সমললৈ যাওক

ছউ ছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাউ ছা
စောဆ

খোদিত কাঠৰ চকী এখনত বহি থকা এগৰাকী বাৰ্মিজ যুৱতী; বগা পোছাকৰ ওপৰত তাই এম্ব্ৰয়ডাৰী কৰা চোলা এটা পিন্ধিছে।
১৯২২ চনত প্ৰকাশিত ছউ ছা
ব্যক্তিগত তথ্য
জন্ম ১ আগষ্ট, ১৮৮৪
প্ৰ’ম, বৃটিছ বাৰ্মা
মৃত্যু ২৮ ফেব্ৰুৱাৰী, ১৯৬২ (৭৭ বছৰ)
Wednesday, 9th waning of Tabodwe 1323 ME
ৰেংগুন, বাৰ্মা
ৰাষ্ট্ৰীয়তা বাৰ্মিজ
শিক্ষা ইউনিভাৰ্চিটি অফ কেলকাট্টা, (MB)
ৰয়েল কলেজ অৱ চাৰ্জন আয়াৰলেণ্ড (FRCS)
পেচা চিকিৎসক, হস্পিতাল প্ৰশাসক, চৰকাৰী বিষয়া

ছাউ ছা এফ আৰ চি এছ/এম বি ই, (ইংৰাজী: Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া। ডাঃ ছউ ছা আছিল উচ্চ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী বাৰ্মিজ মহিলা, আৰু ঔপনিৱেশিক সংসদৰ উচ্চ সদনত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ছউ ছা বাৰ্মিজ খ্ৰীষ্টান পিতৃ-মাতৃৰ কন্যা আছিল.[1]। তেওঁৰ পিতৃ প’ ছ প্ৰ’মৰ এজন চৰকাৰী বিষয়া (উণ্ডাউক) আছিল।[2] ব্ৰিটিছ বাৰ্মাৰ ৰেংগুনৰ বেপ্টিষ্ট পৰিচালিত জুডছন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। কলিকতাৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ তেওঁ মিছনেৰী বৃত্তি লাভ কৰে,[3] য'ত তেওঁ ১৯১১ চনত চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী বাৰ্মিজ মহিলা হিচাপে পৰিগণিত হয়।[4] ডাবলিনৰ ৰয়েল কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনত জনস্বাস্থ্যৰ অধিক প্ৰশিক্ষণ লাভ কৰে, য'ত তেওঁ "ফেল'শ্বিপ লাভ কৰা প্ৰথম বাৰ্মিজ ছাত্ৰী" আছিল।[5]

চিকিৎসা কেৰিয়াৰ আৰু মিছন কাৰ্যকলাপ

[সম্পাদনা কৰক]

১৯১৩ চনত ৰেংগুনলৈ উভতি অহাৰ সময়ত ছউ ছা বাৰ্মাৰ একমাত্ৰ মহিলা চিকিৎসক বুলি কোৱা হৈছিল। ১৯১৪ চনৰ পৰা ১৯২১ চনলৈকে তেওঁ ৰেংগুনৰ লেডী ডাফেৰিন প্ৰসূতি চিকিৎসালয়ৰ অধীক্ষক আছিল। চিকিৎসালয়খনৰ নাৰ্ছসকলৰ ভিতৰত তেওঁৰ ভনীয়েক আৰু ভাগিনীয়েক আছিল।[6] তেওঁ মিডৱাইফাৰী (১৯২১) নামৰ এখন পাঠ্যপুথি প্ৰকাশ কৰে।[7] ১৯২১ চনৰ পিছত ৰেংগুনত তেওঁৰ ব্যক্তিগত চিকিৎসালয় আছিল[8] আৰু এখন চেৰিটি হাস্পতাল চলাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধত মৃত্যু হোৱা লোকৰ চিকিৎসা কৰিছিল।[9]

