ছন্দ
| এই প্ৰবন্ধ বা অংশটো সম্ভৱত কোনো কিতাপ নাইবা ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰা হৈছে, যিটোৱে ৱিকিপিডিয়া কপিৰাইট নীতি উলংঙ্ঘা কৰা সূচাইছে। অনুগ্ৰহ কৰি এইটো পৰিষ্কাৰ অথবা প্ৰবন্ধটোৰ প্ৰতিলিপি কৰা তথ্য সম্পাদনা কৰি অ-মুক্ত কপিৰাইটযুক্ত সমলসমূহ আঁতৰ অথবা বিলোপ জাননী প্ৰদান কৰি ৱিকিপিডিয়াক সহায় কৰক। |
ভাৰতীয় অলংকাৰ শাস্ত্ৰৰ বিভিন্ন তাত্ত্বিক দিশবিলাকৰ ভিতৰত ছন্দ অন্যতম। কাব্য সৃষ্টিৰ অন্তৰালত বা কাব্যৰ সৌন্দৰ্য পানৰ ক্ষেত্ৰত যিদৰে ৰস, ধ্বনি, বক্ৰোক্তি, অলংকাৰ আদিয়ে স্বকীয় ভূমিকা পৰিগ্ৰহণ কৰে, ঠিক তেনেদৰে ছন্দইও কাব্যৰ শৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিনৱত্ব গ্ৰহণ কৰে। প্ৰকৃতাৰ্থত ছন্দ এক প্ৰকাৰৰ সৌন্দৰ্য, যি শব্দ বিন্যাসৰ প্ৰকাৰৰ ফলত জন্ম হয়। সাধাৰণ অৰ্থত শব্দৰ নিয়মিত বিন্যাস-ব্যৱস্থাৰ মাজেদি কাব্যৰ লয়পূৰ্ণ সৌন্দৰ্য সাধনকেই ছন্দ বুলি অভিহিত কৰিব পৰা যায়।[1]অসমীয়া সাহিত্যত ছন্দক সাধাৰণতে দুটা ভাগত ভগোৱা হয়। মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ।[2] যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষ আখৰৰ ধ্বনি গত মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে আনহাতে যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনি গত মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে।
মিত্ৰাক্ষৰ ছন্দ
[সম্পাদনা কৰক]মিত্ৰাক্ষৰ ছন্দৰ ভিতৰত পদ,দুলৰী, ছবি, লেচাৰি,ঝুমুৰা,ঝুনা, আদি। [3]
পয়াৰ বা পদ ছন্দ (৮+৬=১৪)
[সম্পাদনা কৰক]পয়াৰ ছন্দত প্ৰতি চৰণত চৈধ্যটাকৈ অক্ষৰ থাকে। চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত আঠোটা আৰু দ্বিতীয় পৰ্বত ছয়টা অক্ষৰ থাকে। প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল আছে। যেনে-
"প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।”
চৈধ্য আখৰীয়া পয়াৰ ছন্দৰ কেতিয়াবা দীৰ্ঘ বা হ্ৰস্ব হোৱা দেখা যায়। ১৪টা অক্ষৰৰ ঠাইত ১৫টা বা ১৬টা বা ১৮টা নাইবা কমকৈ ১৩টা অক্ষৰ থাকিব পাৰে। ১৪টা অক্ষৰতকৈ বেছি হ'লে দীৰ্ঘ পয়াৰ আৰু ১৪টা অক্ষৰতকৈ কম হ'লে হ্ৰস্ব পয়াৰ কোৱা হয়।
(ক) দীৰ্ঘ পয়াৰ (৮+৮):
"হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত।”
নেৰিবা নেৰিবা মোক এই মায়া বজাৰত।”
