ছফিয়া লিলিছ
| ছফিয়া লিলিছ | |
|---|---|
![]() ২০১৯ চনত নেন্সি ড্ৰিউ এণ্ড দ্য হিডেন ষ্টেয়াৰকেচৰ প্ৰিমিয়াৰত লিলিছ | |
| জন্ম | ১৩ ফেব্ৰুৱাৰী, ২০০২ (২৪ বছৰ)[1][2] নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ[3] |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
ছফিয়া লিলিছ (ইংৰাজী: Sophia Lillis; জন্ম: ১৩ ফেব্ৰুৱাৰী, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিভীষিকা চলচ্চিত্ৰ ইট (২০১৭) আৰু ইট: চেপ্টাৰ টু (২০১৯) ত বেভাৰ্লি মাৰ্ছৰ চৰিত্ৰত অভিনয় কৰি আৰু নেটফ্লিক্স ড্ৰামা ধাৰাবাহিক আই এম নট ওকে উইথ দিছ (২০২০) ত টেলিকিনেছিছ ক্ষমতা সম্পন্ন এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
লিলিছে এইচবিঅ’ৰ চাইক’লজিকেল থ্ৰিলাৰ মিনি ধাৰাবাহিক শ্বাৰ্প অবজেক্টছ (২০১৮), চলচ্চিত্ৰ ডানজিয়নছ এণ্ড ড্ৰেগনছ: অনাৰ এমং থিভছ (২০২৩) আৰু এইচবিঅ’ৰ কমেডী থ্ৰিলাৰ ধাৰাবাহিক দ্য চেয়াৰ কোম্পানী (২০২৫) তো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]২০০২ চনৰ ১৩ ফেব্ৰুৱাৰীত ছফিয়া লিলিছ আৰু তেওঁৰ যমজ ভাতৃ জেকৰ জন্ম হৈছিল।[4] লিলিছ আৰু তেওঁৰ পিতৃ-মাতৃ ২০১২ চনত দ্য ৰিয়েল হাউচৱাইভছ অৱ নিউয়ৰ্ক চিটিৰ এটা খণ্ডত উপস্থিত হৈছিল। সেই খণ্ডটোত তেওঁৰ ভাতৃ জেকক (যিয়ে আঁঠুৰ ওপৰৰপৰা দুয়োখন ভৰি হেৰুৱাইছিল) আভিভা ড্ৰেচাৰৰদ্বাৰা দৌৰিবৰ বাবে হাইব্ৰিড কৃত্ৰিম ভৰি প্ৰদান কৰা হৈছিল।[5][6]
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক কাম
[সম্পাদনা কৰক]লিলিছে ২০১৬ চনৰ চলচ্চিত্ৰ ৩৭ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[7] ইয়াৰ পূৰ্বে তেওঁ জুলি টেমৰৰ মঞ্চ নিৰ্দেশনাত উইলিয়াম শ্বেইক্সপীয়েৰৰ এ মিডচামাৰ নাইটছ ড্ৰিমত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল, যিটো লাইভ শ্ব’ৰ বাবে চিত্ৰগ্ৰহণো কৰা হৈছিল। তেওঁ লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।[8]
সফলতা
[সম্পাদনা কৰক]২০১৭ চনত ষ্টিফেন কিঙৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত বিভীষিকা চলচ্চিত্ৰ ইটত অন্যতম মুখ্য চৰিত্ৰ বেভাৰ্লি মাৰ্ছ হিচাপে অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। এণ্ডি মুছিয়েটিৰ পৰিচালনাত নিৰ্মিত ইটত জেডেন মাৰ্টেল, ফিন ৱলফহাৰ্ড, ৱায়াট ওলেফ, বিল স্কাৰ্ছগাৰ্ড, জেক ডিলান গ্ৰেজাৰ, জেৰেমি ৰে টেলৰ আৰু চোজেন জেকবছেও অভিনয় কৰিছিল।[9][10][11] সেই বছৰৰে শেষৰফালে তেওঁ চিয়াৰ মিউজিক ভিডিঅ' "চাণ্টাজ কামিং ফৰ আছ"ত ক্ৰিষ্টেন বেল আৰু ডেস্ক শ্বেপাৰ্ডৰ এজন সন্তানৰ চৰিত্ৰত অভিনয় কৰে।[12]

২০১৮ চনত লিলিছে এইচবিঅ’ৰ টেলিভিছন মিনি ধাৰাবাহিক শ্বাৰ্প অবজেক্টছত অভিনয় কৰে, য’ত তেওঁ কিশোৰী কেমিল প্ৰিকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[13] ২০১৯ চনত ৱাৰ্নাৰ ব্ৰাডাৰ্ছৰ চলচ্চিত্ৰ নেন্সি ড্ৰিউ এণ্ড দ্য হিডেন ষ্টেয়াৰকেচত তেওঁ কিশোৰী চোৰাংচোৱা নেন্সি ড্ৰিউৰ চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখনৰ সমলোচনা মিশ্ৰিত হ'লেও লিলিছৰ অভিনয়ক বিশেষভাৱে প্ৰশংসা কৰা হয়।[14][15] ২০১৯ চনতে তেওঁ ইট: চেপ্টাৰ টুত বেভাৰ্লি মাৰ্ছৰ চৰিত্ৰটো পুনৰ ৰূপায়ণ কৰে।[16]
