ছামিনা আলী
| ছামিনা আলী | |
|---|---|
| জন্ম | হায়দৰাবাদ, ভাৰত |
| পেচা | লেখক |
| ভাষা | ইংৰাজী |
| ৰাষ্ট্ৰীয়তা | আমেৰিকান |
| মাতৃশিক্ষায়তন | মিনেছ'টা বিশ্ববিদ্যালয় অৰেগন বিশ্ববিদ্যালয় |
| ধৰণ | কাহিনী |
| উল্লেখযোগ্য বঁটা | ২০১৫ প্ৰিক্স ডু প্ৰিমিয়াৰ ৰোমান এট্ৰেঞ্জাৰ বঁটা |
| ৱেবছাইট | saminaali |
ছামিনা আলী ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান লেখিকা, মুছলমান মহিলাৰ অধিকাৰৰ কৰ্মী, কিউৰেটৰ আৰু ৰাজহুৱা বক্তা।[1] তেওঁৰ প্ৰথম উপন্যাস মাদ্ৰাজ অন ৰেনি ডেজএ ফ্ৰান্সৰপৰা প্ৰিক্স ডু প্ৰিমিয়াৰ ৰোমান এট্ৰেঞ্জাৰ বঁটা লাভ কৰে আৰু কল্পকাহিনীত পেন/হেমিংৱে বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।[2] তেওঁ বিশ্বব্যাপী প্ৰদৰ্শনী মুছলিমা: মুছলিম উইমেন’ছ আৰ্ট এণ্ড ভইচেছ (২০১৩) আলীৰ স্মৃতিগ্ৰন্থ পিচছ ইউ’ল নেভাৰ গেট বেক (২০২৫)ৰ কিউৰেটৰ, প্ৰসৱৰ পিছত তেওঁৰ মৃত্যুৰ কাষ চাপি অহা অভিজ্ঞতা আৰু পৰৱৰ্তী আৰোগ্যৰ বুৰঞ্জী লিখিছে।
কেৰিয়াৰ
[সম্পাদনা কৰক]আলীৰ প্ৰথম উপন্যাস মাদ্ৰাজ অন ৰেইনি ডেজ ২০০৪ চনত ফাৰাৰ, ষ্ট্ৰাউছ আৰু জিৰ’ই প্ৰকাশ কৰে। গ্ৰন্থখনে সমালোচকৰ প্ৰশংসা লাভ কৰে, ফ্ৰান্সত প্ৰিক্স প্ৰিমিয়াৰ ৰোমান এট্ৰেঞ্জাৰ বঁটা লাভ কৰে আৰু পয়েটছ এণ্ড ৰাইটাৰ্ছ মেগাজিনে বছৰৰ শীৰ্ষ অভিষেক হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ উপৰি ই পেন/হেমিংৱে বঁটা আৰু কেলিফৰ্ণিয়া বুক ৰিভিউয়াৰ্ছ বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।
তেওঁ আন্তৰ্জাতিক মহিলা সংগ্ৰহালয় (IMOW)ৰ বাবে এক বিশ্বব্যাপী, ভাৰ্চুৱেল প্ৰদৰ্শনী মুছলিমা: মুছলিম উইমেন’ছ আৰ্ট এণ্ড ভইজৰ কিউৰেটৰ হিচাপে কাম কৰি আহিছে, যিটো এতিয়া আন্তৰ্জাতিক গ্ল’বেল ফাণ্ড ফৰ উইমেনৰ অংশ।[3] ২০২১ চনত গ্ল’বেল ফাণ্ড ফৰ উইমেনৰ এই ডিজিটেল প্ৰদৰ্শনীখন সংৰক্ষণৰ বাবে দ্য ফেমিনিষ্ট ইনষ্টিটিউটৰ সৈতে অংশীদাৰিত্ব কৰিছিল।
তেওঁ আমেৰিকাৰ মুছলমান নাৰীবাদী সংগঠন ড'টাৰ্ছ অৱ হাজাৰৰ সহ-প্ৰতিষ্ঠাপক।[4][5] পশ্চিম ভাৰ্জিনিয়াৰ মৰ্গানটাউনৰ এটা মছজিদত লিংগ সমতাৰ বাবে গোটটোৱে চলোৱা পদযাত্ৰাৰ নথিভুক্ত কৰা হৈছে পিবিএছৰ ছবি দ্য মস্কেজ ইন মৰ্গানটাউন (২০০৯)ত।
২০১৭ চনত তেওঁ টেডক্সত এটা বক্তৃতা দিছিল, কোৰআনে আচলতে এগৰাকী মুছলমান মহিলাৰ হিজাবৰ বিষয়ে কি কয়? নেভাদা বিশ্ববিদ্যালয়ত "হিজাব" শব্দটোক কোৰআনত ব্যৱহাৰ কৰা ধৰণে সংজ্ঞায়িত কৰিছিল। ২০২০ চনলৈকে এই ভিডিঅ’টো ৮০ লাখতকৈ অধিক বাৰ চোৱা হৈছিল।[6]
