ছাইৰঙী মূৰৰ বুলবুলি
| Microtarsus priocephalus | |
|---|---|
| At Udupi, Karnataka, India | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | Microtarsus |
| প্ৰজাতি: | M. priocephalus |
| দ্বৈৰাশিক নামকৰণ | |
| Microtarsus priocephalus (Jerdon, 1839) | |
| সমাৰ্থক | |
| |
ছাইৰঙী মূৰৰ বুলবুলি (ইংৰাজী: Grey-headed bulbul; বৈজ্ঞানিক নামঃ Microtarsus priocephalus) পাইকন’ন’টিডে (Pycnonotidae)পৰিয়ালৰ এবিধ বুলবুলি।[1][3] ই দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই, আৰু গোৱাৰপৰা দক্ষিণে তামিলনাডুলৈকে ১২০০ মিটাৰ পৰ্যন্ত উচ্চতাত ইয়াক পোৱা যায়। ইয়াক ঘন নল বা ঘাঁহনিত মূলতঃ নদীৰ কাষৰ আৰু হাবিৰ ভিতৰৰ জলাশয় অঞ্চলত পোৱা যায়। ইহঁতৰ মাত বৈশিষ্ট্যপূৰ্ণ যিয়ে ঘন গছ-গছনিৰ ভিতৰত ইহঁতৰ উপস্থিতি জনাত সহায় কৰে, য’ত ইহঁতক দেখা পোৱাটো কঠিন।
শ্ৰেণীবিভাজন আৰু পদ্ধতিবিজ্ঞান
[সম্পাদনা কৰক]থমাছ জেৰ্ডনে প্ৰথমে ছাইৰঙী মূৰৰ বুলবুলিক ব্ৰাচিপাছ প্ৰিঅ’চেফালাছ (Brachypus priocephalus) নামেৰে বৰ্ণনা কৰিছিল। ইয়াক ব্ৰাকিপডিয়াছ পইঅ'চেফালাছ (Brachypodius poiocephalus)লৈ স্থানান্তৰিত কৰে এডৱাৰ্ড ব্লাইথে, যিয়ে ভুলকৈ প্ৰজাতিৰ উপনামটো "সংশোধন" কৰিছিল আৰু পৰৱৰ্তী সময়ত ই সাহিত্যত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল।[4][5][6][7] পূৰ্বে কিছু পক্ষই এই প্ৰজাতিটোক Ixos আৰু পাছলৈ Pycnonotus প্ৰজাতিৰ ভিতৰত স্থান দিছিল।[5][2]
আণৱিক বংশবিজ্ঞানৰ অধ্যয়নত পাইকন’নটাছ গণটো বহুবংশগত বুলি ধৰা পৰিছিল আৰু প্ৰজাতিটো ব্ৰাকিপডিয়াছলৈ ঘূৰি আহিছিল।[3][8][9]
২০২৫ চনত এভিলিষ্টৰ দলে এই প্ৰজাতিটোক অধিক বহলভাৱে সংজ্ঞায়িত কৰি মাইক্ৰ’টাৰ্ছাছলৈ স্থানান্তৰিত কৰে।[10]
‘ছাইৰঙী মূৰৰ বুলবুলি’ সাধাৰণ নামৰ বিকল্প নাম হিচাপে 'হালধীয়াপেটীয়া বুলবুলি' বুলিও ব্যৱহাৰ কৰা হয়।
বিৱৰণ
[সম্পাদনা কৰক]এই বুলবুলিবিধ বাঁহ আৰু তলত গছ থকা ঘন আৰ্দ্ৰ বহল পাতৰ চিৰসেউজ অৰণ্যত বাস কৰে। ইয়াৰ পাখিৰ আৱৰণৰ ৰং জলফাই-সেউজীয়া, মূৰৰ মুকুট, গলধন আৰু ডিঙি মধ্যমীয়া ধূসৰ ৰঙৰ৷ কপাল হালধীয়া-সেউজীয়া। পিঠি আৰু ডেউকাৰ জলফাই সেউজীয়া ৰং পায়ুৰফালে ক্ৰমাত পাতল হৈ পৰে৷ নিতম্বত হালধীয়া সেউজীয়া পাখি থাকে যাৰ কাষেদি ক’লা ৰঙৰ ৰেখা দেখা পোৱা যায়। কাষবোৰ গাঢ় আৰু ধূসৰ ৰঙৰ৷ নেজৰ তলফালৰ পাখিবোৰ ধূসৰ। ঠোঁট সেউজীয়া