ছং কাং
| ছং কাং | |
|---|---|
নৱেম্বৰ ২০২৩-ত ছং কাং | |
| জন্ম | ২৩ এপ্ৰিল, ১৯৯৪ (৩১ বছৰ) ছুৱন,দক্ষিণ কোৰিয়া |
| শিক্ষানুষ্ঠান | কংকুক বিশ্ববিদ্যালয় (চলচ্চিত্ৰ কলা বিভাগ)[1] |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০১৭-বৰ্তমান |
| স্বাক্ষৰ | |
ছং কাং (কোৰিয়ান: 송강; জন্ম: ২৩ এপ্ৰিল, ১৯৯৪) এজন দক্ষিণ কোৰিয়ান অভিনেতা। লাভ এলাৰ্ম (২০১৯–২০২১), ছুইট হোম (২০২০–২০২৪), নেভাৰথেলেছ (২০২১), ফৰকাষ্টিং লাভ এণ্ড ৱেদাৰ (২০২২), আৰু মাই ডেমন (২০২৩–২০২৪) নাটকত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। তেওঁ অভিনয় কৰা ধাৰাবাহিকসমূহৰ অধিকাংশই প্লেটফৰ্মত ষ্ট্ৰীম কৰা হৈছিল বাবে তেওঁক "নেটফ্লিক্সৰ পুত্ৰ" বুলি কোৱা হৈছে।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৬–২০১৮: আৰম্ভণি
[সম্পাদনা কৰক]ছং কাঙক ২০১৬ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে নামু এক্টৰচ হিচাপে দেখা গৈছিল।[3]
২০১৭ চনত ছং কাঙে দ্য লায়াৰ এণ্ড হিজ লাভাৰ নামৰ এখন ৰোমাণ্টিক কমেডি ধাৰাবাহিকত সহ-ভূমিকাৰ জৰিয়তে অভিনয়ক্ষেত্ৰত অভিষেক ঘটাইছিল।[4]
সেয়া বছৰতেই তেওঁ পৰিয়াল ধাৰাৱাহিক মেন ইন দ্য কিচেনত অভিনেতা হিচাপে নিৰ্বাচিত হৈছিল।[5]
তেওঁ দুটা সংগীত ভিডিঅ’তো দেখা গৈছিল—একোষ্টিক যুগলৰ দ্য এ’ডৰ “ছুইট ছামাৰ নাইট” আৰু গায়িকা ছুৰানৰ “লাভ ষ্ট'ৰী”ত।[6][7]
২০১৮ চনৰ ফেব্ৰুৱাৰী পৰা অক্টোবৰলৈকে ছং কাঙে এছবিএছৰ সংগীত অনুষ্ঠান ইংকিগায়ো উপস্থাপনা কৰিছিল। তেওঁৰ সৈতে উপস্থাপক আছিল ছেভেণ্টিনৰ সদস্য মিংগু আৰু ডিআইএৰ সদস্য জাং চায়ে’য়ন।[8]
তেওঁ বিনোদনমূলক অনুষ্ঠান ভিলেজ ছাৰ্ভাইভেল, দ্য এইটত স্থায়ী সদস্য ৰূপেও ভাগ লোৱা হৈছিল।[9]
এই দুটা কামৰ বাবে তেওঁক ২০১৮ চনৰ এছবিএছ এণ্টাৰটেইনমেণ্ট এৱৰ্ডছত “ৰুকি এৱৰ্ড”ৰ বাবে মনোনয়ন দিয়া হৈছিল।[10]
জুলাই ২০১৮ চনত ছং কাঙে বিউটিফুল ভেম্পায়াৰ নামৰ কল্প-বিষয়ক চলচ্চিত্ৰৰ জৰিয়তে বৃহৎ পৰ্দাত অভিষেক ঘটাইছিল।[11]
২০১৯–বৰ্তমান: জনপ্ৰিয়তাৰ বৃদ্ধি, মুখ্য ভূমিকা, আৰু সামৰিক বিভাগত যোগদান
[সম্পাদনা কৰক]২০১৯ চনত ছং কাংঙে টিভিএনৰ ফেণ্টেচি মেল'ড্ৰামা ‘‘হ'ৱেন দ্যা ডেভিল কলছ ইয়’ৰ নেম’’-ত জং কিয়ং-হ'ৰ সহকাৰী ভূমিকাত অভিনয় কৰিছিল।[12]
