সমললৈ যাওক

ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় (CSMVS)

ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয়ৰ সন্মুখভাগ
প্ৰতিষ্ঠা ১০ জানুৱাৰী ১৯২২; ১০৪ বছৰ আগত (1922-01-10)
অৱস্থিতি মহাত্মা গান্ধী পথ, ফোৰ্ট, মুম্বাই
স্থানাংক 18°55′36″N 72°49′56″E / 18.926667°N 72.832222°E / 18.926667; 72.832222
প্ৰকাৰ পুৰাতাত্বিক, শিল্প আৰু প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়
সঞ্চালক সব্যসাচী মুখাৰ্জী
ৰাজহুৱা পৰিবহন ছত্ৰপতি শিৱাজী টাৰ্মিনাচ; চাৰ্চগেট ৰেল ষ্টেচন
ৱেবছাইট csmvs.in
চৰ্ত সাংস্কৃতিক: (ii) (iv)
নিৰ্ধাৰিত 2018 (43rd session)
অংশ ভিক্টোৰিয়ান গথিক আৰু আৰ্ট ডেকো
প্ৰসংগ  সংখ্যা 1480

ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় (ইংৰাজী: Chhatrapati Shivaji Maharaj Vastu Sangrahalaya; সংক্ষিপ্ত ৰূপ: CSMVS) মুম্বাই (বম্বে)ৰ এটা সংগ্ৰহালয় য’ত প্ৰাগঐতিহাসিক কালৰ পৰা পৰা আধুনিক সময়লৈকে ভাৰতৰ ইতিহাসৰ নথিভুক্ত কৰা হয়। পূৰ্বতে ই পশ্চিম ভাৰতৰ প্ৰিন্স অৱ ৱেলছ সংগ্ৰহালয় নামেৰে জনাজাত আছিল।[1]

ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত কুৰি শতিকাৰ আৰম্ভণিৰ বছৰবোৰত তেতিয়াৰ বম্বে নামৰ চহৰখনৰ বিশিষ্ট নাগৰিকসকলে চৰকাৰৰ সহায়ত ৱেলছৰ ৰাজকুমাৰৰ (পৰৱৰ্তী সময়ত যুক্তৰাজ্যৰ ৰজা পঞ্চম জৰ্জ, ভাৰতৰ সম্ৰাট) ভ্ৰমণৰ স্মৃতিত এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিছিল। ই দক্ষিণ মুম্বাইৰ মাজমজিয়াত গেটৱে ইণ্ডিয়াৰ ওচৰত অৱস্থিত। ১৯৯৮ চনত এই সংগ্ৰহালয়ৰ নাম সলনি কৰি মাৰাঠা ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ নামেৰে ৰখা হয়।

এই ভৱন ইণ্ডো-ছাৰাচেনিক বাস্তুকলা শৈলীত নিৰ্মিত, য’ত মোগল, মাৰাঠা আৰু জৈন আদি স্থাপত্যৰ অন্যান্য শৈলীৰ উপাদানসমূহ সন্নিবিষ্ট কৰা হৈছে। সংগ্ৰহালয় ভৱনটো তালগছৰ বাগিচা আৰু ফুলনিৰে আৱৰা।

সংগ্ৰহালয়টোত প্ৰাচীন ভাৰতীয় ইতিহাসৰ প্ৰায় ৫০,০০০ প্ৰদৰ্শনৰ লগতে বিদেশী ভূমিৰ পৰা সংগৃহীত সামগ্ৰীও আছে, যিবোৰক মূলতঃ শিল্প, পুৰাতত্ত্ব আৰু প্ৰাকৃতিক ইতিহাস- এই তিনি ভাগত ভাগ কৰা হৈছে। ইয়াত সিন্ধু উপত্যকা সভ্যতাৰ শিল্পকৰ্ম, লগতে গুপ্ত, মৌৰ্য, চালুক্য আৰু ৰাষ্ট্ৰকুটৰ সময়ৰ প্ৰাচীন ভাৰতৰ অন্যান্য অৱশেষ সংৰক্ষণ কৰা হৈছে।[2]