আৰু ধূসৰ হোৱাৰ বিপৰীতে ঠেং দুখন গোলাপী হালধীয়া। মণিবলয় স্পষ্টভাৱে নীলা বগা। নেজডালৰ কেন্দ্ৰীয় পাখি ধূসৰ ৰঙৰ হয় (ঘূৰ্ণন অংশ ক'লা), বাহিৰ ক'লা আৰু বহলকৈ ধূসৰ ৰঙৰ। উভয় লিংগ একে যদিও নাবালকৰ মূৰটো গাঢ় জলফাই ৰঙৰ আৰু কপালখনৰ হালধীয়া ৰং ম্লানপৰাবিধৰ। দৈৰ্ঘ্য ১৪৩-১৫২মিমি; মূৰ ৩৩-৩৫মিমি; নেজ ৭৪-৭৭মিমি৷[11][4][12] মাতটো তীক্ষ্ণ৷[11] ইয়াৰ মাতটো মূল প্ৰজাতিৰ পাইকন'ন'টাছৰ সদস্যবিলাকৰ দৰে নহয়, এটা চিলেবল থকাৰ বাবে ইয়াৰ মাতটো সুকীয়া।[11]
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]এককভাৱে বা সৰু সৰু গোটত পোৱা ছাইৰঙী মূৰৰ বুলবুলিবোৰে প্ৰজনন নোহোৱা সময়ত মিশ্ৰিত প্ৰজাতিৰ খাদ্য বিচাৰি থকা জাকবোৰত সক্ৰিয়ভাৱে যোগদান কৰে।

প্ৰজনন
[সম্পাদনা কৰক]ছাইৰঙী মূৰৰ বুলবুলিবোৰে জানুৱাৰীৰপৰা জুন মাহলৈকে প্ৰজনন কৰে আৰু এপ্ৰিল মাহত ই শিখৰত উপনীত হয়। বাহটো হৈছে চাপৰ জোপোহাৰ ভিতৰত ৰখা যেন এখন সাধাৰণ মঞ্চ। লতা, ঘাঁহ বা পাত ব্যৱহাৰ কৰি এসপ্তাহৰ ভিতৰত বাহ সাজে। চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানত কৰা এক অধ্যয়নত বহুতো বাহ চিজিজিয়াম প্ৰজাতিৰ গছপুলিৰ ওপৰত বা অচলেণ্ড্ৰা ট্ৰেভাংকোৰিকা (Ochlandra travancorica) নল-খাগঢ়ীত কৰা দেখা গৈছে। সাধাৰণতে এটা কণী বা কেতিয়াবা দুটা কণী পাৰে আৰু সেইবোৰ ১২ৰপৰা ১৪ দিন উমনি দিয়ে। কণী কেতিয়াবা Funambulus tristriatusএ ধ্বংস কৰে অথবা খায়।[13] কণীবোৰ শেঁতা গোলাপীৰপৰা পাতল বেঙুনীয়া আৰু ৰঙা ফুটফুটীয়া, বহল মূৰত ই অধিক ঘন।[14] পিতৃ-মাতৃ উভয়েই উমনি দিয়া আৰু সন্তানক খুৱাই দিয়া কাৰ্যত অংশগ্ৰহণ কৰে।[15] ১১ৰ পৰা ১৩ দিনৰ পাছত পোৱালী বাহৰ পৰা ওলাই যায়।
খাদ্য
[সম্পাদনা কৰক]খাদ্যত প্ৰধানকৈ ফল (>৬৫%) আৰু অমেৰুদণ্ডীপ্ৰাণী (>৩০%) থাকে। ফলৰ ভিতৰত আছে চিম্প্লোকছ কচিনচিনেন্সিছ (Symplocos cochinchinensis), এন্টিডিচমা মেনাছু (Antidesma menasu), ক্লেৰ'ডেণ্ড্ৰাম ভিস্কোছাম (Clerodendrum viscosum), Syzygium cumini, লিটিয়া ফ্লোৰিবুণ্ডা (Litsea floribunda), Maesa indica, Callicarpa tomentosa, লিয়া ইণ্ডিকা (Leea indica) আৰু লান্টানা কেমাৰা (Lantana camara)৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 BirdLife International (2016). Brachypodius priocephalus. 2016. doi:10.2305/IUCN.UK.2016-3.RLTS.T22712619A94339381.en.
