সমললৈ যাওক

ছাবিনা ইয়াছমিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাবিনা ইয়াছমিন

২০১৫ চনত ছাবিনা ইয়াছমিন
জন্ম ০৪ ছেপ্টেম্বৰ, ১৯৫৪ (৭১ বছৰ)[1]
ঢাকা, পূৰ্ববঙ্গ, পাকিস্তান (বৰ্তমান   বাংলাদেশ)
শিক্ষা স্নাতকোত্তৰ, সমাজবিজ্ঞান
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়[1]
পেচা গায়িকা
দাম্পত্যসঙ্গী
  • আনিসুৰ ৰহমান (বিচ্ছেদ.)
  • আমীৰ হোসেইন (বিচ্ছেদ.)
  • কবীৰ সুমন (বি. ভুল: অযোগ্য সময়)
সন্তান
আত্মীয়-স্বজন
বঁটা, সন্মান, পুৰস্কাৰ আদি
সাঁচ:তথ্যছক সঙ্গীতজ্ঞ

ছাবিনা ইয়াছমিন (ইংৰাজী: Sabina Yasmin; জন্ম ৪ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী বাংলাদেশী নেপথ্য গায়িকা। বাংলাদেশৰ চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি দেশপ্ৰেমমূলক গীতৰপৰা আৰম্ভ কৰি শাস্ত্ৰীয়, লোকগীত, আধুনিক বাংলা গীতলৈকে বিভিন্ন ধৰণৰ গীত গাই দেশৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে। চলচ্চিত্ৰ গীতত কণ্ঠদানৰ বাবে ছাবিনা ইয়াছমিনে ১৪টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৬টা বাচছাছ বঁটা লাভ কৰিছে। শিল্পকলাৰ সংগীত শাখালৈ আগবঢ়োৱা অৱদানৰ বাবে বাংলাদেশ চৰকাৰে ১৯৮৪ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক জাতীয় সন্মান একুশে পদক আৰু ১৯৯৬ চনত সৰ্বোচ্চ অসামৰিক ৰাষ্ট্ৰীয় সন্মান স্বাধীনতা পুৰস্কাৰেৰে তেওঁক ভূষিত কৰিছে।

সৰুৰেপৰাই ছাবিনাই গান গোৱাৰ পাঠ ল’বলৈ আৰম্ভ কৰিছিল। সাত বছৰ বয়সত প্ৰথম মঞ্চানুষ্ঠানত অংশ লৈছিল আৰু খেলাঘৰ নামৰ ৰেডিঅ’ অনুষ্ঠানত শিশুসকলৰ বাবে গীত গাইছিল। ১৯৬২ চনত নতুন সুৰ ছবিত ৰবীন ঘোষৰ সুৰত শিশুৰ গীতত কণ্ঠদান কৰে। চলচ্চিত্ৰত পূৰ্ণ নেপথ্য সঙ্গীতশিল্পী হিচাপে তেওঁৰ আত্মপ্ৰকাশ হয় ১৯৬৭ চনতে আগুন নিয়ে খেলা চলচ্চিত্ৰৰ যোগেদি। ১৯৭২ চনত অবুঝ মন চলচ্চিত্ৰৰ "শুধু গান গেয়ে পৰিচয়" গীতটিত কণ্ঠ দান কৰি‍ তেওঁ প্ৰথম জনপ্ৰিয়তা লাভ কৰে। ১৯৭৬ চনত প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল সুজন সখী চলচ্চিত্ৰত "সব সখিৰেৰে পাৰ কৰিতে" গীতটিৰ বাবে আৰু তাৰ পাছত গোলাপী এখন ট্ৰেনে (১৯৭৮), সুন্দৰী (১৯৭৯) আৰু কসাই (১৯৮০) চলচ্চিত্ৰৰ গীতৰ বাবে একেৰাহে আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

