সমললৈ যাওক

ছাবা আজাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাবা আজাদ

ছাবা আজাদ (ইংৰাজী: Saba Azad ; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫)[1][2] এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।[3] ৰোমান্টিক কমেডী ছবি “মুঝছে ফ্ৰেণ্ডশ্বিপ কৰোগে”ত (২০১১) মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।[4] ২০১৬ চনৰ ৱাই-ফিল্মছ ৱেব ছিৰিজ “লেডিজ ৰুম”তো ডিংগোৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আজাদৰ জন্ম দিল্লীত পাঞ্জাবী পিতৃ আৰু কাশ্মীৰী মাতৃৰ ঘৰত হৈছিল।[5] তেওঁ থিয়েটাৰৰ মহান কলাকাৰ চফদাৰ হাছমীৰ ভতিজী। নাট্য পৰিয়ালত জন্মগ্ৰহণ কৰা আজাদে অতি কম বয়সৰ পৰাই ছফদাৰ হাছমীৰ নাট্যদল জন নাট্যমঞ্চৰ সৈতে তেওঁলোকৰ মঞ্চ প্ৰযোজনাত অভিনয় কৰিছিল, য'ত তেওঁ হবিব তনবীৰ, এম কে ৰাইনা, জি পি দেশপাণ্ডে আৰু এন কে শৰ্মাৰ সৈতে কাম কৰিছিল।[6] ইয়াৰ উপৰিও তেওঁ অডিচি, ক্লাছিকেল বেলে, জাজ, লেটিনৰ দৰে নৃত্যৰ লগতে সমসাময়িক নৃত্যৰ ক্ষেত্ৰতো প্ৰশিক্ষণ লৈছিল।[7] তেওঁৰ ওডিচি গুৰু কিৰণ ছেহগালৰ সৈতে ইংলেণ্ড, কানাডা আৰু নেপালকে ধৰি দেশৰ ভিতৰত আৰু বাহিৰত অনুষ্ঠান পৰিৱেশন কৰিছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bahuguna, Lavanya (27 March 2017). "This Sikh Actress With An Islamic Name Explaining Her Religious Belief Is A Slap On The Face Of Extremists". IWB. Archived from the original on 19 May 2022. https://web.archive.org/web/20220519111819/https://www.indianwomenblog.org/this-sikh-actress-with-an-islamic-name-explaining-her-religious-belief-is-a-slap-on-the-face-of-extremists/ আহৰণ কৰা হৈছে: 1 May 2022.
  2. "Birds of then". The Times of India. 19 December 2011. https://timesofindia.indiatimes.com/blogs/saba-azads-blog/birds-of-then/.
  3. Chakrabarti, Paromita (10 December 2008). "Change of Scene". The Indian Express. http://www.indianexpress.com/news/Change-of-Scene/396302/ আহৰণ কৰা হৈছে: 24 December 2012.
  4. "When Saba lost her tresses!" (en ভাষাত). Hindustan Times. 13 October 2011. https://www.hindustantimes.com/bollywood/when-saba-lost-her-tresses/story-aIzaSFuEiQ4rktSNLX6TAP.html আহৰণ কৰা হৈছে: 20 May 2020.
  5. "Mongrel me". The Times of India. 26 December 2011. https://timesofindia.indiatimes.com/blogs/saba-azads-blog/mongrel-me/.
  6. 1 2 Doshi, Riddhi (1 January 2009). "My uncle was my mentor". DNA. http://www.dnaindia.com/mobile/report.php?n=1218157 আহৰণ কৰা হৈছে: 26 July 2016.
  7. "Mujhse Fraaandship Karoge". India Today. 17 October 2011. http://indiatoday.intoday.in/story/mujhse-fraaandship-karoge/1/155218.html আহৰণ কৰা হৈছে: 24 December 2012.