- 1 2 Eydoux, Fortune; Souleyet, L.F.A. (1841). Voyage Autour du Monde sur la Corvette La Bonite. প্ৰকাশক Paris: Arthus Bertrand. পৃষ্ঠা. 86–88. https://archive.org/stream/zoologie1111eydou#page/85/mode/1up.
- 1 2 সাঁচ:BioRef
- 1 2 Jerdon TC (1863). The birds of India. Volume 2 part 1. Military Orphan Press, Calcutta. পৃষ্ঠা. 89. https://archive.org/stream/birdsofindiabein21jerd#page/89/mode/1up.
- 1 2 Dickinson, E.C.; R.W.R.J. Dekker; S. Eck; S. Somadikarta (2002). "Systematic notes on Asian birds. 26. Types of the Pycnonotidae". Zool. Verh. Leiden খণ্ড 340: 115–160. http://www.repository.naturalis.nl/document/46724.
- ↑ Baker, ECS (1930). Fauna of British India. Birds. 7 (2nd সম্পাদনা). Taylor and Francis, London. পৃষ্ঠা. 88. https://archive.org/stream/BakerFbiBirds7/BakerFBI7#page/n95/mode/1up/.
- ↑ Baker, ECS (1922). Fauna of British India. Birds Volume 1. Taylor and Francis, London. পৃষ্ঠা. 425–426. https://archive.org/stream/birds01bakeiala#page/425/mode/1up/.
- ↑ Moyle RG; BD Marks (2006). "Phylogenetic relationships of the bulbuls (Aves: Pycnonotidae) based on mitochondrial and nuclear DNA sequence data". Molecular Phylogenetics and Evolution খণ্ড 40 (3): 687–695. doi:10.1016/j.ympev.2006.04.015. PMID 16750401. http://wfsc.tamu.edu/bdmarks/Publications_files/Moyle-2006-Phylogenetic%20relatio.pdf.
- ↑ Shakya, Subir B.; Sheldon, Frederick H. (2017). "The phylogeny of the world's bulbuls (Pycnonotidae) inferred using a supermatrix approach". Ibis খণ্ড 159 (3): 498–509. doi:10.1111/ibi.12464. ISSN 0019-1019.
- ↑ AviList Core Team (2025). "AviList: The Global Avian Checklist, v2025". doi:10.2173/avilist.v2025. http://www.avilist.org/checklist/v2025/। আহৰণ কৰা হৈছে: 17 November 2025.
- 1 2 3 Rasmussen, P.C.; J.C. Anderton (2005). Birds of South Asia: the Ripley guide. 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 335–336. ISBN 84-87334-67-9.
- ↑ Oates, EW (1889). Fauna of British India. Birds Volume 1. Taylor and Francis, London. পৃষ্ঠা. 296. https://archive.org/stream/birdsindia01oaterich#page/296/mode/1up.
- ↑ Vijayan, V.S., and Balakrishnan, Peroth. (2005). Status, Distribution and Ecology of the Grey-headed Bulbul Pycnonotus priocephalus in Western Ghats, India. Final Report submitted to Ministry of Environment and Forests, Govt. of India. Sálim Ali Centre for Ornithology Natural History, Coimbatore.
- ↑ Ali S; SD Ripley (1996). Handbook of the birds of India and Pakistan. 6 (2nd সম্পাদনা). Oxford University Press. পৃষ্ঠা. 70–71.
- ↑ Balakrishnan Peroth (2010). "Parental care strategies of grey-headed bulbul, Pycnonotus priocephalus in the Western Ghats, South India". Current Science খণ্ড 98 (5): 673–680. http://www.ias.ac.in/currsci/10mar2010/673.pdf.