচনা কৰা হয়।[1][2] সপ্তদশ শতিকাৰ আৰম্ভণিৰে পৰা সপ্তদশ শতিকাৰ শেষৰ সময়খিনিয়েই চৰিত পুথিৰ উদ্ভৱ আৰু বিকাশৰ সময়। শঙ্কৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ কাৰ্য আৰু গুণাৱলী কীৰ্তন কৰাটো সত্ৰীয়া ভকতসকলৰ এটা প্ৰধান ধৰ্মকাৰ্য ৰূপে পৰিগণিত হৈছিল। শিষ্যসকলক আগত লৈ সত্ৰাধিকাৰে ধৰ্মবিষয়ক কথা আলোচনা কৰাৰ উপৰিও সময়ে সময়ে মহাপুৰুষসকলৰ জীৱন কাহিনীও বৰ্ণনা কৰিছিল আৰু শিষ্যসকলেও ধৰ্মগ্ৰন্থৰ দৰেই সেই কাহিনীবোৰ ভক্তিভাৱে শুনি গৈছিল। মহাপুৰুষসকলৰ জীৱন-কাহিনীসমূহ পোনতে লিপিবদ্ধ হোৱা নাছিল; নাইবা শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভবা নাছিল, কিন্তু কিছুকাল যোৱাৰ পাছত কিছুমান শিষ্যই গুৰুপৰম্পৰাত বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে। এনেদৰে লিপিবদ্ধ কৰা গ্ৰন্থসমূহেই হ’ল চৰিত পুথি। বৈষ্ণৱ গুৰুসকলৰ জীৱন চৰিত অৰ্থাৎ গুণ-গৰিমা জনসাধাৰণৰ আগত ব্যক্ত বা প্ৰকাশ কৰাৰ উদ্দেশ্যৰে চৰিত পুথিসমূহ ৰচনা কৰা হৈছিল বুলি কোৱা হয়।

মহাপুৰুষসকলৰ উত্তৰকালত অসমত সত্ৰায়ন পৰ্বৰ সূচনা হৈছিল, একেদৰে সত্ৰসমূহৰ প্ৰভাৱপুষ্ট হৈ গাঁৱে-ভূঞে শংকৰদেৱৰ জীৱিত কালছোৱাতেই থান-সত্ৰসমূহত বৈষ্ণৱ ভক্ত সমাজৰ উপাস্য দেৱতাৰ চৰিত্ৰ কীৰ্তন কৰা হৈছিল। কিন্তু শংকৰদেৱৰ মৃত্যুৰ পাছত অসমৰ বৈষ্ণৱ সত্ৰসমূহ বিভিন্ন কাৰণত ব্ৰহ্ম, পুৰুষ, নিকা আৰু কাল সংহতিৰূপে চাৰিটা থুলত বিভক্ত হৈ পৰিল। এই চাৰিওটা সংহতিতে নাট, গীত, ঘোষা ৰচনা কৰাটো সত্ৰীয়া গুৰুসকলৰ প্ৰধান কৰ্তব্যৰূপে পৰিগণিত হৈছিল। শংকৰদেৱৰ মৃত্যুৰ পাছত মাধৱদেৱে গুৰুবাক্যকে পালন কৰি শংকৰ গুৰুৰ চৰিত্ৰ পাঠ কৰিবলৈ লৈছিল। সত্ৰৰ ভকতসকলে পোনপ্ৰথমতে মাধৱদেৱৰপৰাই গুৰুকথা শুনিবলৈ সুযোগ পাইছিল। মাধৱদেৱে নামঘোষাৰ বিভিন্ন স্তৱকত গুৰুৰ গুণ গৰিমা উল্লেখ কৰিছে। মাধৱদেৱৰ লেখনিতে গুৰু বন্দনা নাইবা লীলা চৰিত বৰ্ণনাৰ পোনপ্ৰথম আভাস পৰিলক্ষিত হয়। মাধৱদেৱৰ চৰিততোলা প্ৰথা, নামঘোষাৰ স্তৱকত বৰ্ণনা কৰা গুৰুৰ গুণ, গৰিমা আৰু বন্দনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ পৰৱৰ্তী ভক্তসকলে চৰিত ৰচনা কৰাৰ আদৰ্শ লাভ কৰিছিল। মাধৱদেৱৰ বাহিৰেও শংকৰদেৱৰ সমসাময়িক শাস্ত্ৰজ্ঞ বা পণ্ডিত আচাৰ্যসকলেও শংকৰদেৱক গুৰু, পৰমপুৰুষ, ভগৱানৰ অংশ বা কলা অৱতাৰ বুলি স্বীকাৰ কৰি গৈছে। এই সকলৰ ভিতৰত ৰাম সৰস্বতী, অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি, সুকবি শেখৰ, নাৰায়ণ ঠাকুৰ আদি উল্লেখযোগ্য। অসমীয়া বৈষ্ণৱ সমাজত, সত্ৰীয়া সংস্কৃতিত এইধৰণৰ চৰিত চৰ্চা কৰা প্ৰথাটোকে চৰিত তোলা প্ৰথা বুলি কোৱা হয়।

বিষয়বস্তু আৰু প্ৰকাৰ[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ প্ৰমুখ্যে বিশিষ্ট সন্ত-মহন্তসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ জীৱনকথাক সামৰি লৈ চৰিত পুথিসমূহ ৰচনা কৰা হয়। অসমীয়া চৰিতকাৰসকলে তেওঁলোকৰ গুৰুসকলক অৱতাৰী পুৰুষ হিচাপে মানিছিল। সেইবাবে চৰিতকাৰ সকলে চৰিত বোৰত সন্ত-মহন্ত সকলৰ ব্যক্তিগত জীৱনক বিশেষ গুৰুত্ব নিদি তেওঁলোকৰ অলৌকিকতা আৰু অতি প্ৰাকৃত জীৱনৰ ওপৰত গুৰুত্ব দি হে এই পুথিসমূহ ৰচনা কৰিছিল। এই পুথিসমূহত ধৰ্ম অনুষ্ঠানৰ প্ৰসাৰৰ ইতিহাস, গুৰুসকলৰ ধৰ্মীয়জীৱন, সত্ৰ অনুষ্ঠান সমূহৰ বিকাশ, বৈষ্ণৱ নীতি নিয়ম আৰু বিভিন্ন সামাজিক, সাংস্কৃতিক ইতিহাসৰ সমল আছে।

ৰচনাৰ ধৰণ অনুসৰি চৰিত পুথিসমূহক দুই ভাগত ভগোৱা হয়-

  • পদ্য চৰিত
  • গদ্য চৰিত।

বৈশিষ্ট্য[সম্পাদনা কৰক]

  • চৰিত পুথিৰ গদ্যৰীতি সহজ সৰল আৰু পোনপটীয়া ভাষাৰ।
  • চৰিত পুথিৰ গদ্যত প্ৰাচীন অসমীয়া গদ্যৰ ঠাঁচ, প্ৰচলিত কথ্যৰীতিৰ প্ৰয়োগ আৰু আধুনিক অসমীয়া গদ্যৰ আৰম্ভণি উল্লেখযোগ্য দিশ। উদাহৰণ:

আৰু বাৰেভূঞা কামৰূপ আলিপুখুৰিতে ইদেশে উজাই অহাতঃ নৰনাৰায়ণে সুনি নিবলৈ যুদ্ধেৰে পঠালে চিলাৰাইকে গাভৰুখাকে॥

  • চৰিত পুথিৰ বাক্যবিলাক কেতিয়াবা অতি চুটি। চুটি হ'লেও অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত ব্যাঘ্যাত নজন্মে। উদাহৰণ:

সুনি সবে দেউ হৰ্ষ হলঃ পাছে মহেশ গাত নলইঃ তোম্ৰাক ঢাকি অমোচন ব্ৰহ্মহত্যা পাপ হব……

  • চৰিত পুথিত ভকতীয়া ঠাঁচৰ গদ্যৰ প্ৰয়োগ হৈছে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শংকৰদেৱ আৰু অন্যান্য শিষ্য-প্ৰশিষ্যসকলৰ ভিতৰত হোৱা কথোপকথনত এনে ধৰণৰ গদ্যৰীতি যথোপযুক্তভাৱে প্ৰয়োগ কৰা হৈছে। উদাহৰণ:

এক দিন মাধৱ দেউ আহিব নোৱাইলে হৰি কথা সুনিবলৈ গা বিষমৰ হেতুঃ

কৃষ্ণ কথা অবসানত গুৰুজনে বোলে বৰা পো নাহিল আজি…

  • ভাষাৰ কোমলতা বা মৃদুতা চৰিত পুথিৰ গদ্যশৈলীৰ অন্য এটা উল্লেখযোগ্য দিশ।
  • যুৰীয়া আৰু অনুৰূপ শব্দৰ প্ৰয়োগ চৰিত পুথিত পোৱা যায়। গীত-ৰাগ, বিবাদ-সংগ্ৰাম, মিত্ৰ-সখীত্ব, তাল-সূৰ আদি।
  • চৰিত পুথিত ধৰ্মীয় গীত-পদ, ঘোষা আদিৰ প্ৰয়োগৰ উপৰি ভকতীয়া-ফকৰা, পদ-ফকৰা আদিয়ে ইয়াৰ গদ্যক অৰ্থবহ কৰি তুলিছে।

চৰিত পুথিৰ ভাষা[সম্পাদনা কৰক]

কথা গুৰু চৰিতৰ ভাষা বুৰঞ্জীৰ ভাষাৰ নিচিনাই এটা সমন্বয়ৰ ভাষা। ইয়াৰ ভাষাতো পুৰণি অসমীয়া, পশ্চিম অঞ্চলৰ অসমীয়া আৰু পূব অঞ্চলৰ অসমীয়াৰ সুন্দৰ মিশ্ৰণ ঘটিছে।[3]কাব্য চৰিতসমূহৰ ভাষা চতুৰ্দ্দশ শতিকাৰ হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আদিৰ ভাষাৰ অনুৰূপ। ইয়াৰ ভাষা কথিত ৰূপৰ, সহজ-সৰল, পোণপতীয়া আৰু স্বাভাৱিক। কেৱল ভকতীয়া ঠাঁচে সৰ্বসাধাৰণৰ কথিত ভাষাৰ পৰা সামান্য পৃথক কৰিছে। চৰিতৰ ভাষা কথোপকথনমূলক আৰু নাটকীয় ভংগীৰ। ষোল্ল শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে তিনিশ বছৰৰ কথিত অসমীয়া গদ্যৰ চানেকি চৰিতবোৰে দাঙি ধৰিব পাৰিছে।[4]

গুৰুচৰিত কথা[সম্পাদনা কৰক]

সপ্তদশ শতিকাৰ শেষাৰ্দ্ধত ৰামানন্দ দ্বিজে 'গুৰু চৰিত' পুথিখন প্ৰণয়ন কৰে। ইয়াত তেওঁ মহাপুৰুষ শংকৰদেৱৰ জীৱনী আৰু ঘটনাৱলী সন্নিবিষ্ট কৰিছে , লগতে তাতে মাধৱদেৱ আৰু ভবাণীপুৰীয়া গোপাল আতাৰ চৰিত্ৰও বৰ্ণনা কৰা হৈছে। আতাৰ চৰিত্ৰখিনি ৰামগোপালে লিখা। এওঁ ৰামানন্দৰে পুত্ৰ | ৰামানন্দৰ 'গুৰু চৰিত্ৰ'ত বক্তব্যৰ যুক্তি আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী বিদ্যমান। ৰামানন্দৰ 'গুৰু চৰিত'খন পোনতে হৰিবিলাস গুপ্তই ১৯০০ খৃষ্টাব্দত সম্পাদন কৰি ছপাইছিল।[5]পিছৰ কালত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুয়ে 'কথা গুৰু চৰিত' সম্পাদনা কৰে।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. নেওগ, মহেশ্বৰ. গুৰুচিৰতৰ ইতিকথা. 
  2. নেওগ, মহেশ্বৰ. গুৰুচিৰত কথা. 
  3. শৰ্মা, ড॰ উপেন্দ্ৰনাথ (১৯৯৪). অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ. প্ৰকাশক গুৱাহাটী ০১: বৰুৱা এজেন্সী. পৃষ্ঠা. ২২১. 
  4. হাজৰিকা, পৰীক্ষিত (১৯৮৯). আলোচনা সাহিত্য. প্ৰকাশক গুৱাহাটী ০১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৩. 
  5. হাজৰিকা পৰীক্ষিত (১৫ আগষ্ট, ১৯৮৯). আলোচনা সাহিত্য. প্ৰকাশক গুৱাহাটী ০১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৫২. 
  6. শৰ্মা, ডক্টৰ হেমন্ত কুমাৰ (১৯৮৭). অসমীয়া সাহিত্যত দৃষ্টিপাত. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ১৯৫.