সমললৈ যাওক

ছাইৰা নাছীম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাহিৰা নাছীম
স্থানীয় নাম سائرہ نسیم
জন্ম লাহোৰ, পাকিস্তান
পেচা গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯৮৭ - বৰ্তমান
বঁটা, সন্মান, পুৰস্কাৰ আদি ৪ নিগাৰ বঁটা

ছাইৰা নাছীম (ইংৰাজী: Saira Naseem) বা ছাহিৰা নাছীম (ইংৰাজী: Sahira Naseem) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ নব্বৈৰ দশকৰ পাকিস্তানী চলচ্চিত্ৰ উদ্যোগ বা ললীউডৰ নেপথ্য গায়িকা আছিল। তেওঁ চাৰি বাৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ নিগাৰ বঁটা লাভ কৰিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনত মুক্তি পোৱা হাম ছে হেঁ জামানা নামৰ ছবিখনৰ জৰিয়তে নাছীমে গায়িকা জীৱন আৰম্ভ কৰিছিল। এ নায়াৰ, মুনীৰ হুছেইন, মাছুদ ৰানাৰ সৈতে ছবিখনৰ বাবে এটা সমবেত সংগীতত তেওঁ কণ্ঠদান কৰিছিল। তাৰ পিছত নেপথ্য কণ্ঠশিল্পী হিচাপে তেওঁৰ কেৰিয়াৰ আগবাঢ়ি যায় আৰু তেওঁ ৮১খন উৰ্দু আৰু পঞ্জাবী ছবিত ৫৫টা গীত গাইছিল। চলচ্চিত্ৰ গীতৰ উপৰিও তেওঁ কবিতা, গজল, নাট আদিও পৰিবেশন কৰে।[2][3]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
বৰ্ষবঁটাশ্ৰেণীফলাফলপ্ৰদানকাৰীতথ্যসূত্ৰ
১৯৯৫নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকাবিজয়ীজংগল কা কানুন (ছবি)[1]
১৯৯৬নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকা (ছাজিয়া মজনুৰ সৈতে)বিজয়ীচৌৰ মছায়ে ছৌৰ (ছবি)[1]
১৯৯৮নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকাবিজয়ীচোৰিয়া (ছবি)[1]
২০০০নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকাবিজয়ীমেহেন্দি ৱালী হাথ (ছবি)[1]
২০২২ছুপাৰষ্টাৰ এৱাৰ্ডগায়কবিজয়ীৰেডিঅ’ পাকিস্তান[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]