আশীৰ দশকত তেওঁ গোৱা ""জন্ম থেকে জ্বলছি মাগো", "আমি ৰজনীগন্ধা ফুলেৰ মত" আৰু "চিঠি দিওঁ প্ৰতিদিন" গীতবোৰে জনপ্ৰিয়তা লাভ কৰিছিল। এই সময়ত তেওঁ চন্দ্ৰনাথ (১৯৮৪), প্ৰেমিক (১৯৮৫), ৰাজলক্ষ্মী শ্ৰীকান্ত (১৯৮৭) আৰু দুই জীৱন (১৯৮৮) চলচ্চিত্ৰৰ গীতত কণ্ঠ দান কৰি চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত তেওঁ দাঙ্গা (১৯৯১), ৰাধা কৃষ্ণ (১৯৯২), দুই দুয়াৰী (২০০০), দুই নয়নেৰ আলো (২০০৫), আৰু দেবদাস (২০১৩) চলচ্চিত্ৰৰ গীতৰ বাবে‍ জন্য ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ গোৱা দেশাত্মবোধক গীতবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল "জন্ম আমাৰ ধন্য হলো মা গো", "সব ক’টা জানালা খুলে দাও না", "ও আমাৰ বাংলা মা", "মাঝি নাও ছাড়িয়া দে", "সুন্দৰ সুবৰ্ণ" আৰু "একটি বাংলাদেশ তুমি জাগ্ৰত জনতাৰ।" গান গোৱাৰ সমান্তৰালকৈ তেওঁ ২০১০ চন চেনেল আইৱেৰ সেৰা কণ্ঠ অনুষ্ঠানত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ তৃতীয় স্বামী কবীৰ সুমন এজন স্বনামধন্য সঙ্গীতশিল্পী আৰু সুৰকাৰ।

সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ছাবিনা ইয়াছমিনে বহুবাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যেনে, ১৯৮৪ চনত একুশে পদক, ১৯৯৬ চনত স্বাধীনতা দিৱস পুৰস্কাৰ, মুঠ চৌধ্যবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ, মুঠ ছবাৰ বাচসাস পুৰস্কাৰ, ১৯৯১ চনত বিএফজেএ পুৰস্কাৰ। ১৯৯১ চনত উত্তম কুমাৰ বঁটা, এইচ এম ভি ডাবল প্লেটিনাম ডিস্ক, ১৯৮৪ চনত বিশ্ব উন্নয়ন সংস্থাৰপৰা সংগীতত ‘ডক্টৰেট’ ডিগ্ৰী লাভ, ১৯৭৪ আৰু ১৯৭৫ চনত জহীৰ ৰাইহান চলচ্চিত্ৰ বঁটা, ১৯৭৫ চনত পুবাণী চলচ্চিত্ৰ বঁটা, ১৯৯০ চনত শেৰে বাংলা স্মৃতি পদক, ১৯৯২ চনত জ্যোতিষ বঁটা, ১৯৯২ চনত জিয়া স্মৃতি পদক আৰু লছ এঞ্জেলছৰ নিউয়ৰ্কৰপৰা ‘শ্ৰেষ্ঠ গায়ক’ৰ বঁটা।[2] ২০১৭ চনত দশম ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড-দ্য ডেইলী ষ্টাৰ জীৱনৰ জয়গান উৎসৱৰ আজীৱন সম্মান লাভ কৰে‍[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "List of Independence Awardees". Bangladesh Government Cabinet Division. 2013-02-05. http://www.cabinet.gov.bd/view_award.php?lang=bn&award_person_id=70. 
  2. সাঁচ:সাময়িকী উদ্ধৃতি
  3. "‘জীৱনেৰ জয়গান’-এ সম্মানিত হচ্ছেন তাঁৰা" (bn ভাষাত). 2019-10-16. https://www.prothomalo.com/entertainment/article/1352821/%E2%80%98%E0%A6%9C%E0%A7%80%E0%A6%AC%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%97%E0%A6%BE%E0%A6%A8%E2%80%99-%E0%A6%8F-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%B0%E0%A6%BE.