পিছত তেওঁ নেটফ্লিক্সৰ অৰিজিনেল ৰোমাণ্টিক ধাৰাৱাহিক ‘‘লভ এলাৰ্ম’’ৰ মুখ্য ভূমিকাত অভিনয় কৰে, যিটো একেই নামৰ জনপ্ৰিয় ৱেবটুনৰ ওপৰত আধাৰিত।[13] ছং কাংঙে ৯০০জনৰ অডিচনৰ পৰা প্ৰথম মুখ্য ভূমিকাটো লাভ কৰিছিল।[14] তেওঁ এগৰাকী আকৰ্ষণীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ ভূমিকাত অভিনয় কৰে, যি তেওঁৰ বন্ধুৰ গুপ্ত প্ৰেমিকা—কিম চ’হুনৰ প্ৰেমত পৰে।[15] ‘‘লভ এলাৰ্ম’’ সেই বছৰৰ নেটফ্লিক্সৰ শীৰ্ষ মুক্তিছমূহৰ অন্যতম আছিল আৰু দ্বিতীয় ঋতুৰ বাবে নবীকৰণ কৰা হৈছিল। সেই বছৰৰ অন্তিম উপস্থিতি আছিল ভাইবৰ ‘‘কল মি বেক’’ মিউজিক ভিডিঅ’ত।[16]
২০২০ চনত, ছং কাং নেটফ্লিক্সৰ আপোকেলেপ্টিক ভয়ংকৰ ধাৰাৱাহিক ‘‘ছুইট হোম’’-ত মুখ্য ভূমিকাত অভিনয় কৰি জগতজুৰি খ্যাতি অৰ্জন কৰে।[17] ‘‘লভ এলাৰ্ম’’ৰ পৰিচালকে তেওঁৰ নাম ‘‘ছুইট হোম’’ৰ পৰিচালক লী ঊঙ-বকক উল্লেখ কৰাত তেওঁ অডিচনত অংশ লয়।[17] তেওঁ চা হুন-ছু নামৰ এজন আত্মহত্যা-প্ৰৱণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ ভূমিকাত অভিনয় কৰে, যি এপাৰ্টমেণ্টৰ বাসিন্দাসকলৰ সৈতে মিলি ‘‘দানৱীয় মহামাৰী’’ৰপৰা বাচি থাকিবলৈ চেষ্টা কৰে।[18] ধাৰাৱাহিকখনে মিশ্ৰ সমালোচনা লাভ কৰে,[19] কিন্তু আন্তঃৰাষ্ট্ৰীয়ভাবে ডাঙৰ দৰ্শকসমাজ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।[20] মুক্তিৰ একমাহ পিছতে ‘‘ভাৰাইটি’’য়ে প্ৰকাশ কৰে যে ২২ মিলিয়ন নেটফ্লিক্স পৰিয়ালে ধাৰাবাহিকখন চাইছে।[21] ৫৭তম বেক্সাং আৰ্টছ এৱাৰ্ডছত ছং কাঙক সৰ্বশ্ৰেষ্ঠ নতুন অভিনেতা হিচাপে টেলিভিছনৰ বাবে মনোনীত কৰে।[22]
২০২১ চনত, ছং কাংঙে ‘‘লভ এলাৰ্ম’’ৰ দ্বিতীয় ঋতুত হুৱাং ছুন-অ’ৰ ভূমিকাত পুনৰ অভিনয় কৰে, যিটো ১২ মাৰ্চত নেটফ্লিক্সত মুক্তি পায়। তেওঁ টিভিএনৰ ‘‘নাভিল্লেৰা’’ ধাৰাৱাহিকতো অভিনয় কৰে, যিটো একেই নামৰ ৱেবটুনৰ ওপৰত আধাৰিত।[23] ইয়াত তেওঁ এজন বেলেট শিক্ষাৰ্থীৰ ভূমিকাত অভিনয় কৰে, যি পিতৃ-সংশ্লিষ্ট মানসিক বোজাৰ বাবে সংগ্ৰাম কৰে আৰু খণ্ডকালীন কাম কৰি জীৱনযাপন চলায়। চৰিত্ৰটোক সঠিক দেখুৱাবলৈ ছং কাংঙে ছমাহ বেলেট শিক্ষা লয়।[24]
