চ’ নাম-জু
| চ’ নাম-জু | |
|---|---|
| স্থানীয় নাম | 조남주 |
| জন্ম | ১৯৭৮ দক্ষিণ কোৰিয়া |
| শিক্ষা | ইৱা মহিলা বিশ্ববিদ্যালয় |
| পেচা | লেখিকা আৰু গ্ৰন্থকাৰ |
| উল্লেখযোগ্য কৰ্ম | কিম জি-ইয়ং,বৰ্ন ১৯৮২ (২০১৬) |
চ’ নাম-জু (কোৰিয়ান: 조남주, জন্ম ১৯৭৮) এগৰাকী দক্ষিণ কোৰিয়ান লেখিকা আৰু গ্ৰন্থকাৰ। তেওঁ ২০১৬ চনত লিখা উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-young, Born 1982)-ৰ বাবে বিশেষভাৱে পৰিচিত। এই কিতাপখনৰ এক মিলিয়নৰো অধিক কপি বিক্ৰী হৈছে আৰু দক্ষিণ কোৰিয়াত নাৰীবাদী আন্দোলন গতিশীল কৰাত ই প্ৰভুত অৱদান আগবঢ়াইছে।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নাম-জুৰ জন্ম হৈছিল ১৯৭৮ চনত দক্ষিণ কোৰিয়াত।[1] তেওঁ বুচন (Bucheon)-ত ডাঙৰ হৈছিল আৰু পাঁচ বছৰ বয়সত নিজৰ পৰিয়ালৰ সৈতে চিয়ললৈ (Seoul) স্থানান্তৰ হৈছিল।[1][2] নাম-জুৰ মাতৃ গৰ্ভৱতী অৱস্থাত থাকোঁতে, তেওঁৰ পিতৃয়ে তেওঁৰ খুৰাকক (যাৰ পাঁচ গৰাকী কন্যা আছিল) প্ৰতিশ্ৰুতি দিছিল যে সন্তানটি ল'ৰা হ'লে খুৰাকৰ ওচৰত পালনৰ বাবে দিব।[3]অৱশেষত, তেওঁ নিজৰ জন্মদাতা মাতৃ-পিতৃৰ ওচৰতে ডাঙৰ হয়।[2]
শিশু অৱস্থাত, নাম-জুৱে পঢ়িবলৈ বহুত ভাল পাইছিল, কিন্তু কিতাপ কিনিবলৈ তেওঁৰ হাতত ধন নাছিল, আৰু চিয়লৰ দৰিদ্ৰ প্ৰান্তীয় অঞ্চলত থকা স্থানীয় গণ-পুথিভঁৰালসমূহ সক্ৰিয় অৱস্থাত নাছিল।[2] তেওঁ পুথিভঁৰালত থকা সকলো কিতাপ ধাৰলৈ আনি বাৰে বাৰে পঢ়িছিল|[2]
নাম-জুৱে মাধ্যমিক, উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত মাত্ৰ ছোৱালীৰ বাবে নিৰ্দিষ্ট বিদ্যালয়ত অধ্যয়ন কৰিছিল।[4] তেওঁ ইৱা মহিলা বিশ্ববিদ্যালয় (Ewha Womans University) ৰ পৰা সমাজবিদ্যাৰ ডিগ্ৰী লাভ কৰে।[5] [3]বৰ্তমান নাম-জু নিজৰ পৰিয়ালৰ সৈতে চিয়লত বসবাস কৰে।[3]
===কৰ্মজীৱন===
নাম-জুৱে টেলিভিছনত চিত্ৰনাট্যকাৰ ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।[6] তেওঁ প্ৰায় এটা দশক ধৰি এটা সম্প্ৰচাৰ সংস্থাত সাম্প্ৰতিক ঘটনা সম্পৰ্কীয় টিভি অনুষ্ঠানৰ বাবে লেখা প্ৰস্তুত কৰিছিল।[2][5][4] তেওঁ নিজৰ সন্তানক লালন-পালন কৰিবলৈ কামৰ পৰা বিৰতি লৈছিল, তাৰ পিছত পুনৰ লেখক হিচাপে কামলৈ উভতি আহিছিল। তেওঁৰ জনপ্ৰিয় উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982 ) প্ৰকাশৰ আগেয়ে তেওঁ দুখন উপন্যাস প্ৰকাশ কৰিছিল।[2] ২০২৩ চনৰ ভিতৰত তেওঁ মুঠ ১০খন কিতাপ প্ৰকাশ কৰিছে অথবা চুক্তিবদ্ধ হৈছে।
কিম জি-ইয়ং বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982)
[সম্পাদনা কৰক]নাম-জুৱে তেওঁৰ তৃতীয় উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982 )২০১৬ চনত প্ৰকাশ কৰে।[6] মূলত কোৰিয়ান ভাষাত লিখা এই কিতাপখন ১৮ টাতকৈ অধিক ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰ ১০ লাখতকৈ অধিক কপি বিক্ৰী হৈছ[7][3]
এই কিতাপখন ২০১৬ চনত দক্ষিণ কোৰিয়াৰ মি টু (MeToo) আন্দোলনৰ সৈতে একে সময়ত প্ৰকাশিত হৈছিল আৰু ই এক নাৰীবাদী চৰ্চাৰ সূচনা কৰি দেশজুৰি চলি অহা লিংগ বৈষম্য সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা চলাইছিল।[5] এই উপন্যাসখন কেৱল এটা কাহিনী নহয়, ই সাংস্কৃতিক প্ৰতিবেদন (reportage) আৰু এক সামাজিক বিশ্লেষণ হিচাপেও ইয়াক গণ্য কৰা হয়।[5]
এই সংক্ষিপ্ত উপন্যাসখনে এগৰাকী সাধাৰণ কোৰিয়ান মহিলাৰ জীৱনচৰিত—শৈশৱৰ পৰা কৰ্মজীৱন আৰু মাতৃত্বলৈকে—উন্মোচিত কৰিছে। কিম জি-ইয়ং নামটো কোৰিয়ান সমাজত ৰাম, হৰি,যদু, মধুৰ সমতুল্য, অৰ্থাৎ এক সাধাৰণ নাম।[3][2] কিতাপখনৰ মুখ্য চৰিত্ৰ এগৰাকী ৩৩ বছৰীয়া গৃহিণী। তেওঁ কোৰিয়ান সমাজত থকা লিঙ্গ বৈষম্য আৰু মাতৃত্ব সম্পৰ্কীয় আশা-আকাংক্ষাৰ ফলত মানসিক চাপত পৰি যায়।[7] কিতাপখনত পাদটীকা (footnotes) সহ সত্য পৰিসংখ্যা (statistics) অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দক্ষিণ কোৰিয়াৰ লিঙ্গ বৈষম্য উদঙাই দিয়ে।[5]
