সমললৈ যাওক

ছাউচ (সম্প্ৰদায়)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চৌছ বা চাউছ হাদ্ৰামী আৰব বংশৰ এটা সম্প্ৰদায়। ভাৰতৰ দাক্ষিণাত্য অঞ্চলত এওঁলোকক পোৱা যায়।[1][বিসংগতিপূৰ্ণ উৎস][2]

পূৰ্বৰ হায়দৰাবাদ ৰাজ্যত নিজামৰ সামৰিক বাহিনীত সৈন্য হিচাপে কাম কৰিবলৈ চৌছ বা চাউছক য়েমেনৰপৰা অনা হৈছিল। কোৱা হয় যে বিশেষকৈ পৰিয়ালটোক নিৰাপদে পহৰা দিয়াৰ ক্ষেত্ৰত ৭ম নিজামৰ এই আৰব সৈন্যসকলৰ ওপৰত নিৰপেক্ষ আস্থা আছিল।[3] মাৰাথৱাদা, তেলেংগানা আৰু হায়দৰাবাদ-কৰ্ণাটক অঞ্চলত এওঁলোকৰ জনসংখ্যাৰ অধিকাংশ কেন্দ্ৰীভূত হৈ থকাৰ উপৰি হায়দৰাবাদৰ বৰকাছ, কৰিমনগৰৰ শশা মহল্লাহ, ঔৰংগাবাদৰ আল-তামাছ চুবুৰিত কেন্দ্ৰীভূত হৈ আছে। ইয়াৰ উপৰি এওঁলোক আদিলাবাদ, আছিফাবাদ, কাগাজনগৰ, নিজামাবাদ, মহাবুবনগৰ আৰু ৱাৰংগলতো বাস কৰে।[3]

হাদ্ৰমাৱতৰ কোৱাইটি আৰু কাথিৰী দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠাপকসকলে ইয়াৰ পূৰ্বে হায়দৰাবাদত জামাদাৰ হিচাপে কাম কৰিছিল।[4]

হায়দৰাবাদত চৌছ বা আৰবসকলে হায়দৰাবাদৰ হালিম, মৰাগ (মাটন ষ্টু), মুৰ্তাবাক, শ্বোৰবা, হাৰিৰা, মাণ্ডি, কবছা, মকলুবা, তাছ কাবাব, লুখমি, শ্বিয়ৰ খুৰমা, কুবানি কা মেথা আৰু মালিদা প্ৰৱৰ্তন কৰিছে খাদ্য প্ৰকৰণৰ প্ৰচলন কৰিছিল।[5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Omar Khalidi, The Arabs of Hadramawt in Hyderabad in Mediaeval Deccan History, eds Kulkarni, Naeem and de Souza, Popular Prakashan, Bombay, 1996, pg 63
  2. Khader, Khatija (2021-10-08). "Hyderabad’s distinct Chaush community has roots in Yemen" (en ভাষাত). The News Minute. https://www.thenewsminute.com/telangana/hyderabad-s-distinct-chaush-community-has-roots-yemen-156250। আহৰণ কৰা হৈছে: 2025-07-31. 
  3. 3.0 3.1 A home for the Chaush community, The Hindu, 25 Sep 2011
  4. Boxberger, Linda (1 February 2012) (en ভাষাত). On the Edge of Empire: Hadhramawt, Emigration, and the Indian Ocean, 1880s-1930s. State University of New York Press. পৃষ্ঠা. 49–50. ISBN 978-0-7914-8935-2. https://books.google.com/books?id=F7nPMWdid1YC. 
  5. "Crossing culinary landscapes, exploring Yemeni cuisine at Osmania University". https://www.newindianexpress.com/cities/hyderabad/2020/feb/19/crossing-culinary-landscapes-exploring-yemeni-cuisine-at-osmania-university-2105278.html. 
  6. Mohammed, Syed (13 January 2018). "Mandi and the Arabian connection". The Hindu. https://www.thehindu.com/news/cities/Hyderabad/mandi-and-the-arabian-connection/article22438127.ece.