(খ) হ্ৰস্ব পয়াৰ :
"তোমাৰ গৰ্বত গৰ্বী; আকলুৱা হিয়া
প্ৰেমত ফুলিছে মোৰ জীৱনৰ ফুল;
তোমাৰ প্ৰেম সুধাতেই জীৱন মৰণ
তাৰ সাধনাতেই মই বিয়াকুল।"
ঝুমুৰা (৪+৪)
[সম্পাদনা কৰক]ছন্দৰ ভিতৰত আটাইতকৈ কম সংখ্যক মাত্ৰাৰ ছন্দ। স্তৱকত চাৰিটা চৰণ থাকে। প্ৰত্যেক চৰণত দুটাকৈ চাৰি মাত্ৰাৰ বা অক্ষৰৰ পৰ্ব থাকে। প্ৰত্যেক চৰণৰ অন্ত্য আখৰৰ অনুপ্ৰাস বা মিল আছে। যথা,
''হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱণ্ত॥
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে॥''
ঝুনা বা একাৱলী (৬+৫=১১)
[সম্পাদনা কৰক]দুটা চৰণৰ দুটাকৈ পৰ্ব থাকে। প্ৰত্যেক চৰণৰ এঘাৰটাকৈ অক্ষৰ বা মাত্ৰা আছে। প্ৰথম পৰ্বত ছয়টি আৰু দ্বিতীয় পৰ্বত পাঁচোটা অক্ষৰ থাকে। দুয়ো চৰণৰ শেষত মিল আছ। যথা,
''গোপাল গোবিন্দ যদু নন্দন।
কৃষ্ণৰ চৰণে লৈলোঁ শৰণ॥''
হ্ৰস্ব ঝুনা (৬+৪=১০)
[সম্পাদনা কৰক]যি ঝুনাৰ চৰণৰ অক্ষৰৰ সংখ্যা কমি দহ হয় আৰু দুই চৰণৰ শেষৰ আখৰৰ মিল আছে, তাকেই হ্ৰস্ব ঝুনা বোলে।
''দূৰতে ধৰ্মক পৰিহৰি।
যিটো চিন্তে হৃদিৰূপ ধৰি॥''
কুসুম মালা বা দীৰ্ঘ ঝুনা (৬+৬=১২)
[সম্পাদনা কৰক]ঝুনাৰ দৰে দুটা চৰণ থাকে। প্ৰত্যেক চৰণত ছয় অক্ষৰীয়া বা মাত্ৰাৰ দুটা পৰ্ব থাকে। চৰণ দুটাৰ শেষ আখৰৰ অনুপ্ৰাস বা মিল আছে। পৰ্ববোৰৰো অন্ত্য আখৰৰ অনুপ্ৰাসে ছন্দ গহীন কৰি তোলে। যথা,
"নমো নিৰঞ্জন পাতক ভঞ্জন
গোপিকা ৰঞ্জন দানৱ গঞ্জন॥''
ত্ৰিপদী ছন্দ
[সম্পাদনা কৰক]এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে। প্ৰত্যেক চৰণত আকৌ তিনিটাকৈ পৰ্ব থাকে। দুয়ো চৰণৰ প্ৰথম পৰ্ব দুটাৰ অক্ষৰৰ সমান: চৰণৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰো অক্ষৰৰ সংখ্যা সমান আৰু অন্ত্য আখৰৰ মিল আছে। এনেকৈ তিনিটা পৰ্বৰে চৰণ গঠিত হোৱা কাৰণে এনেবিধ ছন্দক ত্ৰিপদী ছন্দ বোলে।এইবিধ ছন্দ মিত্ৰাক্ষৰ ছন্দৰে অন্তৰ্গত। ত্ৰিপদী ছন্দক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। যথা, (ক) দুলৰী, (খ) ছবি আৰু (গ) লেচাৰি।
দুলৰী (৬+৬+৮)
[সম্পাদনা কৰক]এইবিধ ছন্দত স্তৱকত দুটাকৈ চৰণ আছে। প্ৰত্যেক চৰণত তিনিটাকৈ পৰ্ব বা পদ আছে। স্তৱকত প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত আঠোটাকৈ অক্ষৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত ছয়টাকৈ অক্ষৰ থাকে আৰু ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল আছে। তিনিটা পৰ্ব বা পদেৰে একোটিকে চৰণ হয় বাবে এনে ধৰণৰ ছন্দক ত্ৰিপদী ছন্দ কোৱা হয়। যথা,
