ছাছা পিটাৰ্ছ
ছাছা পিটাৰ্ছ শ্বেফাৰ (জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৯৬[1]) এগৰাকী দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।[2][3] তেওঁ ফ্ৰীফৰ্ম ধাৰাবাহিক প্ৰিটি লিটল লায়াৰ্ছ (২০১০–২০১৭) আৰু ইয়াৰ স্পিন-অফ প্ৰিটি লিটল লায়াৰ্ছ: দ্য পাৰ্ফেকশনিষ্টছত (২০১৯) এলিচন ডিলৰেণ্টিছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিশ্বজুৰি পৰিচিত।
ফেমিলি এফেয়াৰ (২০০২–২০০৩) ধাৰাবাহিকত বাফী ডাভিছ আৰু দ্য এডভেঞ্চাৰ্ছ অৱ শ্বাৰ্কবয় এণ্ড লাভাগাৰ্ল (২০০৫) বোলছবিত মেৰিছা ইলেকট্ৰিচিডাড / আইচ প্ৰিন্সেছ হিচাপে প্ৰাৰম্ভিক স্বীকৃতি লাভ কৰাৰ পাছত পিটাৰ্ছে বিভিন্ন বোলছবি আৰু ধাৰাবাহিকত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰিটি লিটল লায়াৰ্ছৰ জৰিয়তে খ্যাতি লাভ কৰে। ইয়াৰ সফলতাৰ পিছত তেওঁ ডিজনী চেনেলৰ গীক চাৰ্মিং (২০১১), কিশোৰ কমেডী জি.বি.এফ. (২০১৩), স্বতন্ত্ৰ চলচ্চিত্ৰ বাৰ্নিং বোধি (২০১৫), ড্ৰামা ছবি কইন হাইষ্ট (২০১৭) আৰু দ্য অনাৰ লিষ্ট (২০১৮), আৰু চাইক’লজিকেল থ্ৰিলাৰ ছবি দ্য ইমেজ অৱ ইউত (২০২৪) অভিনয় কৰিছে।[4][5][6]
পিটাৰ্ছে ২০১৭ চনত ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ২৫সংখ্যক ছিজনত অংশগ্ৰহণ কৰিছিল।[7][8] অভিনয়ৰ উপৰি পিটাৰ্ছে সংগীত আৰু মডেলিং জগততো খোজ পেলাইছে। তেওঁ ২০২০ চনত বীট ববি ফ্লে আৰু চুগাৰ ৰাশ্ব খ্ৰীষ্টমাছত বিচাৰক হিচাপে কাম কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পিটাৰ্ছৰ জন্ম ১৯৯৬ চনৰ ১৭ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত শ্বন আৰু জিজীৰ ঘৰত হৈছিল।[1][9][10] পিটাৰ্ছৰ পৰিয়াল আফ্ৰিকানাৰ বংশোদ্ভূত আৰু তেওঁলোক ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল। লছ এঞ্জেলছলৈ যোৱাৰ আগতে তেওঁ লাছ ভেগাছত ডাঙৰ-দীঘল হৈছিল।[11] তেওঁ অতি কম বয়সৰপৰাই বিনোদন জগতৰ কেৰিয়াৰৰ সৈতে পৰিচিত হৈছিল, কাৰণ তেওঁৰ পিতৃ-মাতৃ এগৰাকী পেছাদাৰী এক্ৰ’বেটিক নৃত্য শিল্পীৰ দল আছিল যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠান পৰিৱেশন কৰিছিল।[11] পিটাৰ্ছে ঘৰতে শিক্ষা (হোমস্কুলিং) গ্ৰহণ কৰিছিল আৰু ১৪ বছৰ বয়সতে স্নাতক ডিগ্ৰী লাভ কৰিছিল।[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৫ চনৰ ২২ ডিচেম্বৰত পিটাৰ্ছে তেওঁৰ দীৰ্ঘদিনীয়া সংগী হাডচন শ্বেফাৰৰ সৈতে বাগদান সম্পন্ন কৰে।[13] ২০১৮ চনৰ ২৭ মে’ত আয়াৰলেণ্ডৰ গ্লাচল'ৰ কেচল লেচলীত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[14] ২০২০ চনৰ ২৭ মে’ত পিটাৰ্ছে তেওঁলোকৰ প্ৰথম সন্তান অহাৰ কথা ঘোষণা কৰে।[15] ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ পুত্ৰ সন্তান জন্ম হয়।[16] ২০২২ চনৰপৰা পৰিয়ালটোৱে টেনচিৰ নাছভিলত বাস কৰি আছে।[17]
‘ডান্সিং উইথ দ্য ষ্টাৰ্ছ’ৰ ২৫সংখ্যক ছিজনৰ আৰম্ভণিতে পিটাৰ্ছে প্ৰকাশ কৰিছিল যে তেওঁ পলিচিষ্টিক অভাৰিয়ান চিনড্ৰ’মত আক্ৰান্ত। ইয়াৰ ফলত মাহেকীয়া অনিয়মীয়া হোৱা আৰু ওজন বৃদ্ধি পোৱাৰ দৰে লক্ষণসমূহে দেখা দিয়ে।[18][19]