১৯২১ চনত ছউ ছাই আমেৰিকা ভ্ৰমণ কৰে। তেওঁ আইঅ’ৱাৰ ডেচ মইনেছত অনুষ্ঠিত হোৱা উইমেনছ আমেৰিকান বেপ্টিষ্ট ফৰেইন মিছনেৰী ছ'চাইটিৰ সমাৱেশত অংশ লৈছিল,[10] ভাৰত আৰু বাৰ্মাত সংস্থাটোৰ কামক প্ৰতিনিধিত্ব কৰিছিল।[3][5] অধিৱেশনলৈ যোৱাসকলে তেওঁক ৰেংগুনৰ মিছন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকললৈ ঘূৰাই নিবলৈ প্ৰায় ৮০০ ইংৰাজী ভাষাৰ খণ্ড আৰু আলোচনীৰ চাবস্ক্ৰিপচনৰ গ্ৰন্থ উপহাৰ (বুক শ্বাৱাৰ) দিছিল।[11] নিউয়ৰ্কৰ লেক মহংকত আন্তৰ্জাতিক মিছনেৰী পৰিষদৰ বৈঠকত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল[12]। জনছ হপকিন্স বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধিক অধ্যয়ন কৰে।[13][14] কোৱা হয় যে তেওঁ প্ৰথমগৰাকী বাৰ্মিজ মহিলা যিয়ে "বিশ্ব ভ্ৰমণ কৰিছিল"।[15]

ৰাজনীতি

[সম্পাদনা কৰক]

১৯২৬ চনত গঠন হোৱাৰ সময়ত অল-বাৰ্মা বেপ্টিষ্ট উইমেন মিছনেৰী ছ’চাইটিৰ কাৰ্যবাহী সমিতিৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।[8] ১৯২৭ চনত তেওঁ ফাৰ ইষ্টাৰ্ন এছ'চিয়েচন অৱ ট্ৰপিকেল মেডিচিনৰ সপ্তম কংগ্ৰেছৰ বাৰ্মা স্থানীয় সমিতিত কাৰ্যনিৰ্বাহ কৰে।[16] ১৯৩৪ চনত বাৰ্মাত, লণ্ডনৰ উইমেনছ ফ্ৰিডম লীগ ক্লাবত,[17] আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত বাৰ্মা ভাৰতৰ পৰা প্ৰশাসনিকভাৱে পৃথক হোৱাৰ বিষয়ে সভাত প্ৰতিনিধি হৈ থকাৰ সময়তে তেওঁ বাৰ্মাত বিবাহিত মহিলাৰ ভোটাধিকাৰৰ সপক্ষে কথা কয়।[18][19] "আমি অন্য অৰ্হতাৰ ওপৰত ভোট দিয়া সকলো পুৰুষৰ পত্নীৰ বাবে নাৰী ভোটাধিকাৰ দাবী কৰোঁ," তেওঁ ঘোষণা কৰে আৰু লগতে কয় যে "পুৰুষৰ সৈতে সমান মৰ্যাদাৰ নীতিত আমি মহিলাৰ বাবে আসন সংৰক্ষিত কৰাৰ একেবাৰেই পক্ষপাতী নহয়।"[20] ১৯৩৭ চনত ছউ ছা বাৰ্মিজ চেনেটৰ উচ্চ সদনলৈ নিৰ্বাচিত হয়, তেওঁ ইয়াৰ প্ৰথম মহিলা বিধায়িকা।[9][21]

