চৰ্দাৰ আখতাৰ
| চৰ্দাৰ আখতাৰ | |
|---|---|
Still shot from the film Asra (1941) | |
| জন্ম | ১৯১৫ লাহোৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৯৮৬ (বয়স ৭০–৭১) নিউয়ৰ্ক, যুক্তৰাষ্ট্ৰ[1] |
| সমাধিস্থল | বড়াকবৰস্তান, মুম্বাই |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৩৩-১৯৪৫; ১৯৭১-১৯৭৩ |
| দাম্পত্যসঙ্গী | মেহবুব খান (বি. ১৯৪২–৬৪) |
চৰ্দাৰ আখতাৰ (ইংৰাজী: Sardar Akhtar; ১৯১৫–১৯৮৬) হিন্দী আৰু উৰ্দু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ উৰ্দু ৰংগমঞ্চত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহ সৰোজ মুভীটনৰ দ্বাৰা নিৰ্মিত, য'ত তেওঁ সৰহভাগ ষ্টাণ্ট (একচন) ভূমিকা কৰিছিল। ছোহৰাব মোদীৰ পুকাৰ (১৯৩৯) ছবিখনত ৰামী ধুবুনীৰ চৰিত্ৰত মূল নাৰী চৰিত্ৰত অভিনয় কৰে। স্বামীৰ মৃত্যুৰ ন্যায় বিচৰা এগৰাকী মহিলাৰ ৰূপত তেওঁৰ বাবে ই আছিল এক সফল ভূমিকা। ছবিখনত তেওঁ গোৱা এটা জনপ্ৰিয় গীত আছিল "কাহেকো মহে ছেড়ে"।[2] তেওঁৰ কৰ্মজীৱনৰ সকলোতকৈ ডাঙৰ ভূমিকা আছিল মেহবুব খানৰ ঔৰতত (১৯৪০), স্বামীয়ে পৰিত্যক্ত কৰা "কৃষক মহিলা" হিচাপে, যিটো চৰিত্ৰ পিছলৈ মেহবুবৰ পুনৰ্নিৰ্মাণ ‘মাদাৰ ইণ্ডিয়া’ত নাৰ্গিছে বিখ্যাত কৰি তুলিছিল।[3]
১৯৩৩–৪৫ চনৰ কেৰিয়াৰ কালছোৱাত তেওঁ ৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ১৯৪২ চনত আখতাৰে মেহবুব খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাক তেওঁ আলী বাবা (১৯৪০) ছবিত অভিনয় কৰাৰ সময়ত লগ পাইছিল। ফেশ্বন (১৯৪৩) আৰু ৰাহতৰ দৰে ছবি সম্পূৰ্ণ কৰাৰ পাছত তেওঁ অভিনয় এৰি দিয়ে। ১৯৭০ দশকত তেওঁ অ' পি ৰালহানৰ হলচল (১৯৭১) ছবিৰে পুনৰ চৰিত্ৰ অভিনেত্ৰী হিচাপে অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. পৃষ্ঠা. 1994–. ISBN 978-1-135-94325-7. https://books.google.com/books?id=rF8ABAAAQBAJ&pg=PA1994-IA361। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ Gulazāra; Govind Nihalani; Saibal Chatterjee (2003). "The Emergence of Talkies". Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 55. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT79। আহৰণ কৰা হৈছে: 19 July 2015.
- ↑ Mahmood, Hameeddudin. "Sardar Akhtar-Profile". Cineplotcineplot.com. http://cineplot.com/sardar-akhtar-profile/। আহৰণ কৰা হৈছে: 19 July 2015.
- ↑ Bunny Reuben (1994). Mehboob, India's DeMille: The First Biography. Indus. পৃষ্ঠা. 67. ISBN 978-81-7223-153-8. https://books.google.com/books?id=ExhlAAAAMAAJ। আহৰণ কৰা হৈছে: 19 July 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চৰ্দাৰ আখতাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।