ছাব্ৰিনা ছাকিব
ছাব্ৰিনা ছাকিব (ইংৰাজী: Sabrina Saqeb) এগৰাকী আফগান ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2][3][4] ২০০৯ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ে শ্বিয়া ব্যক্তিগত আইন সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ আৰু আয়োজন কৰাত তেওঁ সহায় কৰে৷ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেওঁ সেইসময়ত সংবাদ মাধ্যম আৰু জনতাৰ দৃষ্টি আকৰ্ষণ কৰে৷ যদিও প্ৰতিবাদত অংশ লোৱা ছাব্ৰিনাৰ সতীৰ্থ একাংশ প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ স্থিতি আৰু প্ৰতিবাদী কণ্ঠৰ বাবে আফগান পুৰুষৰ পৰা আক্ৰমণৰ সন্মুখীন হয়।[2][4]অন্যান্য বিষয়ৰ লগতে এই আইন অনুসৰি মহিলাসকলে স্বামীৰ সৈতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যৌন সম্পৰ্ক স্থাপন কৰিব লাগিব আৰু মহিলাসকলে ঘৰৰ পৰা ওলোৱাৰ আগতে পুৰুষৰ পৰা অনুমতি ল'ব লাগিব।[2] সংসদত কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ছাকিবে "মহিলা, শান্তি আৰু নিৰাপত্তাৰ বাবে গৱেষণা প্ৰতিষ্ঠান" নামৰ এটা সংস্থাৰ সহ-প্ৰতিষ্ঠা কৰে৷ ইয়াৰ লগতে তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bobin, Frédéric (12 September 2009). "Sabrina Saqeb, députée à la pointe du combat des femmes en Afghanistan". Le Monde. http://www.lemonde.fr/asie-pacifique/article/2009/09/12/sabrina-saqeb-deputee-a-la-pointe-du-combat-des-femmes-en-afghanistan_1239518_3216.html। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ 2.0 2.1 2.2 Najafizada, Shoib; Gebauer, Matthias (3 March 2009). "Legalized Oppression of Women: Western Outrage over Discriminatory Afghan Law". Spiegel. http://www.spiegel.de/international/world/legalized-oppression-of-women-western-outrage-over-discriminatory-afghan-law-a-617276.html। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ 3.0 3.1 Loshkin, Anna (25 May 2014). "Afghanistan’s Women Emerge". The Diplomat. https://thediplomat.com/2014/05/afghanistans-women-emerge/?img=3#postImage। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ 4.0 4.1 "Women protesting at 'pro-rape' law attacked by Afghan men". The Independent. 16 April 2009. https://www.independent.co.uk/news/world/asia/women-protesting-at-pro-rape-law-attacked-by-afghan-men-1669296.html। আহৰণ কৰা হৈছে: 14 November 2016.