ছাত্তাৰ খান
| ছাত্তাৰ খান | |
|---|---|
| জন্ম | ২০ অক্টোবৰ, ১৮৬৬ চৰ্দাৰ কাণ্ডী, ইৰান |
| মৃত্যু | ১৭ নৱেম্বৰ, ১৯১৪ (৪৮ বছৰ বয়সত) তেহৰাণ, ইৰান |
| ৰাজনৈতিক দল | মডাৰেট চচিয়েলিষ্ট পাৰ্টি[1] |
| দাম্পত্যসঙ্গী | ফাতেমা |
| সন্তান | ইয়াদোল্লাহ, চুলতান, মেছুমেহ, জলিল |
| সামৰিক কেৰিয়াৰ | |
| যুদ্ধ-বিগ্ৰহ |
|
ছাত্তাৰ খান (২০ অক্টোবৰ, ১৮৬৬ – ১৭ নৱেম্বৰ, ১৯১৪), যাক সন্মানীয়ভাৱে চৰ্দাৰ-এ মিল্লী (অৰ্থাৎ ৰাষ্ট্ৰীয় অধিনায়ক) উপাধিৰে জনা যায়, আছিল ইৰানী সাংবিধানিক বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ইৰানী লোকসকলৰ দ্বাৰা এজন জাতীয় বীৰ হিচাপে গণ্য কৰা হয়।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
ছাত্তাৰ খান ১৮৬৮ চনৰ কোনো এক সময়ত চৰ্দাৰ কাণ্ডীত জন্মগ্ৰহণ কৰিছিল। তেওঁ ইৰানী আজাৰবাইজানী মূলৰ আছিল।[3][4][5] তেওঁ কাৰাডাগৰ হজ হাছান বাজাজৰ তৃতীয় পুত্ৰ আছিল। তেওঁৰ শৈশৱকালতে ডকাইতি কাৰ্যত লিপ্ত থকাৰ অপৰাধত তেওঁৰ ডাঙৰ ককায়েকক চৰকাৰীভাৱে মৃত্যুদণ্ড দিয়া হৈছিল।[6]
পৰিয়ালটো পৰৱৰ্তী সময়ত তাব্ৰিজলৈ গুচি আহে। তাত দেউতাকে আশ্ৰয় দিয়া দুজন ককেচীয় পলাতক অপৰাধীক লুকুৱাই ৰখাৰ চেষ্টা কৰোতে ছাত্তাৰ খান নিজেই আইনৰ মেৰপেচত সোমাই পৰে। ইয়াৰ বাবে তেওঁক নাৰিন কালা নামৰ এখন কুখ্যাত স্থানীয় কাৰাগাৰত দুবছৰৰ বাবে বন্দী কৰি ৰখা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ নিজেও ডকাইতিৰ সৈতে জড়িত হৈ পৰে আৰু পুনৰ কাৰাগাৰলৈ যাবলগীয়া হয়। তেওঁ খয় আৰু মাৰাণ্ডৰ মাজৰ মুখ্য পথটো নিয়ন্ত্ৰণ কৰা জেণ্ডাৰমেৰীটোত সেৱা আগবঢ়াইছিল আৰু কিছুদিনৰ বাবে যুৱৰাজ মোজাফ্ফৰ-আল-দিন মিৰ্জাৰ সশস্ত্ৰ দেহৰক্ষীৰ এটা অংশ হিচাপে কাম কৰিছিল। তেওঁক "খান" (যাৰ অৰ্থ পাৰ্চী ভাষাত "মহাশয়") উপাধি প্ৰদান কৰা হৈছিল।[6]
পিছলৈ তেহৰাণত কিছু সময় অতিবাহিত কৰাৰ পিছত তেওঁ মাশহাদৰ ওচৰত তুৰ্কমেন ডকাইতৰ বিৰুদ্ধে যুঁজ দিয়া এটা সহায়ক সৈন্যবাহিনীৰ নেতৃত্ব দিছিল।[6]
বিপ্লৱী জীৱন
[সম্পাদনা কৰক]ছাত্তাৰ খানৰ চচিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল।[7] তেওঁ তাব্ৰিজৰ আমিৰখিজ জিলাৰ এজন অচিনাকি ব্যক্তিৰ পৰা সাংবিধানিক বিদ্ৰোহীসকলৰ মুৰব্বী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯০৭ চনৰ ভিতৰত তেওঁ বিদ্ৰোহীসকলৰ এজন জনপ্ৰিয় নেতা হৈ পৰে। ৰাজধানী তেহৰাণত ইৰানৰ মজলিছ (সংসদ) আক্ৰমণ কৰাৰ পিছত, মহম্মদ আলী শ্বাহৰ ৪০ হাজাৰ সৈন্যক তাব্ৰিজ আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, য’ত সাংবিধানিক বিদ্ৰোহীসকলে আশ্ৰয় লৈ আছিল। ১৯০৮ চনৰ জুন মাহত ছাত্তাৰ খানৰ নেতৃত্বত এখন উচ্চ সামৰিক পৰিষদ গঠন কৰা হয়। ছাত্তাৰ খানক এই পৰিষদৰ মুখ্য অধিনায়ক, বাঘেৰ খানক তেওঁৰ সহায়ক আৰু আলী মুছিঅ’, হাজী আলী আৰু ছৈয়দ হাশেম খানক অন্যান্য উল্লেখযোগ্য সদস্য হিচাপে নিযুক্তি দিয়া হয়।

১৯০৯ চনৰ এপ্ৰিল মাহৰ ভিতৰত তাব্ৰিজৰ বিদ্ৰোহীসকলে চহৰখনৰ পৰা ৰাজতন্ত্ৰী বাহিনীক বহিষ্কাৰ কৰিবলৈ গৈ বুজন সংখ্যক যুঁজাৰু হেৰুৱাইছিল। যুদ্ধৰ সময়ত ছাত্তাৰ খান আৰু বাঘেৰ খানৰ বীৰত্বৰ প্ৰতি লক্ষ্য ৰাখি, বিধানসভাৰ নিৰ্দেশত ছাত্তাৰ খানক "চৰ্দাৰ-এ মিল্লী" (ৰাষ্ট্ৰীয় জেনেৰেল) আৰু বাঘেৰ খানক "চালাৰ-এ মিল্লী" (ৰাষ্ট্ৰীয় নেতা) উপাধিৰে সন্মানিত কৰা হয়।
তাব্ৰিজত বিদ্ৰোহীসকলৰ প্ৰাৰম্ভিক বিজয়ে সমগ্ৰ ইৰানৰ অন্যান্য সাংবিধানিক কৰ্মীসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল। তেহৰাণ, ৰাষ্ট, কাজভিন, ইচফাহান আৰু অন্যান্য চহৰত "ছাত্তাৰ খান" নামেৰে বিশেষ কমিটি গঠন কৰা হৈছিল। ছাত্তাৰ খানৰ জনপ্ৰিয়তাই শক্তিশালী বাখতিয়াৰী জনজাতীয় নেতাসকলকো তাব্ৰিজৰ বিদ্ৰোহীসকলক সমৰ্থন কৰিবলৈ উৎসাহিত কৰিছিল।[8]

১৯০৮ চনৰ অক্টোবৰ মাহৰ ভিতৰত আজাৰবাইজান প্ৰদেশৰ বেছিভাগ চহৰ ৰাজতন্ত্ৰী সামৰিক বাহিনীৰ পৰা মুক্ত কৰা হয়। মহম্মদ আলী শ্বাহ কাজাৰে বিৰোধী পক্ষক শান্ত কৰাৰ প্ৰয়াসত তেহৰাণত মজলিছ পুনৰ মুকলি কৰাৰ অনুমতি দিয়ে।
১৯০৮ চনৰ ডিচেম্বৰ মাহত দ্বিতীয় মজলিছ অনুষ্ঠিত হয়। ইয়াত তেওঁলোকৰ সেৱাৰ স্বীকৃতিস্বৰূপে সোণত খোদিত ছাত্তাৰ খান আৰু বাঘেৰ খানৰ প্ৰতিচ্ছবি থকা এখন সন্মানীয় ফলক নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
তাব্ৰিজৰ বিজয়ৰ পিছত শক্তিশালী হোৱা বৈপ্লৱিক শক্তিয়ে কেৱল কাজাৰ শ্বাহকেই নহয়, বৰঞ্চ তেওঁৰ সহযোগী ৰাছিয়া আৰু গ্ৰেট ব্ৰিটেইনকো শংকিত কৰি তুলিছিল। ১৯১০ চনৰ মাৰ্চ মাহত ছাত্তাৰ খান আৰু বাঘেৰ খানে ৩০০ মডাৰেট পন্থী সৈন্যৰ সৈতে ৰাজধানী তেহৰাণ অভিমুখে যাত্ৰা কৰে,[9] য’ত ১৯১০ চনৰ ৩ এপ্ৰিলত তেওঁলোকক বৃহৎ সংখ্যক সমৰ্থকে আদৰণি জনায়।