একেই বছৰত ছং কাংএ জেটিবিচিৰ ৰোমাঞ্চধাৰা ‘‘নেভাৰদেলেছ’’ত হান চ’হীৰ সৈতে মুখ্য ভূমিকাত অভিনয় কৰে।[25]
দৰ্শকৰ দৃষ্টিকোণৰপৰা ২০২১ ছংটো ছং কাঙৰ বাবে সফল আছিল, কাৰণ ‘‘ছুইট হোম’’, ‘‘লভ এলাৰ্ম’’ আৰু ‘‘নেভাৰদেলেছ’’ ক্ৰমে নেটফ্লিক্সৰ বিশ্বব্যাপী পঞ্চম, ষষ্ঠ আৰু অষ্টম স্থানত আছিল।[26]
২০২২ চনত ছং কাং জেটিবিচিৰ ‘‘ফ’ৰকাষ্টিং লভ এণ্ড ৱেদাৰ’’ত পাৰ্ক মিন-ইয়ঙৰ সৈতে অভিনয় কৰে।[27]
২০২৩ চনত, ছং কাং নেটফ্লিক্সৰ ‘‘মাই ডেমন’’ত কিম ইউ-জংৰ সৈতে মুখ্য ভূমিকাত অভিনয় কৰে।[28]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সামৰিক সেৱা
[সম্পাদনা কৰক]২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত নামু এক্টৰ্ছে ঘোষণা কৰে যে ছঙে ২০২৪ চনৰ ২ এপ্ৰিলত এজন সক্ৰিয় কৰ্তব্যৰত সৈনিক হিচাপে তেওঁৰ অনিবাৰ্য সামৰিক সেৱা পালন কৰিবলৈ নাম ভৰ্তি কৰিব।[29] ২০২৫ চনৰ ১ অক্টোবৰত তেওঁ সামৰিক কৰ্তব্যৰ পৰা অব্যাহতি লাভ কৰে।[30]
অনুমোদন
[সম্পাদনা কৰক]
২০২০ চনত, দক্ষিণ কোৰিয়াৰ কছমেটিক্স ব্ৰেণ্ড বানিলা ক'ই চং কাঙক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিৰ্বাচন কৰিছিল।[31]
২০২১ চনত, ইটালীয়ান বিলাসবহুল ফেশ্বন হাউছ প্ৰাডাই ঘোষণা কৰে যে চং কাঙক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিৰ্বাচন কৰা হৈছে।[32] [33] [34]
২০২২ চনত চং কাঙক ববি ব্ৰাউন কচমেটিক্সৰ এছিয়া-পেচিফিক অঞ্চলৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত কৰা হৈছিল।[35] [36]
সেই বছৰতে চং কাঙক পেনশপ্ৰ গ্ল’বেল এম্বেচেডৰ হিচাপেও ঘোষণা কৰা হৈছিল।[37]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১৮ | বিউটিফুল ভেম্পায়াৰ | লি চো-নিয়ন | |
| ২০২৪ | এস্কেপ | চন ৱু-মিন | বিশেষ উপস্থিতি |
দূৰদৰ্শন ধাৰাবাহিক
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৭ | দ্য লায়াৰ এণ্ড হিজ লাভাৰ | বেক জিন-উ | [4] | |
| ২০১৭–২০১৮ | মেন ইন দ্য কিচেন | কিম উ-জু | [5] | |
| ২০১৯ | টাচ ইয়ৰ হাৰ্ট | ডেলিভাৰীমেন | কেমিঅ’ (খণ্ড ১৩) | [38] |
| হোৱেন দ্য ডেবিল কলছ্ ইয়ৰ নেম | লুকা | [12] | ||
| ২০১৯–২০২১ | লাভ এলাৰ্ম | হোৱাং ছান-অ’ | ছিজন ১–২ | [13] |
| ২০২০–২০২৪ | ছুইট হোম | চা হিউন-ছু | ছিজন ১–৩ | [18][39] |