পিটাৰ্ছে আফ্ৰিকানাৰ, ইংৰাজী আৰু ফৰাচী ভাষা ক'ব পাৰে।[20]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Sweet Sixteen: Happy Birthday Wishes for Pretty Little Liars Star Sasha Pieterse". Alloy Entertainment. March 2, 2017. http://prettylittleliars.alloyentertainment.com/sasha-pieterse-birthday-wishes-sweet-sixteen.
- ↑ "Interview with Sasha Pieterse" (de ভাষাত). myFanbase. https://www.myfanbase.de/serien/interviews/?pid=9671। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ Petzer, Brett (11 November 2013). "Top Ten South African actors about to make it big". The South African. Archived from the original on 14 January 2023. https://web.archive.org/web/20230114072025/https://www.thesouthafrican.com/opinion/bright-young-things-top-ten-south-african-actors-about-to-make-it-big/। আহৰণ কৰা হৈছে: 14 January 2023.
- ↑ "Sasha Pieterse on Why "The Perfectionists" Need Alison's Help" (en ভাষাত). Teen Vogue. March 19, 2019. https://www.teenvogue.com/story/sasha-pieterse-the-perfectionists-interview। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ "Sasha Pieterse Stands Up to Bullies After Horrific Fat-Shaming Experience" (en ভাষাত). Distractify. https://www.distractify.com/p/sasha-pieterse-pregnant-bullying। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ "Sasha Pieterse and Janel Parrish Are Bringing 'Old Married Couple' Energy to The Perfectionists". Vulture. March 20, 2019. https://www.vulture.com/2019/03/the-perfectionists-sasha-pieterse-janel-parrish-interview.html। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ Thompson, Avery; Weakland, Russ (April 3, 2019). "'PLL: The Perfectionists': Sasha Pieterse Reveals Finding Nolan's Killer Is Alison's #1 Priority 'For Now'" (en ভাষাত). HollywoodLife. Archived from the original on October 6, 2019. https://web.archive.org/web/20191006163225/https://hollywoodlife.com/2019/04/03/pll-the-perfectionists-alison-spoilers-sasha-pieterse-interview/। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ "PLL: The Perfectionists: Sasha Pieterse on Why This Is A New, Changed Alison" (en-US ভাষাত). The TV Junkies. March 19, 2019. Archived from the original on October 6, 2019. https://web.archive.org/web/20191006163225/https://www.thetvjunkies.com/pll-the-perfectionists-sasha-pieterse-interview/। আহৰণ কৰা হৈছে: October 6, 2019.
- ↑ "TheSashaPietersePage/info". https://www.facebook.com/TheSashaPietersePage/info। আহৰণ কৰা হৈছে: March 23, 2013.