ছাত্তাৰ খান আৰু তেওঁৰ যুঁজাৰুসকলে আটাবাক পাৰ্কত শিবিৰ স্থাপন কৰিছিল, য’ত তেওঁলোকে নিৰস্ত্ৰ হ’বলৈ দিয়া শ্বাহৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰে। ১৯১০ চনৰ ৭ আগষ্টৰ নিশা তেহৰাণ আৰক্ষীৰ মুৰব্বী ইয়েপ্ৰেম খানৰ নেতৃত্বত শ্বাহৰ সৈন্য আৰু আৰক্ষী বাহিনীয়ে এক চুটি অথচ হিংসাত্মক সংঘৰ্ষ আৰম্ভ কৰে আৰু ছাত্তাৰ খানৰ বাহিনীক ঘেৰাও কৰি নিৰস্ত্ৰ কৰাত সফল হয়। প্ৰায় ৩০ জন যুঁজাৰু নিহত হয় আৰু ছাত্তাৰ খানৰ ভৰিত গুলী লাগে। ১৯১৪ চনৰ ৯ নৱেম্বৰত ৪৮ বছৰ বয়সত মৃত্যু হোৱালৈকে তেওঁ ঘূণীয়া হৈ আছিল।[10] তেওঁক তেহৰাণৰ সমীপৱৰ্তী চহৰ-এ ৰায়ত অৱস্থিত বিখ্যাত শাহ-আব্দল-আজিম মাজাৰত সমাধিস্থ কৰা হয়।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]
ছাত্তাৰ খানক ইৰানত ইৰানী সাংবিধানিক বিপ্লৱৰ এজন বীৰ নেতা হিচাপে স্মৰণ কৰা হয় আৰু তেওঁক কেন্দ্ৰ কৰি বহুতো কবিতা আৰু গীত ৰচনা কৰা হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ali Mohammadi (1378). "حزب اجتماعیون اعتدالیون از پیدایش تا فروپاشی" (Persian ভাষাত). Yad (53–56): 433. http://ensani.ir.[সংযোগবিহীন উৎস]
- ↑ "Historic Personalities of Iran: Sattar Khan". ://iranchamber.com. http://iranchamber.com.
- ↑ Iran and Its Place Among Nations, by Alidad Mafinezam, Aria Mehrabi, 2008, p.57
- ↑ Encyclopedia of the Peoples of Africa and the Middle East, Facts on File, Incorporated, 2009 p.78
- ↑ The Turks in World History, by Carter Vaughn Findley - Professor of History Ohio State University, 2004, p.146
- 1 2 3 "SATTĀR KHAN – Encyclopaedia Iranica". www.iranicaonline.org. http://www.iranicaonline.org/articles/sattar-khan-one-of-the-most-popular-heroes-from-tabriz-who-defended-the-town-during-the-lesser-autocracy-in-1908-09.
- ↑ Shaffer, Brenda (2003). Borders and Brethren: Iran and the Challenge of Azerbaijani Identity. MIT Press. p. 41. আই.এচ.বি.এন. 0-262-19477-5
- ↑ Arash Khazeni, Tribes & empire on the margins of nineteenth-century Iran, University of Washington Press, 2009. (p. 172)
- ↑ Abrahamian, Ervand (1982). Iran Between Two Revolutions. Princeton University Press. পৃষ্ঠা. 107. ISBN 0-691-10134-5. https://archive.org/details/iranbetweentwore00abra_0/page/107.
- ↑ Houri Berberian, Armenians and the Iranian constitutional revolution of 1905-1911: "the love for freedom has no fatherland", Westview Press, 2001. (p. 154).
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ছাত্তাৰ খান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sattar Khan, Encyclopædia Iranica