| ২০২১ | নাভিলেৰা | লি চে-ৰক | [23] | |
| নেভাৰদালেছ | পাৰ্ক জে-অ’ন | [25] | ||
| ২০২২ | ফ’ৰকাষ্টিং লাভ এণ্ড ওৱেদাৰ | লি ছি-উ | [27] | |
| ২০২৩–২০২৪ | মাই ডেমন | জং গু-ৱন | [28] | |
| ২০২৬ | ফ’ৰ হেণ্ডছ | কাং বি-অ’ | [40] |
দূৰদৰ্শন অনুষ্ঠান
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৮ | ইনকিগায়ো | আয়োজক | খণ্ড ৯৪৫–৯৭৯ | [8] |
| ২০১৮–২০১৯ | ভিলেজ ছাৰ্ভাইভেল, দি এইট | অভিনয় শিল্পী | [9] | |
| ২০২৪ | আই-লেণ্ড ২ | কাহিনী কওঁতা | [41] |
ৱেব শ্ব’
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৮ | আই অপ্পা ড’ন্ট ন’ | অভিনয় শিল্পী | ষ্টুডিঅ' লুলু লালা | [42] |
মিউজিক ভিডিঅ'ত উপস্থিতি
[সম্পাদনা কৰক]| বৰ্ষ | গীতৰ শীৰ্ষক | শিল্পী | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১৭ | "ছুইট ছামাৰ নাইট" | দ্য এডে | [6] |
| "লাভ ষ্ট’ৰী" | ছুৰান | [7] | |
| ২০১৯ | "কল মি বেক" | ভাইব | [16] |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | শিতান | কাম | ফলাফল |
|---|---|---|---|---|
| ২০১৮ | এছ.বি.এছ. এণ্টাৰটেইনমেণ্ট এৱাৰ্ডচ | ৰুকী এৱাৰ্ড (পুৰুষ) | ভিলেজ চাৰ্ভাইভেল, দি এইট | মনোনীত |
| ২০২১ | এছিয়া কণ্টেণ্টচ এৱাৰ্ডচ | নিউকামাৰ (পুৰুষ) | নাভিলেৰা, চুইট হোম | বিজয়ী |
| ২০২১ | বেইকচাং আৰ্টচ এৱাৰ্ডচ | শ্ৰেষ্ঠ নতুন অভিনেতা (দূৰদৰ্শন) | চুইট হোম | মনোনীত |
| ২০২৩ | এছ.বি.এছ. ড্ৰামা এৱাৰ্ডচ | শ্ৰেষ্ঠ অভিনেতা (ৰোমাণ্টিচ কমেডী) | মাই ডেমন | বিজয়ী |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jeon, Hyo-jin (April 8, 2017). "ko:[루키인터뷰: 얘 어때?② 송강, 수많은 아이돌 캐스팅 뿌리치고 배우가 된 이유"] (ko ভাষাত). Sports Donga. https://sports.donga.com/ent/article/all/20170407/83747866/2। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ "How Song Kang became the 'son of Netflix'". South China Morning Post. June 22, 2021. https://www.scmp.com/magazines/style/celebrity/article/3138301/how-song-kang-became-son-netflix-k-drama-king-starred। আহৰণ কৰা হৈছে: February 24, 2022.
