সমললৈ যাওক

ছানথৰ্ন ফু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছানথৰ্ন ভহাৰা (ফু)

বেংককত থকা ছানথৰ্ন ফুৰ মূৰ্তি
জন্ম ফু (ภู่)
২৬ জুন ১৭৮৬
বেংকক নয়, বেংকক, ছিয়াম
মৃত্যু ১৮৫৫ (৬৯ বছৰ)
টালিং চান, বেংকক, ছিয়াম
ছদ্মনাম ছানথৰ্ন ফু (สุนทรภู่)
পেচা কবি
ভাষা থাই
ৰাষ্ট্ৰীয়তা থাই
ধৰণ ফেণ্টাছি বা ঐতিহাসিক
উল্লেখনীয় কৰ্মৰাজি ফ্ৰা আফাই মণি
সন্তান

ফ্ৰা ছানথৰ্ন ভহাৰা (ফু) (থাই: พระสุนทรโวหาร (ภู่)) থাইলেণ্ডৰ এজন ৰাজকীয় কবি।[1] তেওঁক ছানথৰ্ন ফু (থাই: สุนทรภู่) নামেৰেও জনা যায়৷ তেওঁ থাইলেণ্ডৰ ৰত্তানাকোচিন যুগত কাব্য ৰচনা কৰিছিল।

দ্বিতীয় ৰামৰ ৰাজত্বকালত ফুয়ে ৰাজকবি হিচাপে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু ৰজাৰ মৃত্যুৰ সময়ত তেওঁ এই ভূমিকাৰ পৰা পদত্যাগ কৰি মংক (বৌদ্ধ সন্ন্যাসী) হৈছিল। বিশ বছৰৰ পাছত তৃতীয় ৰামৰ ৰাজত্বকালত তেওঁ ৰাজসাহিত্যিক হিচাপে দৰবাৰলৈ উভতি আহে আৰু গোটেই জীৱন অতিবাহিত কৰে।[2]

ফু পদ্য ৰচনাৰ বাবে বিখ্যাত আছিল, আৰু তেওঁৰ মহাকাব্যিক কবিতাবোৰ আজিও থাইলেণ্ডত জনপ্ৰিয়। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে সোণালী পৰ্বতলৈ যোৱা যাত্ৰাৰ কথা কোৱা কবিতা সংকলন নিৰত ফূখাও থং (Nirat Phukhao Thong), চুফান বুৰি প্ৰদেশলৈ তেওঁৰ যাত্ৰাৰ ভিত্তিত ৰচনা কৰা নিৰত চুফান (Nirat Suphan), আৰু ফ্ৰা আফাই মণি (Phra Aphai Mani) নামৰ কিংবদন্তিমূলক কাহিনী৷

ছানথৰ্ন ফুৰ জন্ম হৈছিল প্ৰথম ৰজা ৰামৰ ৰাজত্বকালত, ১৭৮৬ চনৰ ২৬ জুনত। বৰ্তমানৰ বেংকক নয় ৰেলৱে ষ্টেচন আৰু ৱাং লেং মাৰ্কেটৰ ওচৰত ৰাজপ্ৰসাদৰ পিছফালে তেওঁৰ ঘৰ আছিল। তেওঁৰ পিতৃ ৰায়ং প্ৰদেশৰ ক্লায়েং জিলাৰ বান ক্ৰাম (Ban Kram) আছিল যদিও নতুন প্ৰজন্মৰ ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্ৰকৃততে তেওঁৰ পিতৃ আজিৰ ফেটচাবুৰী প্ৰদেশৰ বান লাট জিলাৰ বান চামো ফ্লুৱেৰ ব্ৰাহ্মণ বংশৰ আছিল।

১৮৫৫ চনত তেওঁৰ মৃত্যু হয়৷[3][4]

থাই ইতিহাস বৰ্ণনা কৰা তেওঁৰ কাব্যিক সাহিত্যবোৰ সময়ৰ লগে লগে বিখ্যাত হৈ পৰিছিল। ১৯৮৬ চনত তেওঁৰ ২০০ বছৰীয়া জন্ম জয়ন্তীত ছানথৰ্ন ফুক ইউনেস্কোৰ দ্বাৰা এজন মহান বিশ্ব কবি হিচাপে সন্মানিত কৰা হয়।[5] তেওঁৰ ফ্ৰা আফাই মণি মহাকাব্যৰ কবিতাসমূহে এক কল্পনাপ্ৰসূত পৃথিৱীৰ বৰ্ণনা কৰিছে, য’ত সকলো জাতি আৰু ধৰ্মৰ লোকে একেলগে বাস কৰে আৰু মিলাপ্ৰীতিৰে মত বিনিময় কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]