নাম-জুৱে ২০১৫ চনত কেৱল তিনি মাহৰ ভিতৰত উপন্যাসখন লিখি সম্পূৰ্ণ কৰিছিল।[5][8] কিতাপখনত তেওঁৰ নিজস্ব জীৱন আৰু অভিজ্ঞতাৰ প্ৰতিফলন আছে—দশকজুৰি কাম কৰাৰ পিছত তেওঁ নিজৰ সন্তান প্ৰতিপালনৰ বাবে চাকৰি এৰি দিছিল, কিন্তু পুনৰ কৰ্মজীৱনলৈ উভতি অহাটো দুষ্কৰ হৈ পৰিছিল।[5] এই সময়তে তেওঁ নিজৰ সমাজ বিজ্ঞান (sociology) ডিগ্ৰিৰ জ্ঞান ব্যৱহাৰ কৰি সমাজত উপলভ্য তথ্যপাতি সংগ্ৰহ কৰি কিতাপখন লিখিবলৈ আৰম্ভ কৰে।[5]
এই কিতাপখনৰ ওপৰত ভিত্তি কৰি ২০১৯ চনত কোৰিয়াত এক চলচ্চিত্ৰ সংস্কৰণ মুক্তি পায়, য’ত জাং ইউ-মি(Jung Yu-mi ) এ মুখ্য চৰিত্ৰ কিম জি-ইয়ং (Kim Ji-Young)ৰৈ ৰূপত অভিনয় কৰে। ছবিখনে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[2][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Statesman, New (2022-11-23). "Cho Nam-joo Q&A: "I want to live without colliding with humans"" (en-US ভাষাত). New Statesman. https://www.newstatesman.com/culture/2022/11/cho-nam-joo-qa-colliding-with-humans। আহৰণ কৰা হৈছে: 2023-02-08.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 "Cho Nam-joo: the novelist inspiring east Asia’s #MeToo movement". Financial Times. 2020-01-17. https://www.ft.com/content/4ea79450-2262-11ea-b8a1-584213ee7b2b.
- ↑ 3.0 3.1 3.2 3.3 3.4 Williams, Holly (2020-02-15). "South Korean author Cho Nam-joo: ‘My book is braver than I am’" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2020/feb/15/cho-nam-joo-kim-jiyoung-born-1982-interview.
- ↑ 4.0 4.1 "Bringing to light the subtle sexism in modern Korea: Cho Nam-joo’s book reflects the discrimination many women face daily" (en ভাষাত). Korea JoongAng Daily. 2017-09-05. https://koreajoongangdaily.joins.com/2017/09/05/features/Bringing-to-light-the-subtle-sexism-in-modern-Korea-Cho-Namjoos-book-reflects-the-discrimination-many-women-face-daily/3038016.html। আহৰণ কৰা হৈছে: 2023-02-08.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 Alter, Alexandra (2020-04-08). "The Heroine of This Korean Best Seller Is Extremely Ordinary. That’s the Point." (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/04/08/books/cho-nam-joo-kim-jiyoung-born-1982.html.
- ↑ 6.0 6.1 "Scribner snaps two novels and a short story collection from Cho Nam-Joo" (En ভাষাত). The Bookseller. https://www.thebookseller.com/rights/scribner-snaps-up-two-novels-and-a-short-story-collection-from-cho-nam-joo। আহৰণ কৰা হৈছে: 2023-02-08.
- ↑ 7.0 7.1 Hong, Euny (2020-04-14). "In This Korean Best Seller, a Young Mother Is Driven to Psychosis" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/04/14/books/review/kim-jiyoung-born-1982-cho-nam-joo.html.
- ↑ Hu, Elise (April 19, 2020). "South Korean Bestseller 'Kim Jiyoung, Born 1982' Gives Public Voice To Private Pain". NPR. https://www.npr.org/2020/04/19/835486224/south-korean-bestseller-kim-jiyoung-born-1982-gives-public-voice-to-private-pain.
- ↑ Eun-byel, Im (2018-11-28). "[Newsmaker Feminist book ‘Kim Ji-young, Born 1982’ becomes million seller"] (en ভাষাত). The Korea Herald. https://www.koreaherald.com/view.php?ud=20181128000683। আহৰণ কৰা হৈছে: 2023-02-08.