- ↑ Kim Jae-won (December 28, 2016). "나무엑터스 송강-이유진, 업계엔 이미 소문난 특급 신인 [Namoo Actors’ Song Kang and Lee You-jin, Rookie Actors Already Rumored in the Industry as Top-Class Newcomers]" (ko ভাষাত). Sports World. https://www.sportsworldi.com/newsView/20161228002776?OutUrl=naver। আহৰণ কৰা হৈছে: November 18, 2025.
- ↑ 4.0 4.1 Jung, Ji-won (March 19, 2017). "ko:'그거너사' 조이, 사랑의 큐피트 변신...상큼미 가득" (ko ভাষাত). ChosunMedia. https://chosun.com/site/data/html_dir/2017/03/19/2017031900611.html। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 5.0 5.1 Jung, An-ji (August 24, 2018). "ko:송강 "'밥상 차리는 남자' 우주 역, 정말 잘 해내고 싶다" [화보"] (ko ভাষাত). ChosunMedia. https://chosun.com/site/data/html_dir/2017/08/24/2017082401013.html। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 6.0 6.1 Jo, Hye-won (July 18, 2017). "ko:송강-전유림, '디에이드' MV 남녀 주인공으로 발탁! 풋풋한 매력 발산!" (ko ভাষাত). iMBC. https://enews.imbc.com/News/RetrieveNewsInfo/210347। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 7.0 7.1 Kim, Hae-in (November 10, 2017). "ko:수란의 '러브스토리', 송강·박지현 누구?...떠오르는 신예★" (ko ভাষাত). The Korea Economic Daily. https://www.hankyung.com/entertainment/article/2017111097114। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 8.0 8.1 Kim, Sung-won (February 13, 2018). "ko:[공식'인기가요' 민규X정채연X송강 새 MC 발탁, 18일 첫 선"] (ko ভাষাত). ChosunMedia. http://news.chosun.com/site/data/html_dir/2018/02/13/2018021301054.html। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 9.0 9.1 Lee, Yu-na (November 24, 2018). "ko:'미추리 8-1000' 송강 '예능 새내기→웃음 사냥꾼' 변신 '하드캐리'" (ko ভাষাত). The Chosun Ilbo. http://news.chosun.com/site/data/html_dir/2018/11/24/2018112400617.html। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ Kang, Min-kyung (December 29, 2018). "ko:이승기, 'SBS 연예대상' 대상 수상 "제 능력으로 받은 것 아냐" [종합"] (ko ভাষাত). Star News. https://www.starnewskorea.com/stview.php?no=2018122900264922371। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ Jung, An-ji (December 12, 2018). "ko:[공식 신예 송강, 웹드라마 '뷰티풀 뱀파이어' 주연 캐스팅"] (ko ভাষাত). ChosunMedia. http://news.chosun.com/site/data/html_dir/2018/02/12/2018021200671.html। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 12.0 12.1 Nam, Jae-ryul (February 15, 2019). "ko:송강, '악마가 너의 이름을 부를 때' 캐스팅..정경호 어시스턴트 役 [공식입장"] (ko ভাষাত). https://entertain.naver.com/read?oid=109&aid=0003952846। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ 13.0 13.1 Choi, Bo-ran (September 17, 2018). "ko:[단독 송강, '좋아하면 울리는' 남주인공 낙점...김소현과 호흡"] (ko ভাষাত). YTN. https://entertain.naver.com/read?oid=052&aid=0001194265। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ Kim, Hyun-rok (August 20, 2019). "ko:'좋아하면 울리는' 송강 "900대1 뚫었다? 후회없이 오디션"" (ko ভাষাত). SpoTvNews. http://www.spotvnews.co.kr/?mod=news&act=articleView&idxno=310923। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ Adan, Maggie (August 30, 2019). "An Honest Review Of 'Love Alarm'". Cosmopolitan Philippines. https://www.cosmo.ph/entertainment/honest-review-love-alarm-a1204-20190831-lfrm। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ 16.0 16.1 Woo, Bin (November 14, 2019). "ko:송강, 바이브 '이 번호로 전화해줘' MV 속 잘생김에 여심 흔들" (ko ভাষাত). The Korea Economic Daily. https://www.hankyung.com/entertainment/article/2019111469474। আহৰণ কৰা হৈছে: December 20, 2019.