২০২০ চনত লিলিছে জাৰ্মান লোককথা "হান্সেল এণ্ড গ্ৰেটেল"ৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ গ্ৰেটেল এণ্ড হান্সেলত গ্ৰেটেলৰ চৰিত্ৰত অভিনয় কৰে।[17][18] ইয়াৰ পিছৰ মাহত লিলিছে নেটফ্লিক্স অৰিজিনেল ধাৰাবাহিক আই এম নট ওকে উইথ দিছত মুখ্য চৰিত্ৰত অভিনয় কৰে।[19] নৱেম্বৰ মাহত তেওঁ আমাজন প্ৰাইমত মুক্তি পোৱা স্বতন্ত্ৰ ছবি আংকল ফ্ৰেংকত পল বেটানিৰ সৈতে অভিনয় কৰে।
২০২২ চনত লিলিছে ৱাশ্বিংটন ডি.চি.ৰ ষ্টুডিও থিয়েটাৰত হিৰোজ অৱ দ্য ফ’ৰ্থ টাৰ্নিং নাটকত অভিনয় কৰে।[20]
লিলিছে ২০২৩ চনৰ চলচ্চিত্ৰ ডানজিয়নছ এণ্ড ড্ৰেগনছ: অনাৰ এমং থিভছত অভিনয় কৰিছে।[21]
আগন্তুক ভূমিকা
[সম্পাদনা কৰক]২০২৩ চনৰ 'দ্য গেম এৱাৰ্ডছ'ত ভিডিঅ' গেম প্ৰযোজক হিডেঅ' ক’জিমা আৰু চলচ্চিত্ৰ নিৰ্মাতা জৰ্ডান পিলে তেওঁলোকৰ আগন্তুক বিভীষিকা গেম অ’ডি ৰ ট্ৰেইলাৰ মুকলি কৰে, য’ত লিলিছে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Millican, Josh (13 February 2020). "This Day in Horror: Happy Birthday Sophia Lillis". Dread Central. https://www.dreadcentral.com/news/318550/this-day-in-horror-happy-birthday-sophia-lillis/। আহৰণ কৰা হৈছে: 24 August 2021.
- ↑ Fuentes, Tamara (6 March 2020). "6 Fun Facts About Sophia Lillis That Will Make You Want to Binge-Watch "I Am Not Okay With This"". Seventeen Magazine. https://www.seventeen.com/celebrity/a31264815/sophia-lillis-facts/। আহৰণ কৰা হৈছে: 24 August 2021.
- ↑ Bradshaw, Paul (25 November 2020). "Sophia Lillis: "'I Am Not Okay With This' needs a second season"". NME. https://www.nme.com/features/film-interviews/sophia-lillis-interview-uncle-frank-i-am-not-okay-with-this-2825057/। আহৰণ কৰা হৈছে: 24 May 2023.
- ↑ Fuentes, Tamara (2020-03-06). "6 Fun Facts About Sophia Lillis That Will Make You Want to Binge-Watch "I Am Not Okay With This"" (en-US ভাষাত). Seventeen. https://www.seventeen.com/celebrity/a31264815/sophia-lillis-facts/। আহৰণ কৰা হৈছে: 2024-10-28.
- ↑ "Jake Lillis Gets New Running Legs" (en ভাষাত). One Step Ahead Foundation. 2012-02-13. https://onestepaheadfoundation.wordpress.com/2012/02/13/jake-lillis-gets-new-running-legs/। আহৰণ কৰা হৈছে: 2026-02-11.
- ↑ "Video of Aviva Drescher and Jake Lillis from “Real Housewives of New York! ”" (en ভাষাত). One Step Ahead Foundation. 2012-08-22. https://onestepaheadfoundation.wordpress.com/2012/08/22/video-of-aviva-drescher-and-jake-lillis-from-real-housewives-of-new-york/। আহৰণ কৰা হৈছে: 2026-02-11.