১৯৩৫ চনৰ ৩ জুনত ডাঃ ছ' ছাই এম বি ই লাভ কৰে।[22]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬২ চনৰ ২৮ ফেব্ৰুৱাৰীত ছাউ ছাৰ মৃত্যু হয়; তেওঁৰ বয়স আছিল ৭৭ বছৰ (৭৮ বছৰত)।[9]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. McConnell, Alexander; Moody, William Revell; Fitt, Arthur Percy (1917). "The First Burmese Woman to Get a College Education". Record of Christian Work খণ্ড 36: 336. https://books.google.com/books?id=UOotL7RBitkC&q=%22Ma%20Saw%20Sa%22%20died&pg=PA336. 
  2. Howard, Randolph Levi; Northern Baptist Convention. Board of Education (c. 1931). Baptists in Burma [microform]. Internet Archive. Philadelphia, Boston : The Judson press. পৃষ্ঠা. 99. http://archive.org/details/MN41598ucmf_3. 
  3. 3.0 3.1 "Only Burmese Girl Physician is Here". The Des Moines Register: পৃষ্ঠা 5. June 23, 1921. https://www.newspapers.com/clip/38540644/ma_saw_sa_1921/. 
  4. Crawford, Fred Erastus (1945). Your grandmother, a memoir of Mattie Coolidge Crawford, by Fred E. Crawford.. Allen County Public Library Genealogy Center. [Watertown, Mass.]: Priv. print., 1945.. পৃষ্ঠা. 120. https://archive.org/details/yourgrandmotherm00craw. 
  5. 5.0 5.1 Adams, Belle K. (January 28, 1922). "Dr. Ma Saw Sa". The Woman Citizen খণ্ড 6: 10. https://books.google.com/books?id=IohLAAAAYAAJ&pg=RA1-PA90. 
  6. Grose, Howard Benjamin (December 1923). "Ma Saw Sa's Hospital and Clinic in Rangoon, Burma". Missions খণ্ড 14: 675. https://books.google.com/books?id=6ZnNAAAAMAAJ&q=%22Ma+Saw+Sa%22&pg=PA675. 
  7. Schwertner, Siegfried M. Burma Bibliographical Project Archived 2020-02-09 at the Wayback Machine. p. S30.
  8. 8.0 8.1 Prescott, Nellie G.; Northern Baptist Convention. Board of Education (1926). The Baptist family in foreign mission fields [microform]. Internet Archive. Philadelphia, Boston : The Judson Press. পৃষ্ঠা. 19–20, 49–50. http://archive.org/details/MN41789ucmf_5. 
  9. 9.0 9.1 Wei Yan Aung (2019-02-28). "On This Day: Daw Saw Hsa, Myanmar's First Female Surgeon and Lawmaker" (en-US ভাষাত). The Irrawaddy. https://www.irrawaddy.com/specials/women/daw-saw-hsa-myanmars-first-female-surgeon-lawmaker.html। আহৰণ কৰা হৈছে: 2019-11-07. 
  10. Peabody, Mrs. H. W. (June 1921). "Women who are Transforming the Orient". Missionary Review খণ্ড 44: 475–476. https://books.google.com/books?id=SCVXAAAAYAAJ&q=%22Ma%20Saw%20Sa%22&pg=PA475. 
  11. Grose, Howard Benjamin (April 1923). "Letter from Dr. Ma Saw Sa". Missions খণ্ড 14: 237. https://books.google.com/books?id=6ZnNAAAAMAAJ&q=%22Ma+Saw+Sa%22&pg=PA675. 
  12. Peabody, Mrs. H. W. (1921). "Woman's Foreign Mission Bulletin: With One Accord, in One Place". Missionary Review খণ্ড 44: 963. https://books.google.com/books?id=SCVXAAAAYAAJ&q=%22Ma%20Saw%20Sa%22&pg=PA963. 
  13. "Receives Degree". Arizona Daily Star: পৃষ্ঠা 12. November 17, 1921. https://www.newspapers.com/clip/38581651/ma_saw_sa_1921/. 
  14. Michels, John (September 23, 1921). "Scientific News and Notes". Science খণ্ড 54: 272. https://books.google.com/books?id=mgcTAAAAYAAJ&q=%22Ma%20Saw%20Sa%22%20died&pg=PA272. 
  15. "A Notable Burmese Woman". The Mercury: পৃষ্ঠা 10. September 6, 1922. https://trove.nla.gov.au/newspaper/page/1779139. 
  16. Thacker Directories Limited (1927). Guide To The Seventh Congress Of The Far Eastern Association Of Tropical Medicine. পৃষ্ঠা. 60. https://archive.org/details/in.ernet.dli.2015.78404. 
  17. "Burmese Women, Interesting Facts". The Maitland Daily Mercury: পৃষ্ঠা 3. March 1, 1934. https://trove.nla.gov.au/newspaper/article/126699639?searchTerm=%22Ma%20Saw%20Sa%22&searchLimits=. 
  18. Ingham, Harvey (January 19, 1934). "World in Spots: The Women of Burma". The Des Moines Register: পৃষ্ঠা 6. https://www.newspapers.com/clip/5095906/the_des_moines_register/. 
  19. "Delegates' Memoranda on Main Problems". Sunday Tribune (Singapore): পৃষ্ঠা 7. April 8, 1934. http://eresources.nlb.gov.sg/newspapers/Digitised/Article/sundaytribune19340408-1.2.55. 
  20. "Wifehood Vote; Burmese Delegates' Claim". The Telegraph (Brisbane): পৃষ্ঠা 9. May 15, 1934. https://trove.nla.gov.au/newspaper/article/184721454?searchTerm=%22Ma%20Saw%20Sa%22&searchLimits=. 
  21. Kolås, Åshild (2019-06-17) (en ভাষাত). Women, Peace and Security in Myanmar: Between Feminism and Ethnopolitics. Routledge. ISBN 9781000300833. https://books.google.com/books?id=uh-eDwAAQBAJ&q=%22Dr.%20Saw%20sa%22&pg=PT17. 
  22. India Office and Burma Office List 1945: 101