- ↑ 17.0 17.1 Lim, Jang-won (December 23, 2020). "'Sweet Home' actor Song Kang rises to Netflix stardom". The Korea Herald. http://www.koreaherald.com/view.php?ud=20201223000820। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ 18.0 18.1 Kim, Jin-suk (April 5, 2019). "ko:[단독송강, 이응복 감독의 '스위트홈' 주인공"] (ko ভাষাত). JTBC. http://news.jtbc.joins.com/article/article.aspx?news_id=NB11796350। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ Christopher, Kavya (January 7, 2021). "Sweet Home Season 1 Review: A gripping tale that leaves you wanting to devour more". The Times of India. https://timesofindia.indiatimes.com/web-series/reviews/international/sweet-home/season-1/seasonreview/79737390.cms। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ Lee, Gyu-lee (December 27, 2020). "Netflix's 'Sweet Home' soars in streaming ranking worldwide". The Korea Times. https://www.koreatimes.co.kr/entertainment/shows-dramas/20201227/netflixs-sweet-home-soars-in-streaming-ranking-worldwide। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ Frater, Patrick (January 19, 2021). "East Asian Series Score Global Audiences on Netflix (Exclusive)". Variety. https://variety.com/2021/streaming/asia/asian-series-global-audiences-netflix-1234887766/। আহৰণ কৰা হৈছে: February 26, 2021.
- ↑ "57th Baeksang Arts Awards Nominees Announced". Soompi. April 12, 2021. https://www.soompi.com/article/1465713wpp/57th-baeksang-arts-awards-nominees-announced। আহৰণ কৰা হৈছে: May 10, 2024.[সংযোগবিহীন উৎস]
- ↑ 23.0 23.1 Go, Soo-jin (November 9, 2020). eNews24 (TVing). http://enews24.tving.com/news/article?nsID=1352834.
- ↑ MacDonald, Joan (March 28, 2021). "Song Kang Talks About His Drama Roles And Dancing In 'Navillera'". Forbes. https://www.forbes.com/sites/joanmacdonald/2021/03/28/song-kang-talks-about-his-drama-roles-and-dancing-in-navillera/। আহৰণ কৰা হৈছে: April 30, 2021.
- ↑ 25.0 25.1 Lee, Gyu-lee (May 30, 2021). "From 'Hospital Playlist' to 'Penthouse,' hit TV series' new seasons set to air in June". The Korea Times. https://www.koreatimes.co.kr/www/art/2021/05/688_309635.html। আহৰণ কৰা হৈছে: June 19, 2021.
- ↑ "Here Are the 10 Most-Viewed Korean Series on Netflix in 2021". Forbes. https://www.forbes.com/sites/danafeldman/2021/12/10/here-are-the-10-most-viewed-korean-dramas-on-netflix-in-2021/?sh=1070e2802e08। আহৰণ কৰা হৈছে: February 24, 2022.
- ↑ 27.0 27.1 Lee, Gyu-lee (June 21, 2021). "Park Min-young to star in new series from 'When the Camellia Blooms' director". The Korea Times. https://www.koreatimes.co.kr/www/art/2024/05/398_310861.html। আহৰণ কৰা হৈছে: June 22, 2021.
- ↑ 28.0 28.1 MacDonald, Joan (November 22, 2023). "Kim Yoo-jung And Song Kang Team Up For Fantasy Romance ‘My Demon’". Forbes. https://www.forbes.com/sites/joanmacdonald/2023/11/22/kim-yoo-jung-and-song-kang-team-up-for-fantasy-romance-my-demon/। আহৰণ কৰা হৈছে: May 10, 2024.
- ↑ "'Sweet Home' star Song Kang to begin military service in April". The Korea Times. February 29, 2024. https://www.koreatimes.co.kr/www/art/2024/02/398_369780.html। আহৰণ কৰা হৈছে: February 29, 2024.
