ছামিয়া মুমতাজ
| ছামিয়া মুমতাজ | |
|---|---|
২০১০ চনত ছামিয়া মুমতাজ | |
| স্থানীয় নাম | سمیعہ ممتاز |
| জন্ম | ছামিয়া খান মুমতাজ ৫ আগষ্ট, ১৯৭০ (৫৫ বছৰ) কৰাচী, সিন্ধ, পাকিস্তান |
| পেচা | চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৮–বৰ্তমান |
| দাম্পত্যসঙ্গী | ফৰজাদ নবী |
| পিতৃ-মাতৃ |
|
| সন্তান | ২ |
| আত্মীয়-স্বজন | মুমতাজুল্লাহ খান পৰিয়াল |
ছামিয়া মুমতাজ
[1][2] (উৰ্দু: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে।[3] তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ছামিয়া মুমতাজৰ জন্ম খাৱাৰ মুমতাজ আৰু কামিল খান মুমতাজৰ ঘৰত হৈছিল। তেওঁৰ মাতৃ এগৰাকী বিশিষ্ট নাৰী অধিকাৰ কৰ্মী আৰু পিতৃ এজন স্থপতি।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]ছামিয়া মুমতাজে আৰম্ভণিতে সংগীতধৰ্মী অনুষ্ঠান আৰু পাকিস্তান টেলিভিছন কৰ্পোৰেশ্যনৰ বিভিন্ন ধাৰাবাহিকত পুনৰাবৃত্ত চৰিত্ৰত অভিনয় কৰিছিল। ১৯৯৫ চনত শ্বাহিদ নাদীমৰ পৰিচালনাত প্ৰচাৰিত নাট্যধাৰাবাহিক জাৰ্দ দোপেহাৰত তেওঁ প্ৰাপ্তবয়স্ক চৰিত্ৰত মুখ্য ভূমিকা পালন কৰে।[5]
২০০৯–১০ চনত জিঅ’ এণ্টাৰটেইনমেণ্টত প্ৰচাৰিত মেৰী জাৎ জাৰ্ৰা-এ-বেনিশান ধাৰাবাহিকত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই অভিনয়ৰ বাবে তেওঁ ১০ম লাক্স ষ্টাইল বঁটাত শ্ৰেষ্ঠ টেলিভিছন অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। তেওঁ ইয়াৰিয়ান, ছাদকায় তুমহাৰে, উদাৰী আৰু চাং-এ-মাহ আদি নাট্যধাৰাবাহিকত উল্লেখযোগ্য অভিনয় আগবঢ়াইছে। ছাদকায় তুমহাৰে-ত অভিনয়ৰ বাবে তেওঁ হাম বঁটা লাভ কৰে।[6]
২০১৪ চনত আফিয়া নাথানিয়েলৰ লিখা আৰু পৰিচালিত নাট্য-থ্ৰিলাৰ চলচ্চিত্ৰ দুখতাৰ-ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত অভিষেক কৰে।[7] ২০১৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ মূৰ-তো তেওঁ অভিনয় কৰে।[8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মুমতাজৰ দুজন ভাতৃ আছে। তেওঁ ফৰজাদ নবীৰ সৈতে বিবাহপাশত আবদ্ধ আৰু পূৰ্বৰ বিবাহৰপৰা তেওঁৰ দুটা সন্তান আছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Character posters of Sarmad Khoosat's Zindagi Tamasha unveiled" (en ভাষাত). The News International. https://www.thenews.com.pk/magazine/instep-today/529114-character-posters-of-sarmad-khoosats-zindagi-tamasha-unveiled। আহৰণ কৰা হৈছে: 21 September 2019.
- ↑ "Sarmad Khoosat reveals characters of his film 'Zindagi Tamasha'" (en-US ভাষাত). Something Haute. 19 September 2019. https://www.somethinghaute.com/sarmad-khoosat-reveals-characters-of-his-film-zindagi-tamasha/। আহৰণ কৰা হৈছে: 21 September 2019.
- ↑ "Meeting Samiya". The Friday Times. 5 December 2014. Archived from the original on 29 March 2020. https://web.archive.org/web/20200329102827/http://www.thefridaytimes.com/tft/meeting-samiya/.
- ↑ 4.0 4.1 "Samiya Mumtaz Opens Up About Her Husband And Children". Reviewit.pk. 2 September 2023. https://reviewit.pk/samiya-mumtaz-opens-up-about-her-husband-and-children/। আহৰণ কৰা হৈছে: 3 June 2024.
- ↑ Samiya Mumtaz. Saira Aghaৰ সৈতে সাক্ষাৎকাৰ. 4 August 2017. https://dailytimes.com.pk/122469/samiya-mumtaz/। আহৰণ কৰা হৈছে: 3 June 2024.
- ↑ "Samiya Mumtaz stars in a play about love and loss in the time of war". Dawn Images. 17 November 2015. https://images.dawn.com/news/1174259। আহৰণ কৰা হৈছে: 1 January 2023.
- ↑ "Review: Dukhtar". The New York Times. 8 October 2015. https://www.nytimes.com/2015/10/09/movies/review-in-dukhtar-a-mother-and-daughters-dangerous-dash-for-freedom.html.
- ↑ "5 things you need to know about Jami's upcoming film Moor". Dawn Images. 6 June 2015. http://www.dawn.com/news/1186346। আহৰণ কৰা হৈছে: 16 July 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছামিয়া মুমতাজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Interview: Samiya Mumtaz