''পাছে ত্ৰিনয়ন দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফল ফুল ভৰি জকমক কৰি
আছে যত বৃক্ষমান॥''
ছবি (৮+৮+১০)
[সম্পাদনা কৰক]প্ৰত্যেক স্তৱকত দুটাকৈ চৰণ থাকে। প্ৰত্যেক চৰণত তিনিটাকৈ পৰ্ব বা পদ থাকে। স্তৱকৰ ১ম, ২য়, ৪ৰ্থ আৰু ৫ম পৰ্বৰ প্ৰত্যেকৰে অক্ষৰৰ সংখ্যা আঠোটা। তৃতীয় আৰু ষষ্ঠ পৰ্বত দহোটাকৈ অক্ষৰ আছে আৰু ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল আছে। যথা,
"মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি ||"
লেচাৰি (১০+১০+১৪)
[সম্পাদনা কৰক]প্ৰত্যেক স্তৱকত দুটাকৈ চৰণ আছে। দুয়ো চৰণৰ অন্ত্য আখৰৰ মিল আছে। স্তৱকৰ ১ম, ২য়,৪ৰ্থ আৰু ৫ম পৰ্বৰ অক্ষৰৰ সংখ্যা দহ। তৃতীয় আৰু ষষ্ঠ পৰ্বৰ অক্ষৰৰ সংখ্যা চৈধ্য আৰু ইহঁতৰ অন্ত্য আখৰৰ মিল আছে। সৰ্বমুঠ ৩৪ টি অক্ষৰ থকা দীঘলীয়া ত্ৰিপদী ছন্দ। যথা,
''শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোবিন্দৰ গুণ নাম যশ
জগতৰ লোকে পৰম আনন্দে গাৱে।
হেনয় শংকৰ গুৰু বিনে কমন কাৰণে আনজনে
লোকৰ মাজত আপুনি গুৰু বোলাৱে॥''
অমিত্ৰাক্ষৰ ছন্দ
[সম্পাদনা কৰক]অসমীয়া ছন্দৰ এটা বিশেষ ভাগ হৈছে অমিত্ৰাক্ষৰ ছন্দ। পদ বা পয়াৰ নামৰ ছন্দৰ পৰিৱৰ্তন ঘটিয়েই অমিত্ৰাক্ষৰ ছন্দৰ জন্ম হৈছে। উল্লেখনীয় যে পদ ছন্দত কবিৰ চিন্তাপ্ৰৱাহৰ পৰিসৰ সংকীৰ্ণ; কিয়নো এই ছন্দ সজ্জাত প্ৰতি চৰণৰ আঠ মাত্ৰাৰ অন্তৰে অন্তৰে উপযতি আৰু ছয় মাত্ৰাৰ অন্তৰে অন্তৰে পূৰ্ণ যতি পৰে। ফলত কবিমনৰ সকলো কথা এনে পৰিসৰত পূৰ্ণ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। ফলস্বৰূপে এনে গণ্ডীৰ পৰা কবিসকল বাহিৰ ওলাই আহি অমিত্ৰাক্ষৰৰ নিচিনা একশ্ৰেণীৰ নতুন ছন্দৰ সূচনা কৰিলে, য'ত কবিৰ ভাৱ-প্ৰৱাহ সাৱলীল আৰু পূৰ্ণ ৰূপত প্ৰকাশ কৰাৰ সুবিধা আহি পৰিল। অমিত্ৰাক্ষৰ ছন্দৰ মূল কথা হ'ল শেষ অক্ষৰৰ অমিল আৰু ভাৱৰ প্ৰৱহমানতা গুণ। অৱশ্যে শেষ অক্ষৰৰ অমিলতকৈ ভাৱৰ প্ৰৱহমানতাহে অমিত্ৰাক্ষৰ ছন্দৰ মূল সঁচাৰ-কাঠি। অমিত্ৰাক্ষৰ ছন্দত অৰ্থবোধ সুস্পষ্ট কৰি তোলাৰ উদ্দেশ্যে যিকোনো ঠাইতে অলপ বা পূৰ্ণ বিৰাম হয়। পংক্তিৰ শেষত কোনো বিৰাম নহব'ও পাৰে আৰু অন্ত্যমিল দেখা নাযায়। প্ৰকৃতাৰ্থত অমিত্ৰাক্ষৰ ছন্দৰ যোগেদি অসমীয়া কবিতাই পৰম্পৰাগত গতানুগতিক ছন্দোবন্ধনৰ পৰা মুক্তিলাভ কৰিলে আৰু ইয়াৰে আলমত পৰৱৰ্তী সময়ত মুক্তক ছন্দই বিকাশ লাভ কৰিলে। সেয়েহে সমালোচকসকলে অমিত্ৰাক্ষৰ ছন্দক মুক্তক ছন্দৰ আদিগুৰু বুলি অভিহিত কৰিব বিচাৰে।[4] অমিত্ৰাক্ষৰ ছন্দৰ নিদৰ্শন এনেধৰণৰ-
