সমললৈ যাওক

ছাবেৰিনিক এচিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাবেৰিনিক এচিডৰ এটা সাধাৰণ উপাদান অক্টাডেকেন-১,১৮-ডাইঅ’ইক এচিডৰ ৰাসায়নিক গঠন।[1]

বেটুলা গছৰ বাকলিত প্ৰাকৃতিকভাৱে দেখা পোৱা একপ্ৰকাৰৰ কাৰ্বক্সিলিক এচিড হৈছে ছাবেৰিনিক এচিড। ৰাসায়নিকভাৱে ইহঁতৰ প্ৰধানকৈ α- আৰু ω- দ্বিকাৰ্যকৰী সংপৃক্ত আৰু অসংপৃক্ত ফেটি এচিডৰ শেষৰ সৈতে দীঘলীয়া (C18) শৃংখল থাকে।[2] ইহঁতৰ নামটো গছৰ বাকলিৰ এটা প্ৰধান ৰাসায়নিক বায়’পলিমাৰ ছাবেৰিনৰপৰাই উদ্ভৱ হৈছে।

ব্যৱহাৰ

[সম্পাদনা কৰক]

বাৰ্চ (Betula spp.) গছৰ বাহিৰৰ বাকলিত বেটুলিন প্ৰচুৰ পৰিমাণে পোৱা যায়। বেটুলিন নিষ্কাশন কৰাৰ পাছত বাকী থকা পদাৰ্থবোৰ ছাবেৰিন যুক্ত কলাৰে গঠিত। ছাবেৰিন হৈছে α,ω - দ্বিকাৰ্যকৰী ফেটি এচিড, অৰ্থাৎ ছাবএৰিনিক এচিডৰে গঠিত বায়’পলিয়েষ্টাৰ, যিয়ে লিগ’কাৰ্বহাইড্ৰেট কমপ্লেক্সৰ সৈতে পলিঅ’ল সংশ্লেষণৰ বাবে ছাবএৰিনিক এচিড নিষ্কাশনৰ সময়ত পোৱা উপজাত সামগ্ৰীৰ ৰূপত সম্ভাৱ্য আঠা হিচাপে কাম কৰিব পাৰে। শেহতীয়া অধ্যয়নসমূহে বিভিন্ন দ্ৰাৱক ব্যৱহাৰ কৰি কাঠভিত্তিক পেনেল যেনে পাৰ্টিকলবৰ্ডত ছাবেৰিনক ডিপলিমাৰাইজ কৰি পোৱা এই সামগ্ৰীৰ সম্ভাৱ্য প্ৰয়োগ প্ৰমাণ কৰিছে।[3]

শেহতীয়াকৈ কাঠ উদ্যোগত চাবাৰিক এচিডৰ নতুন প্ৰয়োগ পোৱা গৈছে।[4][5] নিষ্কাষিত বাৰ্চৰ বাহিৰৰ বাকলিৰপৰা পোৱা চাবৰেনিক এচিডৰ ঔদ্যোগিক মিশ্ৰণক উদ্যোগত আঠাযুক্ত উদ্দেশ্যত সফলতাৰে ব্যৱহাৰ কৰিব পাৰি,[6] সম্ভৱতঃ কাঠৰ সুৰক্ষাতো।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Godina, Daniela; Makars, Raimonds; Paze, Aigars; Rizhikovs, Janis (2023). "Analytical Method Cluster Development for Comprehensive Characterisation of Suberinic Acids Derived from Birch Outer Bark". Molecules খণ্ড 28 (5): 2227. doi:10.3390/molecules28052227. PMID 36903473. 
  2. Godina, Daniela; Makars, Raimonds; Abolins, Arnis; Paze, Aigars; Kirpluks, Mikelis; Rizhikovs, Janis (18 October 2022). "Suberinic Acid Isolation from Birch Outer Bark and their Characterization". Materials Science Forum (Trans Tech Publications, Ltd.) খণ্ড 1071: 166–173. doi:10.4028/p-75i7vl. ISSN 1662-9752. 
  3. Makars, Raimonds; Rizikovs, Janis; Godina, Daniela; Paze, Aigars; Merijs-Meri, Remo (6 June 2022). "Utilization of Suberinic Acids Containing Residue as an Adhesive for Particle Boards". Polymers (MDPI AG) খণ্ড 14 (11): 2304. doi:10.3390/polym14112304. ISSN 2073-4360. PMID 35683976. 
  4. "Post-extraction birch bark residues as a potential binder in particleboards". https://publisherspanel.com/api/files/view/1971781.pdf। আহৰণ কৰা হৈছে: 17 April 2024. 
  5. Makars, Raimonds; Rizikovs, Janis; Godina, Daniela; Paze, Aigars; Merijs-Meri, Remo (6 June 2022). "Utilization of Suberinic Acids Containing Residue as an Adhesive for Particle Boards". Polymers (MDPI AG) খণ্ড 14 (11): 2304. doi:10.3390/polym14112304. ISSN 2073-4360. PMID 35683976. 
  6. "Suberbinder application • Suberbinder". Suberbinder. 5 March 2020. https://suberbinder.com/en/product-and-technology/suberbinder-application/। আহৰণ কৰা হৈছে: 17 April 2024. 
  7. "IRG Wood Protection". IRG Wood Protection. Archived from the original on 11 August 2024. https://web.archive.org/web/20240811080321/https://irg-wp.com/IRG55/programme1.htm। আহৰণ কৰা হৈছে: 17 April 2024.  Suberinic acid from birch bark and its suitability in wood protection, by A. Treu, M. Altgen, J. Rizikovs