- ↑ "'Dancing With The Stars' Isn't Sasha Pieterse's Only Connection To The Ballroom" (en ভাষাত). Romper. 2017-09-25. https://www.romper.com/p/who-are-sasha-pieterses-parents-dancing-with-the-stars-isnt-her-only-connection-to-the-ballroom-2440951। আহৰণ কৰা হৈছে: 2023-07-09.
- 1 2 "Alison Dilaurentis by Sasha Pieterse". ABC Family. http://abcfamily.go.com/shows/pretty-little-liars/cast/alison-dilaurentis। আহৰণ কৰা হৈছে: March 20, 2014.
- ↑ "Sasha Pieterse Bello Mag Interview". Bello Mag. http://www.bellomag.com। আহৰণ কৰা হৈছে: March 20, 2014.
- ↑ Murphy, Shaunna (December 23, 2015). "'Pretty Little Liars' Star Sasha Pieterse Is Engaged: See The Romantic Pics". MTV News. Viacom. Archived from the original on May 7, 2016. https://web.archive.org/web/20160507011051/http://www.mtv.com/news/2716863/sasha-pieterse-pretty-little-liars-engaged/। আহৰণ কৰা হৈছে: December 26, 2015.
- ↑ Corriston, Michele (May 27, 2018). "Pretty Little Liars Star Sasha Pieterse Marries Hudson Sheaffer at Irish Castle". People. https://people.com/tv/sasha-pieterse-marries-hudson-sheaffer/। আহৰণ কৰা হৈছে: May 27, 2018.
- ↑ Merrett, Robyn (May 27, 2020). "Sasha Pieterse Expecting First Child with Husband Hudson Sheaffer: 'We Are So Excited'" (EN ভাষাত). PEOPLE.com. https://people.com/parents/sasha-pieterse-pregnant-expecting-first-child-hudson-sheaffer/। আহৰণ কৰা হৈছে: May 27, 2020.
- ↑ VanHoose, Benjamin; McGovern, Tim (November 13, 2020). "Sasha Pieterse and Husband Hudson Sheaffer Welcome Their First Child: 'We Are Absolutely in Love with Him'". People. https://people.com/parents/sasha-pieterse-welcomes-first-child-baby-son-husband-hudson-sheaffer/। আহৰণ কৰা হৈছে: November 14, 2020.
- ↑ Dodson, P. Claire (July 28, 2022). "'"Pretty Little Liars" Star Sasha Pieterse Talks "Original Sin," Emison, and Advice for Spinoff Cast". Teen Vogue. Conde Nast. https://www.teenvogue.com/story/pretty-little-liars-star-sasha-pieterse-original-sin-emison-interview। আহৰণ কৰা হৈছে: July 31, 2022.
- ↑ Seemayer, Zach (September 26, 2017). "Sasha Pieterse Tears Up Over Health Problems, Opens Up About Losing 15 Pounds Since Joining 'DWTS'". Entertainment Tonight. http://www.etonline.com/sasha-pieterse-tears-over-health-problems-opens-about-losing-15-pounds-joining-dwts-88109। আহৰণ কৰা হৈছে: September 27, 2017.
- ↑ Mizoguchi, Karen; Stern, Abby (October 5, 2017). "Sasha Pieterse Wows on People's Ones to Watch Red Carpet as She Reveals Why She's 'So Thankful to DWTS'" (en ভাষাত). people.com. https://people.com/tv/sasha-pieterse-medical-condition-response-amazing-dwts/। আহৰণ কৰা হৈছে: 2021-12-11.
- ↑ Kilpatrick, Gray (2023-08-11). "45 Facts About Sasha Pieterse" (en-US ভাষাত). Facts.net. https://facts.net/celebrity/45-facts-about-sasha-pieterse/। আহৰণ কৰা হৈছে: 2024-05-23.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ছাছা পিটাৰ্ছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ছাছা পিটাৰ্ছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