- ↑ Lee, Sook-hee (October 14, 2025). (ko ভাষাত)Job Post. https://www.job-post.co.kr/news/articleView.html?idxno=182946.
- ↑ "ko:바닐라코, 배우 송강 브랜드 모델로 발탁... 밝은 에너지 · 조각같은 미모에 주목" (ko ভাষাত). Money S. January 23, 2020. https://www.moneys.co.kr/news/mwView.php?no=2020012213408022788.
- ↑ "Instagram" (ko ভাষাত). Esquire Korea on Instagram. June 20, 2021. https://www.instagram.com/p/CQVZfZSjdx3/?igshid=NTc4MTIwNjQ2YQ%3D%3D। আহৰণ কৰা হৈছে: May 10, 2023.
- ↑ "Livesteam: Watch the Prada FW'23 Show Attended by Song Kang and Cai Xu Kun". Elle Singapore. February 22, 2023. Archived from the original on May 17, 2023. https://web.archive.org/web/20230517150753/https://elle.com.sg/2023/02/22/livestream-watch-the-prada-fw23-show-attended-by-song-kang-and-cai-xu-kun/। আহৰণ কৰা হৈছে: May 10, 2023.
- ↑ "Prada Ambassador Hunter Schafer, Prada Ambassador SongKang and Olivia Cooke attend the #PradaFW23 runway show presented by #MiucciaPrada and #RafSimons.". MetaInstagram. February 24, 2023. https://www.instagram.com/p/CpChzlGD9bM/। আহৰণ কৰা হৈছে: May 10, 2023.
- ↑ "Song Kang Is Bobbi Brown's Newest Brand Ambassador". Harper's Bazaar Singapore. August 31, 2022. https://www.harpersbazaar.com.sg/beauty/song-kang-is-bobbi-browns-newest-brand-ambassador/.
- ↑ "Bobbi Brown Asia Pacific Signs Actor of the Moment Song Kang". Bobbi Brown Cosmetics Hongkong. Archived from the original on May 10, 2023. https://web.archive.org/web/20230510142841/https://www.bobbibrown.com.hk/songkang2022। আহৰণ কৰা হৈছে: May 10, 2023.
- ↑ "Exclusive: K-actor Song Kang is Penshoppe's newest ambassador". CNNCNN Philippines. February 18, 2022. Archived from the original on May 10, 2023. https://web.archive.org/web/20230510143606/https://www.cnnphilippines.com/life/style/fashion/2022/2/18/song-kang-penshoppe-exclusive-interview.html। আহৰণ কৰা হৈছে: November 20, 2025.
- ↑ "'진심이 닿다' 송강, 퀵서비스 기사로 특별출연...여심 스틸러 등극" (ko ভাষাত). The Chosun Ilbo. March 21, 2019. https://chosun.com। আহৰণ কৰা হৈছে: August 23, 2019.
- ↑ "'스위트홈' 시즌2·시즌3 동시 제작...송강→오정세 출연 확정 [공식"] (ko ভাষাত). Edaily. June 15, 2022. https://naver.com। আহৰণ কৰা হৈছে: June 15, 2022.
- ↑ "'전역' 송강 다시 고등학생…'포핸즈' 이준영-장규리 음악 천재 된다 [공식"] (ko ভাষাত). Sports Donga. January 26, 2026. https://donga.com। আহৰণ কৰা হৈছে: January 26, 2026.
- ↑ ""입대 전 마지막 활동" 송강, '아이랜드2' 스토리텔러 맡아" (ko ভাষাত). Sports Chosun. March 11, 2024. https://chosun.com। আহৰণ কৰা হৈছে: August 31, 2024.
- ↑ "[DAY컷 '이옵빠몰까'이상형 종합 선물 세트 포스터 공개"] (ko ভাষাত). Sports Donga. March 7, 2018. https://naver.com। আহৰণ কৰা হৈছে: February 8, 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ছং কাং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ছং কাং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