"আহা হে দুৰাশা, তুমি নিত্য সহচৰী
হিতেশ্বৰ, দিয়া বল ভগ্ন হৃদয়ত;
ভগা বীণা পুনু আজি বাজোক উলাহে
(যদিওবা ভগ্নসুৰ) কাৰোবা যদিও
নজনমে তৃপ্তি শুনি ই ঝঙ্কাৰধ্বনি।”
মুক্তক ছন্দ
[সম্পাদনা কৰক]মুক্তক ছন্দক সমালোচক সকলে ছন্দৰীতি নুবুলি ছন্দসজ্জা বুলিহে ক'ব খোজে।[5] বিশেষকৈ আধুনিক কবিসকলৰ হাতত এই ছন্দ সজ্জাই অধিক সমৃদ্ধি লাভ কৰে। মুক্তক ছন্দই পুৰণি ছন্দ সজ্জাৰ পৰম্পৰাগত ধাৰণা আৰু বিশেষত্বৰ পৰা ফালৰি কাটি আহি এক নতুন ৰূপ পৰিগ্ৰহ কৰে। মুক্তক ছন্দৰ নামটোৰ দৰেই ই মুক্ত। অৱশ্যে মুক্তক ছন্দই ছন্দোবন্ধনৰ বাহ্যিক ৰূপৰ পৰা ফালৰি কাটি আহি নতুন ৰূপ লৈছে আৰু এই ক্ষেত্ৰত ছন্দৰ অভ্যন্তৰীণ দিশ যেনে- পৰ্বৰ বিন্যাস, যতিৰ সংস্থাপন আদি দিশবোৰ উপেক্ষিত হোৱা নাই। প্ৰকৃতাৰ্থত মুক্তক ছন্দত নিৰ্দিষ্ট ৰূপকল্পৰ পৰা ধ্বনিপ্ৰবাহৰ মুক্তি ঘটিল। মুক্তক ছন্দৰ পংক্তিসমূহ সাধাৰণতে সম আয়তন বিশিষ্ট হোৱা দেখা নাযায়; কিয়নো এই ছন্দ সজ্জাত কোনো বাহ্যিক ছন্দ সজ্জাৰ বন্ধন নাই। মুক্তক ছন্দৰ পৰ্ববোৰৰ দৈৰ্ঘ্যৰ সমতা দেখা নাযায়। পৰ্ববোৰ চুটি চুটি আৰু ধ্বনিবিন্যাস সম আয়তন বিশিষ্ট নহয়। তেনেদৰে অন্ত্যমিলো ইয়াত গুৰুত্বপূৰ্ণ নহয়। এই ছন্দৰ মূল দিশটো লয়ৰ ওপৰত নিৰ্ভৰশীল। সেয়ে বহুতে এই ছন্দক লয়যুক্ত গদ্য বুলিও অভিহিত কৰিব বিচাৰে। আধুনিক কবিতাবোৰ প্ৰায়বোৰেই মুক্তক ছন্দত ৰচনা কৰা। উদাহৰণস্বৰূপে-
"কাফুৰ সময় হ'ল।
সূৰ্যস্নাতা নগৰীৰ। আঁচলৰ। শেষ ৰশ্মিকণো।
শুহি ল'লে। ৰাতিৰ আকাশে।
নিস্তব্ধ মৰণ নামে। নগৰীৰ ধমনীত। কৰোঁ অনুভৱ।
কাজিৰঙা ডবকাৰ। আৰণ্যক অপস্মাৰ।
সৰীসৃপ ক্ৰূৰ মৃত্যু...। সৰ্পিল জীৱন।''
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড, অসমীয়া ব্যাকৰণ জ্যোতি
- ↑ https://devlibrary.in/class-11-advance-assamese-chapter-16
- ↑ https://notunpohor.com/2020/09/assamese-grammar_3-html/
- ↑ হেমন্ত শৰ্মা, সম্পা, সাহিত্য তত্ত্ব
- ↑ হেমন্ত শৰ্মা, সম্পা, সাহিত্য তত্ত্ব
| ||||||||||||||||||||