- ↑ "37 (2016)". IMDb. https://www.imdb.com/title/tt4882174/.
- ↑ Lee Strasberg Alumni
- ↑ Lincoln, Ross A. (June 22, 2016). "Sophia Lillis Joins New Line's 'IT' Remake; Aunjanue Ellis Sign On To Christine Crokos' 'Pimp'". Deadline. https://deadline.com/2016/06/it-new-line-sophia-lillis-stephen-king-aunjanue-ellis-pimp-1201777627/.
- ↑ Purcell, Carey (September 8, 2017). "It Girl: Introducing Sophia Lillis, Heart and Soul of the Losers' Club" (en ভাষাত). HWD. https://www.vanityfair.com/hollywood/2017/09/it-movie-beverly-sophia-lillis-stephen-king.
- ↑ HIGHFILL, SAMANTHA (September 8, 2017). "'It': Sophia Lillis Talks Cast Bonding and That Very Bloody Bathroom Scene". Entertainment Weekly. https://ew.com/movies/2017/09/08/it-sophia-lillis-cast-bonding-bloody-bathroom-scene/। আহৰণ কৰা হৈছে: September 10, 2017.
- ↑ Reed, Ryan (22 November 2017). "Watch Sia's 'Santa's Coming for Us' Video With Kristen Bell, J.B. Smoove". rollingstone.com. https://www.rollingstone.com/music/news/watch-sias-santas-coming-for-us-video-with-kristen-bell-jb-smoove-w512444। আহৰণ কৰা হৈছে: 13 December 2017.
- ↑ Petski, Denise (May 22, 2017). "'Sharp Objects' Casts Sophia Lillis; Juan Riedinger Joins 'Good Behavior'". Deadline. https://deadline.com/2017/05/sharp-objects-casts-sophia-lillis-juan-riedinger-good-behavior-1202100165/.
- ↑ N'Duka, Amanda (April 20, 2018). "'It' Star Sophia Lillis To Topline Warner Bros' 'Nancy Drew And The Hidden Staircase'". Deadline. https://www.comingsoon.net/movies/news/939705-sophia-lillis-star-nancy-drew-hidden-staircase। আহৰণ কৰা হৈছে: April 20, 2018.
- ↑ Evry, Max (April 20, 2018). "IT's Sophia Lillis to Star in Nancy Drew and the Hidden Staircase". Comingsoon.net. https://deadline.com/2018/04/it-sophia-lillis-warner-bros-nancy-drew-and-the-hidden-staircase-1202372950/। আহৰণ কৰা হৈছে: April 20, 2018.
- ↑ Squires, John (August 1, 2018). "More 'IT: Chapter Two' Set Photos Show Sophia Lillis and Jessica Chastain as Dual Beverlys". Bloody Disgusting. https://bloody-disgusting.com/movie/3513314/chapter-two-set-photos-show-sophia-lillis-jessica-chastain-dual-beverlys/। আহৰণ কৰা হৈছে: April 13, 2019.
- ↑ Evangelista, Chris (October 7, 2018). "Horror Film 'Gretel and Hansel' Adds 'It' Star Sophia Lillis". /Film. https://www.slashfilm.com/gretel-and-hansel-cast/। আহৰণ কৰা হৈছে: April 13, 2019.
- ↑ Miska, Brad (April 16, 2019). "Orion Releasing 'Gretel and Hansel' with Sophia Lillis in January 2020". Bloody Disgusting. https://bloody-disgusting.com/movie/3556162/orion-releasing-gretel-hansel-sophia-lillis-january-2020/। আহৰণ কৰা হৈছে: April 16, 2019.
- ↑ Bennett, Anita (June 10, 2019). "I Am Not Okay With This': Sophia Lillis To Star, Kathleen Rose Perkins Among Six Cast In Netflix Coming-Of-Age Series Based On Comic". Deadline Hollywood. https://deadline.com/2019/06/i-am-not-okay-with-this-sophia-lillis-kathleen-rose-perkins-netflix-ya-series-1202629732/। আহৰণ কৰা হৈছে: June 10, 2019.
- ↑ "Studio Theatre". https://www.studiotheatre.org/plays/play-detail/2022-2023-heroes-of-the-fourth-turning। আহৰণ কৰা হৈছে: September 23, 2022.
- ↑ Kit, Borys (March 2, 2021). "Hugh Grant, Sophia Lillis Join Chris Pine in 'Dungeons & Dragons' Movie". Hollywood Reporter. https://www.hollywoodreporter.com/heat-vision/hugh-grant-sophia-lillis-join-chris-pine-in-dungeons-dragons-movie। আহৰণ কৰা হৈছে: March 3, 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছফিয়া লিলিছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
