ছাউথʼ ইণ্ডিয়া বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছাউথʼ ইণ্ডিয়া বেংক (চমুকৈ এছ.আই.বি) হৈছে ভাৰতৰ এখন ব্যক্তিগত খণ্ডৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কেৰালা ৰাজ্যৰ ত্রিশূৰত অৱস্থিত।[1] এইখন বেংকৰ মুঠ ৯৩৩টা শাখা, ১৮টা ৰাজ্যিক কাৰ্যালয়, আৰু ১,২০০ তকৈ অধিক এ.টি.ম মেচিন আছে।[2][3]

South Indian Bank Ltd.
ধৰণ ব্যক্তিগত খণ্ড
মুখ্য কাৰ্যালয় ত্ৰিশূৰ, কেৰালা, ভাৰত
ৱেবছাইট southindianbank.com

ইতিহাস[সম্পাদনা কৰক]

১৯২৯ চনত কোম্পানী আইন অনুসৰি ছাউথʼ ইণ্ডিয়া বেংক পঞ্জীয়ন কৰা হয়। ১৯২৯ চনৰ ২৯ জানুৱাৰীত ত্ৰিশূৰত ইয়াৰ ব্যৱসায় আৰম্ভ হয়।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিতীয় সূচীত অন্তৰ্ভুক্ত হৈ ১৯৪৬ চনৰ ৭ আগষ্টত অনুসূচিত বেংকত পৰিণত হয়। ১৯৫৭ চনৰ ১৭ জুনত আৰ বি আইৰ পৰা বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ২২ নং ধাৰাত অনুজ্ঞাপত্ৰ লাভ কৰা কেৰালাৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো বেংকত পৰিগণিত হয়।[4]

পৰিচালনা সমিতি[সম্পাদনা কৰক]

  • চেলিম গংগাধৰণ, অধ্যক্ষ
  • মুৰালী ৰামকৃষ্ণন - পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া
  • প্ৰদীপ এম গডবোলে - পৰিচালক
  • এম জৰ্জ কোৰা - পৰিচালক
  • ডাঃ জন জোচেফ - পৰিচালক
  • ফ্ৰান্সিছ আলাপাট - পৰিচালক
  • আচল কুমাৰ গুপ্তা - পৰিচালক
  • ভি জে কুৰিয়ান - পৰিচালক
  • ৰঞ্জনা ছালগাওকাৰ - পৰিচালক
  • ৰাম চন্দ্ৰ সাহা - পৰিচালক

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. https://www.financialexpress.com/market/south-indian-bank-scripts-a-turnaround/3020419/
  2. southindianbank.com
  3. https://www.thehindubusinessline.com/money-and-banking/focusing-on-quality-business-south-indian-bank-eyes-double-digit-growth/article66594515.ece
  4. "SOUTH INDIAN BANK LIMITED". Zauba Corp. https://www.zaubacorp.com/company/SOUTH-INDIAN-BANK-LIMITED/U65191KL1928PLC001011.