ছাট'কো ইছিমিন
ছাট'কো ইছিমিন 石嶺 聡子 | |
|---|---|
২০১২ চনত ছাট'কো ইছিমিন | |
| পৃষ্ঠভূমি | |
| জন্ম | ৩ অক্টোবৰ, ১৯৭৫ (৫০ বছৰ) নাহা, অকিনাৱা, জাপান |
| সংগীতৰ ধৰণ | পপ, লোক-সংগীত, চউল |
| পেচা | গায়িকা-গীতিকাৰ |
| বাদ্যযন্ত্ৰ | কণ্ঠ, গীটাৰ |
| সক্ৰিয়তাৰ বছৰ | ১৯৯৪–বৰ্তমান |
| ৱেবছাইট | satokoishimine.com |
ছাট'কো ইছিমিন (ইংৰাজী: Satoko Ishimine; জন্ম: ৩ অক্টোবৰ ১৯৭৫) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ ১৯৯২ চনত কেৱল ১৬ বছৰ বয়সতে ১৬ সংখ্যক বাৰ্ষিক নাগাছাকি সংগীত মহোৎসৱৰ (16th annual Nagasaki Singing Festival) গ্ৰেণ্ড প্ৰিক্স লাভ কৰি খ্যাতি লাভ কৰে৷ ইয়াৰ ফলত তেওঁ টোছিবা ইএমআইৰ (Toshiba EMI) সৈতে গীত বাণীবদ্ধ কৰাৰ চুক্তি লাভ কৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইছিমিনে গীতৰ প্ৰশিক্ষণ আৰু নৃত্যৰ পাঠ ল’বলৈ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ যায়। ১৯৯৪ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথমটো একক গীত ডয়'বি টু পেন টু উডেড'কেই (Doyōbi to Pen to Udedokei, শনিবাৰ, পেন আৰু হাতঘড়ী) মুকলি কৰে।
১৯৯৫ চনৰ মাৰ্চ মাহত “৫ম এন.এইছ.কে নৱাগত গায়ন প্ৰতিযোগিতা”ত (5th NHK's Newcomer Singing Contest) ইছিমিনে প্ৰথম পুৰস্কাৰ লাভ কৰে। মে’ মাহত তেওঁ ছবি হিমেয়ুৰি নো টো (হিমেয়ুৰিৰ টাৱাৰ)ৰ বাবে প্ৰথমে শ্বৌকিচি কিনাই বাণীবদ্ধ কৰা বিখ্যাত গীত হানাৰ কভাৰ সংস্কৰণ মুকলি কৰে। এয়া তেওঁৰ তৃতীয়টো একক গীত আছিল আৰু গীতটোৰ প্ৰায় ৫ লাখতকৈ অধিক প্ৰতিলিপি বিক্ৰী হয়। বছৰৰ শেষৰ ফালে এই গীতটোৰ বাবে তেওঁ “৪৬ সংখ্যক বাৰ্ষিক এন এইচ কে কোহাকু উটা গাচেন”ত (46th annual NHK Kōhaku Uta Gassen) অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]জাপানৰ অকিনাৱা প্ৰিফেকচাৰৰ নাহা চহৰত তিনিগৰাকী ভগ্নীৰ আটাইতকৈ সৰু ভগ্নী হিচাপে ছাট'কো ইছিমিনৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালে দ্য কাৰ্পেণ্টাৰছ আৰু দ্য বিটলছৰ দৰে কিংবদন্তি বিদেশী সংগীতজ্ঞৰ গীত শুনি ভাল পাইছিল। দহ বছৰ বয়সৰ পৰাই তেওঁ এগৰাকী পেছাদাৰী গায়িকা হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল।[1] সৰুৰে পৰা ইছিমিনে গীত গাইছিল আৰু তেওঁৰ গীত সকলোৱে প্ৰশংসা কৰিছিল৷[2] সংগীত পৰিচালক আয়ামি মাটছুওৰ সহযোগত[3] তেওঁ আই টিউনছত তিনিটা গীত মুকলি কৰে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 「その頃のわたしは、歌手になりたいということを恥ずかしくて言えずにいたのですが Archived 2013-09-28 at the Wayback Machine」. Official blog. May 2, 2007.
- ↑ 「石嶺聡子、開花…葛藤乗り越え自分色咲いた Archived 2013-09-28 at the Wayback Machine」. ZAKZAK. January 23, 2004.
- ↑ 「ディレクターの松尾さんも誘って。 Archived 2015-03-25 at the Wayback Machine」. Official blog. February 3, 2015.
- ↑ 「10年ぶりとなる新譜3曲がiTunes Storeにて配信スタートしました。 Archived 2013-09-28 at the Wayback Machine」. Official blog. June 29, 2013.