সমললৈ যাওক

ছামিয়া আল আঘবৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছামিয়া আল-আঘবাৰী (ইংৰাজী: Samia al-Aghbari)এগৰাকী য়েমেনী ব্লগাৰ৷ তেওঁ য়েমেন চৰকাৰ আৰু উগ্ৰবাদৰ সক্ৰিয় সমালোচক।[1][2] ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহে ক্ষমতা ত্যাগ কৰিবলৈ বাধ্য হোৱা ৰাজপথৰ প্ৰতিবাদত তেওঁ বিশিষ্ট ভূমিকা পালন কৰিছিল।[3][4]

ছামিয়া য়েমেনৰ এগৰাকী সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৭ চনত তেওঁ এটা লেখা লিখিছিল য’ত ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহে আন এটা কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছিল। ইয়াৰ উত্তৰত চৰকাৰ সমৰ্থক এখন কাকতে তেওঁক বিদেশী পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন কৰি এটা বাতৰি প্ৰকাশ কৰে। তেওঁ কাকতখনৰ বিৰুদ্ধে গোচৰ তৰি জয়ী হৈছিল।[5] ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ তেওঁ অন্যতম নেত্ৰী আৰু য়েমেনত মহিলাৰ পৰম্পৰাগত লিংগ ভূমিকাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত যোগদান কৰা বহু মহিলাৰ ভিতৰত তেওঁ অন্যতম আছিল।[6]তেওঁ চৰকাৰৰ বিৰুদ্ধে ফ্লাইয়াৰ বিতৰণ কৰে। চৰকাৰী নিৰাপত্তা বাহিনীয়ে কৰা মানৱ অধিকাৰ উলংঘাৰ হিচাপও তেওঁ ৰাখে।[7] য়েমেনৰ সাংবাদিক ছিণ্ডিকেটৰ অধিকাৰ আৰু স্বাধীনতা সমিতিৰ তেওঁ সম্পাদিকা আছিল। ২০১১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল, তেওঁৰ আক্ৰমণকাৰীয়েও তেওঁক অপহৰণ কৰাৰ চেষ্টা কৰিছিল। ওচৰতে থকা আৰক্ষী বিষয়াসকলে হস্তক্ষেপ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল।[8] ২০১২ চনৰ ১২ ডিচেম্বৰত জাৰাল্লা ওমৰৰ হত্যাৰ দশম বৰ্ষপূৰ্তিত ৰাজনীতি, ধৰ্ম আৰু জনজাতি এক কুৎসিত সংমিশ্ৰণ বুলি তেওঁ কয়। য়েমেনৰ ইছলামিকসকলে কৰা মন্তব্যৰ বাবে তেওঁৰ ওপৰত অতি সোনকালেই ঈশ্বৰ নিন্দা কৰাৰ অভিযোগ উত্থাপন হয়।[9][10] য়েমেনত বাহাই বিশ্বাসৰ লোকসকলৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বিৰুদ্ধেও তেওঁ কথা কৈছে।[11] ৰাষ্ট্ৰপতি ছালেহক ক্ষমতাচ্যুত কৰাৰ পিছত হোৱা বিভ্ৰান্তিৰ পিছত তেওঁ হতাশা প্ৰকাশ কৰে৷ [7] বাতৰি কাকতলৈও তেওঁ সঘনাই লেখা-মেলা পঠিয়ায়।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Samia al-Aghbari". The Dissident Blog. Archived from the original on 8 November 2017. https://web.archive.org/web/20171108041250/https://www.dissidentblog.org/en/writers/samia-al-aghbari। আহৰণ কৰা হৈছে: 7 November 2017. 
  2. "Yemeni women fear limited freedom as Houthis gain control | YemenOnline". yemenonline.info. http://www.yemenonline.info/special-reports/107। আহৰণ কৰা হৈছে: 7 November 2017. 
  3. Naylor, Hugh (20 February 2015). "Yemeni rebels use increasingly brutal tactics against demonstrators". Washington Post. https://www.washingtonpost.com/world/middle_east/yemen-rebels-use-increasingly-brutal-tactics-against-demonstrators/2015/02/19/68b6d09c-b78a-11e4-bc30-a4e75503948a_story.html। আহৰণ কৰা হৈছে: 7 November 2017. 
  4. "Yemen's Saleh signs deal to give up power". Reuters. 2011. https://www.reuters.com/article/us-yemen/yemens-saleh-signs-deal-to-give-up-power-idUSTRE7AM0D020111123। আহৰণ কৰা হৈছে: 7 November 2017. 
  5. "WOMEN WRITERS SUBJECT TO CENSORSHIP, SMEAR CAMPAIGNS" (en ভাষাত). IFEX. https://www.ifex.org/international/2009/03/11/women_writers_subject_to_censorship/। আহৰণ কৰা হৈছে: 7 November 2017. 
  6. "How women in Yemen adopted the art of protest". Christian Science Monitor. 14 August 2015. https://www.csmonitor.com/World/Global-News/2015/0814/How-women-in-Yemen-adopted-the-art-of-protest। আহৰণ কৰা হৈছে: 7 November 2017. 
  7. 7.0 7.1 Naylor, Hugh (26 February 2015). "For Yemen’s Arab Spring activists, hope plummets as chaos deepens". Washington Post. https://www.washingtonpost.com/world/middle_east/for-yemens-arab-spring-activists-hope-plummets-as-chaos-deepens/2015/02/26/ef5c87fe-b78a-11e4-bc30-a4e75503948a_story.html। আহৰণ কৰা হৈছে: 7 November 2017. 
  8. "Case History: Samia al-Aghbari". frontlinedefenders.org. https://www.frontlinedefenders.org/en/case/case-history-samia-al-agbry-al-aghbari। আহৰণ কৰা হৈছে: 7 November 2017. 
  9. "Citizens show support for embattled female journalist". National Yemen. https://nationalyemen.com/2013/02/10/citizens-show-support-for-embattled-female-journalist/। আহৰণ কৰা হৈছে: 7 November 2017. 
  10. "Who Will Be Next?". La Voix du Yémen. 7 July 2013. Archived from the original on 8 November 2017. https://web.archive.org/web/20171108035301/http://www.lavoixduyemen.com/en/2013/07/07/who-will-be-next/4149/। আহৰণ কৰা হৈছে: 7 November 2017. 
  11. "Lebanon PM under house arrest in Saudi Arabia: pro-Hezbollah paper". Reuters. 2017. https://www.reuters.com/article/us-lebanon-politics-hariri-report/lebanon-pm-under-house-arrest-in-saudi-arabia-pro-hezbollah-paper-idUSKBN1D71CC। আহৰণ কৰা হৈছে: 7 November 2017. 
  12. "In Yemen, brutal repression cloaked in law" (en ভাষাত). Committee to Protect Journalistscpj.org. https://cpj.org/reports/2010/09/in-yemen-brutal-repression-cloaked-in-law.php। আহৰণ কৰা হৈছে: 7 November 2017.