সমললৈ যাওক

ছাকেলা নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাকেলা
ছাকেলা
চৌৰাস্তা দাৰ্জিলিংত সাকেলা চিলি নৃত্য পৰিবেশন কৰি থকা খাম্বু ৰায়ৰ ল'ৰা আৰু ছোৱালী
পালন কৰে কিৰাট খাম্বু ৰাই সকলে, পৃথিৱীজুৰি
আৰম্ভ হয় ছাকেলা উধৌলি ( পুহ মাহ পূৰ্ণিমা) আৰু ছাকেলা উভৌলি (ব’হাগৰ পূৰ্ণিমা)
শেষ হয় ১৫ দিন পিছত
২০২৫ৰ তাৰিখ
আচাৰ ছাকেলা চিলি, সাংস্কৃতিক নৃত্য, ধৰ্মীয় সেৱা, পৰিয়ালৰ মিলন, অতিথিআগমন

ছাকেলা, যাক ছাকেৱা বা ছাকেনৱা বুলিও জনা যায়, পূব নেপাল আৰু ভাৰতৰ ছিকিম, কালিম্পং, আৰু দাৰ্জিলিং অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী খাম্বু (ৰাই জনগোষ্ঠী)ৰ অন্যতম প্ৰধান উৎসৱ আৰু এই উৎসৱত নচা নৃত্য। বছৰত দুবাৰকৈ উদ্‌যাপন কৰা ছাকেলাক উভৌলি আৰু উধৌলি দুটা নামেৰে পৃথক কৰা হয়। ব’হাগৰ পূৰ্ণিমা (বৈশাখ মাহৰ পূৰ্ণিমাৰ দিন)ত ছাকেলা উভৌলি আৰু মংছিৰ বা পুহ মাহৰ পূৰ্ণিমাৰ দিনত ছাকেলা উধৌলি পালন কৰা হয়।[1][2][3]

তাৎপৰ্য্য

[সম্পাদনা কৰক]

কিৰাটসকলে শ্বেমানিজমত বিশ্বাস কৰে আৰু প্ৰকৃতিৰ উপাসক। ছাকেলা উদযাপন হৈছে ভাল শস্য উৎপাদন আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানুহৰ সুৰক্ষাৰ বাবে প্ৰকৃতি মাতৃৰ ওচৰত প্ৰাৰ্থনা কৰা।[3] নেপালী ব’হাগ মাহৰ পূৰ্ণিমাত আৰম্ভ কৰা এই উৎসৱ, ব’হাগৰ (এপ্ৰিল–মে’) পোন্ধৰ দিন কৃষি বৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰা হয়। ঠিক তেনেদৰে মংছিৰ অৰ্থাৎ পুহ মাহৰ (নৱেম্বৰ–ডিচেম্বৰ) অৰ্থাৎ শস্য চপোৱাৰ বতৰত ছাকেলা উধৌলি উদযাপন কৰাটোৱেই হৈছে প্ৰকৃতি মাতৃক ভাল শস্য যোগান ধৰাৰ বাবে ধন্যবাদ জনোৱা।

এই উৎসৱৰ মূল বৈশিষ্ট্য হ’ল কিৰাটি মানুহৰ বৃহৎ দলে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পৰম্পৰাগত ছাকেলা নৃত্য পৰিৱেশন কৰে। সকলো বয়সৰ মানুহে একেলগে এটা বৃহৎ বৃত্তত নাচি থাকে। প্ৰতিটো মহলত ক্ৰমে চিলিমাংপা আৰু চিলিমাংমা নামেৰে জনাজাত পুৰুষ আৰু মহিলা নেতা থাকে। তেওঁলোকে চিলি নামেৰে জনাজাত নৃত্যৰ খোজবোৰ সঞ্চালন কৰে আৰু আন কিছুমানে অনুসৰণ কৰে। "চিলি" শব্দটোৱে মানুহৰ জীৱনৰ বিভিন্ন দিশ আৰু প্ৰকৃতিৰ সৈতে ইয়াৰ সম্পৰ্ক প্ৰতিফলিত কৰে।[4]

তাৰতম্য

[সম্পাদনা কৰক]
বায়ুং ৰায়ে চাৰ্গো চিলি নৃত্য প্ৰদৰ্শন কৰিছে।

কিৰাটৰ মাজত সুনুৱাৰ আৰু ৰায়ে এই উৎসৱ পালন কৰে, আনহাতে যক্ষ আৰু লিম্বুসকলৰ নিজস্ব ইউচিয়াং আৰু চাচোক টাংনাম আছে। স্থানীয় গুৰুত্বপূৰ্ণ ভিন্নতা সত্ত্বেও খিলঞ্জীয়াসকলে এই নৃত্যসমূহক সকলো কিৰাটৰ বাবে নিৰ্দিষ্ট আৰু সাধাৰণ বুলিও ভাবে।[2]

নামৰ ভিন্নতা

[সম্পাদনা কৰক]

বিভিন্ন খাম্বু ভাষাত ছাকেলাৰ বিভিন্ন নামকৰণ আছে। চামলিং উপ জনগোষ্ঠীয়ে ইয়াক ছাকেলা বুলি কয়। বান্টাৱাসকলে ইয়াক ছাকেৱা বা ছাকেনৱা বুলি কয় আনহাতে থুলুংসকলে ইয়াক টোছি বুলি কয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gaenszle, Martin (1997). "Changing concepts of ethnic identity among the Mewahang Rai". Nationalism and Ethnicity in a Hindu Kingdom. The Politics of Culture in Contemporary Nepal: 351–373. https://books.google.com/books?isbn=1136649565/. 
  2. 2.0 2.1 Schlemmer, Grégoire (2004). "New past for the sake of a better future : re-inventing the history of the Kirant in East Nepal". European Bulletin of Himalayan Research খণ্ড 25: 119–144. https://halshs.archives-ouvertes.fr/ird-00557472/. 
  3. 3.0 3.1 "Dancing to Ubhauli tunes". The Kathmandu Post. May 17, 2011. http://kathmandupost.ekantipur.com/printedition/news/2011-05-17/dancing-to-ubhauli-tunes.html. 
  4. Rai, Dik Bahadur (2012). The impacts of Modernization on the traditional Sakawa Sili festival in the Rai Kirat community of Nepal: a case study of the Rai community (Thesis). University of Tromsø. http://munin.uit.no/handle/10037/5105. 
  5. Pradeep Rai (21 July 2021). "Kirat Khambu Rai Sakela - Sakewa" (en-gb ভাষাত). Himalayan Cultures. https://himalayancultures.com/cultures/khambu-culture/kirat-khambu-rai-sakela-sakewa/। আহৰণ কৰা হৈছে: 21 July 2021.