সমললৈ যাওক

ছবি বিশ্বাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছবি বিশ্বাস
জন্ম ১৩ জুলাই, ১৯০০
চোটো জগুলীয়া, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ১১ জুন, ১৯৬২ (৬১ বছৰ)
নাকতলা, কলকাতা, পশ্চিম বংগ, ভাৰত
শিক্ষানুষ্ঠান বিদ্যাসাগৰ মহাবিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৩১- ১৯৬২
পিতৃ-মাতৃ ভূপেন্দ্ৰনাথ বিশ্বাস
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (১৯৬০)

ছবি বিশ্বাস (ইংৰাজী: Chhabi Biswas; ১৩ জুলাই ১৯০০ – ১১ জুন ১৯৬২)[1] এজন ভাৰতীয় বঙালী অভিনেতা। তেওঁ মূলতঃ তপন সিনহাৰ কাবুলীৱালা আৰু সত্যজিৎ ৰায়ৰ জলসাঘৰ (১৯৫৮), দেৱী (১৯৬০) আৰু কাঞ্চনজংঘা (১৯৬২) ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।

তেওঁক কুলীন অভিজাত পিতৃপুৰুষ হিচাপে কৰা অসংখ্য ভূমিকাৰ বাবে বেছিকৈ স্মৰণ কৰা হয় আৰু তেওঁ নিজেই উত্তৰ কলকাতাৰ এটা ধনী আৰু সংস্কৃতিৱান পৰিয়ালৰ বংশধৰ আছিল।[2] ১৯০০ চনৰ ১২ জুলাইত জন্মগ্ৰহণ কৰা তেওঁৰ পিতৃ ভূপতিনাথ বিশ্বাস দানশীলতাৰ বাবে সুপৰিচিত আছিল। তেওঁৰ প্ৰথম নাম আছিল শচীন্দ্ৰনাথ, কিন্তু মাকে তেওঁৰ সুদৰ্শন পুত্ৰক “ছবি” উপনাম বা ডাকনাম দিছিল আৰু সেই নামেৰে তেওঁৰ চলচ্চিত্ৰীয় জীৱনকে ধৰি সমগ্ৰ জীৱন পৰিচিত হৈ থাকিল। প্ৰায়ে টাইপকাষ্ট হোৱাৰ পিছতো তেওঁৰ কঠোৰ পিতৃৰ চিত্ৰায়ণ এনে শক্তিশালী আৰু বিশ্বাসযোগ্য আছিল যে তেওঁ জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা, দুয়োটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই চিত্ৰায়ণ সাংস্কৃতিকভাৱেও তাৎপৰ্যপূৰ্ণ আছিল, কিয়নো ব্ৰিটিছ ৰাজত্বৰ সময়ত আলোকিত বঙালীয়ে পুৰণি পৰম্পৰা আৰু ইংৰাজীকৃত নগৰায়ন দুয়োটাকে একত্ৰিত কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হিন্দু স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ছবি বিশ্বাসে প্ৰেচিডেন্সি কলেজত আৰু পিছলৈ বিদ্যাসাগৰ কলেজত নামভৰ্তি কৰে। এই সময়তে তেওঁ অপেছাদাৰী থিয়েটাৰত প্ৰৱেশ কৰি বঙালী থিয়েটাৰৰ কিংবদন্তী তাৰকা শিশিৰ কুমাৰ ভাদুৰীৰ সান্নিধ্যলৈ আহে। শিশিৰ কুমাৰ ভাদুৰীৰ নাটকীয় ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হোৱা যুৱ অভিনেতাগৰাকীয়ে কেইবাটাও অপেছাদাৰী নাট্য ক্লাবৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত হৈ পৰে। নদেৰ নিমাই নাটকত শ্ৰী গৌৰাংগৰ চৰিত্ৰত তেওঁৰ শক্তিশালী অভিনয়ে সেই সময়ৰ নাট্যপ্ৰেমীসকলৰ মাজত ছবি বিশ্বাসৰ জনপ্ৰিয়তা বৃদ্ধি কৰে।

ইয়াৰ পিছত অভিনয়ৰ পৰা বিৰতি লৈ তেওঁ বীমা কোম্পানীত যোগদান কৰে, আৰু পিছলৈ মৰাপাটৰ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰে। কিন্তু অতি সোনকালেই মঞ্চৰ প্ৰলোভনক নেওচা দিব নোৱাৰি বিশ্বাসে পুনৰ থিয়েটাৰ জগতলৈ ঘূৰি সামাজিক-মেলোড্ৰামা নাট সমাজত পেছাদাৰী অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰ অভিনেতা হিচাপে সফলতা লাভ কৰাৰ পিছতো বিশ্বাসে পেছাদাৰী মঞ্চ আৰু যাত্ৰাৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছিল। ষোড়শী (১৯৪০),সীতা (১৯৪০),কেদাৰ ৰায় (১৯৪১) আৰু ছাহজাহানৰ (১৯৪১) দৰে জনপ্ৰিয় নাটকত তেওঁৰ অভিনয়ে তেওঁক দৰ্শক আৰু নাট্য ব্যক্তিত্বসকলৰ মাজত এক প্ৰশংসিত ব্যক্তি কৰি তুলিছিল।

চলচ্চিত্ৰীয় জীৱন

[সম্পাদনা কৰক]

১৯৩৬ চনত অন্নপূৰ্ণাৰ মন্দিৰ নামৰ এখন ছবিৰে বিশ্বাসে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। টিংকৰী চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা এই ছবিখনত বিশ্বাসে নায়িকাগৰাকীৰ স্বামী বিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। সমসাময়িক বঙালী মঞ্চৰ অতি-মেলোড্ৰামাটিক অভিনয় শৈলীত প্ৰশিক্ষণ লোৱা বিশ্বাসে অতি সোনকালেই চলচ্চিত্ৰীয় অভিনয়ৰ সূক্ষ্মতাবোৰ আয়ত্ব কৰি ল’লে। নিউ থিয়েটাৰৰ দ্বাৰা প্ৰযোজিত ছবিত তেওঁ নিয়মীয়া আছিল আৰু চোখেৰ বালি (১৯৩৭),নিমাই সন্ন্যাস (১৯৪০) আৰু প্ৰতিশ্ৰুতি (১৯৪১) শীৰ্ষক ছবি কেইখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। দেবকী বসুৰ নৰ্তকীত (১৯৪০) নব্বৈ বছৰীয়া তপস্বীৰ চৰিত্ৰত তেওঁৰ অভিনয় সাংঘাটিক আছিল। বিড়ম্বনাৰ কথাটো হ’ল যে নৰ্তকীত কৰা তেওঁৰ অভিনয়ৰ সফলতাই তেওঁৰ মুখ্য চৰিত্ৰত অংশগ্ৰহণৰ সুযোগ সীমিত কৰি আনিছিল যদিও চৰিত্ৰ অভিনেতা হিচাপে তেওঁৰ সুনামে তেতিয়ালৈকে তেওঁৰ প্ৰতিষ্ঠা দৃঢ়ভাৱে স্থাপন কৰিছিল। অভিনেতা হিচাপে বিশ্বাসৰ দ্বিতীয় ইনিংছ এই ছবিখনৰ পৰাই আৰম্ভ হৈছিল আৰু পৰিয়ালৰ মুখ্য ব্যক্তি আৰু সৌম্য কুলীন ব্যক্তিৰ ৰূপত তেওঁ প্ৰায় স্বয়ংক্ৰিয় পছন্দ হৈ পৰিছিল। তেওঁৰ নিখুঁত ইংৰাজী ক’ব পৰা গুণটোৰ ব্যৱহাৰ কৰি বিশ্বাসে (পাহাড়ী সান্যাল আৰু কিছু পৰিমাণে বিকাশ ৰায়ৰ সৈতে) প্ৰথম ইংৰাজীত, আৰু তাৰ পিছত থমকি ৰৈ একেখিনি কথা বাংলা ভাষাত পুনৰাবৃত্তি কৰি নাটকীয় সংলাপ প্ৰক্ষেপন কৰাৰ এক অনন্য শৈলী গঢ়ি তুলিছিল। অশোক (১৯৪২),পৰিনীতা (১৯৪২),দ্বন্দ্ব (১৯৪৩),মাটিৰ ঘৰ (১৯৪৪),দুই পুৰুষ (১৯৪৫),বিৰাজ বৌ (১৯৪৬) আৰু মণ্ডনা (১৯৫০) আদি ছবিত অভিনেতা হিচাপে তেওঁৰ অতি উন্নত মানৰ প্ৰতিভা প্ৰদৰ্শিত হৈছিল।

১৯৫৮ চনত যেতিয়া সত্যজিৎ ৰায়জলসাঘৰত এখন বৃদ্ধ অভিজাত লোকৰ ভূমিকাত অভিনয় কৰা লোকৰ প্ৰয়োজন হয়, তেতিয়া বিশ্বাসেই স্বয়ংক্ৰিয় বাচনি আছিল। ইয়াৰ পিছতো তেওঁ ৰায়ৰ আৰু দুখনত ছবি দেৱী (১৯৬০) আৰু কাঞ্চনজংঘাত অভিনয় কৰে।

১৯৬২ চনৰ ১১ জুনত ৬১ বছৰ বয়সত এটা মটৰ দুৰ্ঘটনাত বিশ্বাসৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত সত্যজিৎ ৰায়ে লিখিছে, "জলসাঘৰ, দেৱী, কাঞ্চনজংগা এই সকলোবোৰ ছবি বিশ্বাসক মনত ৰাখি লিখা হৈছিল। তেওঁৰ মৃত্যুৰ পিছৰে পৰা মই এটাও মধ্যবয়সীয়া চৰিত্ৰ লিখা নাই, যাৰবাবে উচ্চ স্তৰৰ পেছাদাৰী প্ৰতিভাৰ আৱশ্যক হয়।"[3]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

তথ্যউৎস

[সম্পাদনা কৰক]

উদ্ধৃতি

[সম্পাদনা কৰক]
  1. Seagull Theatre Quarterly. Seagull Foundation for the Arts. 1998. পৃষ্ঠা. 54. https://books.google.com/books?id=r-oJAQAAMAAJ আহৰণ কৰা হৈছে: 31 October 2012.
  2. Rekha Menon (1961). Cultural profiles. Inter-National Cultural Centre. পৃষ্ঠা. 47. https://books.google.com/books?id=OmtDAAAAYAAJ আহৰণ কৰা হৈছে: 31 October 2012.
  3. Ray, Satyajit. "The Odds against Us," in Our Films, Their Films. New York: Hyperion, 1994, p. 61 আই.এচ.বি.এন. 0-7868-6122-3

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]