ইউৰোপৰ কেইবাখনো দেশত আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে আমেৰিকাক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৭ চনত মহিলা নোবেল বঁটা বিজয়ীসকলে প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সমাৱেশ নোবেল উইমেন’ছ ইনিচিয়েটিভ সন্মিলনত বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল।
হাফপ'ষ্ট আৰু দ্য ডেইলী বিষ্টৰ ব্লগাৰ আছিল।[7][8] তেওঁৰ প্ৰকাশনৰ ভিতৰত আছে দ্য নিউয়ৰ্ক টাইমছ, ছান ফ্ৰান্সিস্কো ক্ৰনিকল, হাফিংটন পোষ্ট, দ্য ডেইলী বিষ্ট, চাইল্ড আলোচনী। তেওঁৰ “লেবাৰ অৱ লাভ” ৰচনাখন অল দ্য উইমেন ইন মাই ফেমিলি চিং: এছেছ অন ইকুৱেলিটি, জাষ্টিচ, এণ্ড ফ্ৰিডম (২০১৮) নামৰ সংকলনখনত অন্তৰ্ভুক্ত কৰা হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Samina Ali: Muslim Women and Digital Activism". Women's, Gender & Sexuality Studies (University of Houston). 2016. https://www.uh.edu/class/ws/news/event-page/2016/muslim-women-and-digital-activism/.
- ↑ Ali, Samina (27 May 2011). "Samina Ali: Liane Hansen: The Truth As We Speak It". The Huffington Post. http://www.huffingtonpost.com/red-room/samina-ali-liane-hansen-t_b_867816.html। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ "International Museum of Women merged with Global Fund for Women in March 2014". IMOW. Archived from the original on 12 March 2015. https://web.archive.org/web/20150312034558/http://www.imow.org/about। আহৰণ কৰা হৈছে: 28 February 2015.
- ↑ Awad, Amal (18 December 2014). "Samina Ali: a woman's warrior". Aquila-Style. http://www.aquila-style.com/focus-points/mightymuslimah/samina-ali-womans-warrior/90365/। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ "Muslim women make some noise". The Economist. 19 April 2013. https://www.economist.com/blogs/prospero/2013/04/qa-samina-ali। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ What does the Quran really say about a Muslim woman's hijab?. YouTube. 2017. Archived from the original on 2021-12-14. Unknown parameter
|url-status=ignored (help) - ↑ "Samina Ali". The Huffington Post. http://www.huffingtonpost.com/samina-ali/। আহৰণ কৰা হৈছে: 28 February 2015.
- ↑ "TDB - Samina Ali". The Daily Beast. http://www.thedailybeast.com/contributors/samina-ali.html। আহৰণ কৰা হৈছে: 28 February 2015.