সমললৈ যাওক

ছাং ইয়াং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Lord of Shang

Shang Yang
商鞅

Statue of Shang Yang
Chancellor of Qin
কাৰ্যকাল
352 – 338 BC
ৰাজশাসক Duke Xiao
Left Prime Minister of Qin
কাৰ্যকাল
356 – 352 BC
ৰাজশাসক Duke Xiao
ব্যক্তিগত তথ্য
জন্ম প্ৰায় 390 BC
State of Wey
মৃত্যু 338 BC
State of Qin
Shang Yang
চীনা 商鞅

ছাং ইয়াং(ইংৰাজী: Shang Yang, ৩৯০ খ্ৰীষ্টপূৰ্ব – ৩৩৮ খ্ৰীষ্টপূৰ্ব), যাৰ প্ৰকৃত নাম আছিল ৱেই ইয়াং (Wei Yang), আছিল প্ৰাচীন চীনৰ চিন ৰাজ্য (State of Qin)-ৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনীতিবিদ, সংস্কাৰক আৰু দাৰ্শনিক। তেওঁক চীনা দৰ্শনৰ আইনবাদ (Legalism) শাখাৰ এজন প্ৰধান প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়।[2]

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

চীন ৰাজ্যৰ সংস্কাৰ

[সম্পাদনা কৰক]

ছাং ইয়াংয়ে চীন ৰাজ্যত ৰাজনৈতিক আৰু সামাজিক সংস্কাৰ আৰম্ভ কৰিছিল। ছাং ইয়াঙে চীন ৰাজ্যৰ শাসনকৰ্তা ডিউক খিয়াও (Duke Xiao)-ৰ অধীনত ধাৰাবাহিকভাৱে বহুতো কঠোৰ সামৰিক, অৰ্থনৈতিক আৰু আইনী সংস্কাৰ সাধন কৰিছিল। এই সংস্কাৰসমূহৰ ফলতেই চীন ৰাজ্য এখন দুৰ্বল ৰাজ্যৰপৰা সেই সময়ৰ আটাইতকৈ শক্তিশালী সাম্ৰাজ্যত পৰিণত হৈছিল, যিয়ে পৰৱৰ্তী সময়ত সমগ্ৰ চীন দেশক একত্ৰিত কৰাত সহায় কৰিছিল। [3]

  • যোগ্যতাৰ ভিত্তিত প্ৰথা (Meritocracy):তেওঁ কৃষি আৰু সামৰিক শক্তিক গুৰুত্ব দিয়ে, আৰু অভিজাতসকলৰ বিশেষাধিকাৰ হ্ৰাস কৰে। তেওঁ পূৰ্বপুৰুষৰপৰা পোৱা অভিজাত শ্ৰেণীৰ বিশেষ অধিকাৰসমূহ বিলুপ্ত কৰি সামৰিক আৰু প্ৰশাসনিক ক্ষেত্ৰত কেৱল যোগ্যতা আৰু পাৰদৰ্শিতাৰ ভিত্তিতহে পদোন্নতিৰ ব্যৱস্থা কৰিছিল।
  • কঠোৰ আইন: তেওঁৰ শাসন-ব্যৱস্থাত অপৰাধৰ বাবে অতি কঠোৰ শাস্তিৰ ব্যৱস্থা আছিল আৰু সমগ্ৰ সমাজখনক এক সামূহিক দায়িত্ববোধৰ নিয়মৰে বান্ধি ৰাখিছিল। তেওঁৰ সংস্কাৰে চীন ৰাজ্যক শক্তিশালী কৰি তোলে, যাৰ ফলত চিন সাম্ৰাজ্যৰ উত্থান সম্ভৱ হয়।[4]

কৃতিত্ব

[সম্পাদনা কৰক]

ছাং ইয়াংৰ সংস্কাৰ "ছাং ইয়াংৰ আইন" (Shang Yang’s reforms) নামেৰে জনা যায়।

তেওঁ "The Book of Lord Shang" (商君書) ৰচনা কৰিছিল, য’ত লিগেলিজমৰ মূলনীতি বৰ্ণনা কৰা হৈছে।

খ্ৰীষ্টপূৰ্ব ৩৩৮ চনত ছাং ইয়াংক মৃত্যুদণ্ড দিয়া হৈছিল। তেওঁৰ সংস্কাৰ আৰু কঠোৰ আইন-ব্যৱস্থাই শত্ৰুতা জন্মাইছিল।

মৃত্যুৰ পাছতো তেওঁৰ চিন্তাধাৰা লিগেলিজমৰ মূলভিত্তি হিচাপে চীনা ৰাজনৈতিক ইতিহাসত প্ৰভাৱ বিস্তাৰ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Pines 2017b, পৃষ্ঠা. 26; Pines 2014.
  2. ↑ [1]
  3. ↑ Pines, Yuri, "Legalism in Chinese Philosophy", The Stanford Encyclopedia of Philosophy (Winter 2014 Edition), Edward N. Zalta (ed.), 1.1 Major Legalist Texts, http://plato.stanford.edu/archives/win2014/entries/chinese-legalism/
  4. ↑ name="Cua">Antonio S. Cua (ed.), 2003, p. 362, Encyclopedia of Chinese Philosophy "The fifth important legalist, Shang Yang (Wei Yang, c. 390–338 B.C.E.), was born in Wei; his original surname was Gongsun."