১৯০৪ চনত বম্বেৰ কিছুমান আগশাৰীৰ নাগৰিকে ৱেলছৰ ৰাজকুমাৰ, ভৱিষ্যতৰ ৰজা পঞ্চম জৰ্জৰ ভ্ৰমণৰ স্মৃতিত এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়।

১৯০৫ চনৰ ১১ নৱেম্বৰত ৱেলছৰ ৰাজকুমাৰে আধাৰশিলা স্থাপন কৰে আৰু সংগ্ৰহালয়টোক আনুষ্ঠানিকভাৱে "প্ৰিন্স অফ ৱেলচ মিউজিয়াম অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া" নামেৰে নামাকৰণ কৰা হয়। ১৯০৭ চনৰ ১ মাৰ্চত বম্বে প্ৰেচিডেন্সিৰ চৰকাৰে সংগ্ৰহালয় সমিতিখনক "ক্ৰিচেণ্ট চাইট" নামৰ ভূমিৰ এটা অংশ প্ৰদান কৰে, য'ত বৰ্তমান সংগ্ৰহালয়টো আছে। মুকলি ডিজাইন প্ৰতিযোগিতাৰ পিছত ১৯০৯ চনত স্থপতিবিদ জৰ্জ ৱিটেটক সংগ্ৰহালয় ভৱনটোৰ ডিজাইনৰ দায়িত্ব দিয়া হয়। ইতিমধ্যে ৱিটেটে জেনেৰেল পোষ্ট অফিচৰ ডিজাইনৰ কাম কৰিছিল আৰু ১৯১১ চনত মুম্বাইৰ অন্যতম প্ৰসিদ্ধ স্থাপত্য গেটৱে অফ ইণ্ডিয়াৰ ডিজাইন কৰিছিল।[3]

সংগ্ৰহালয়ৰ সংগ্ৰহত প্ৰায় ৫০,০০০ টা শিল্পকৰ্ম আছে। সংগ্ৰহালয়টোৰ সংগ্ৰহক মূলতঃ শিল্প, পুৰাতাত্ত্বিক আৰু প্ৰাকৃতিক ইতিহাস- এই তিনিটা ভাগত ভাগ কৰা হৈছে। সংগ্ৰহালয়টোত এটা বন বিভাগো আছে, য'ত বম্বে প্ৰেচিডেন্সি (ব্ৰিটিছ ভাৰত)ত উৎপাদিত কাঠৰ নমুনা ৰখা হৈছে আৰু এটা বিভাগত শিল, খনিজ আৰু জীৱাশ্মৰ সৰু স্থানীয় ভূবৈজ্ঞানিক সংগ্ৰহ প্ৰদৰ্শন কৰা হৈছে।[4] নৌ পৰিবহণৰ সৈতে জড়িত বস্তু প্ৰদৰ্শন কৰা সামুদ্ৰিক ঐতিহ্য গেলেৰী "ভাৰতত এই ধৰণৰ প্ৰথম" সংগ্ৰহ।[5] ২০০৮ চনত সংগ্ৰহালয়টোৱে দুটা নতুন গেলেৰী স্থাপন কৰে, য'ত "কাৰ্ল আৰু মেহেৰবাই খাণ্ডালৱালা সংগ্ৰহ" আৰু "ভাৰতৰ মুদ্ৰা" প্ৰদৰ্শিত হৈছে।

মূৰ্তিকলা গেলাৰী

[সম্পাদনা কৰক]

পুৰাতাত্ত্বিক সংগ্ৰহসমূহ প্ৰথমে অগ্ৰণী পুৰাতত্ত্ববিদ ছাৰ হেনৰী কৌচেন্স আৰু ছাৰ জন মাৰ্শ্বলে আৰম্ভ কৰিছিল। গুৰুত্বপূৰ্ণ ভাস্কৰ্য্যসমূহৰ ভিতৰত আছে- কৌচেন্সে খনন কৰা মিৰপুৰখাৰ পৰা সংগৃহীত গুপ্ত যুগৰ টেৰাকোটা আৰু ইটা, গান্ধাৰৰ বৃহৎ সংখ্যক বৌদ্ধ প্ৰতিমূৰ্তি আৰু ঐহোলৰ এটা জৰাজীৰ্ণ মন্দিৰৰ মুধচ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]