সমললৈ যাওক

ছায়া দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছায়া দেৱী
জন্ম ০৩ জুন, ১৯১৪[1]
ভাগলপুৰ, বিহাৰ আৰু উৰিষ্যা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বিহাৰ)
মৃত্যু ২৫ এপ্ৰিল, ২০০১ (৮৬ বছৰ)[1]
কলকাতা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩৬-১৯৯৩[2]

ছায়া (ইংৰাজী: Chhaya Devi ; ৩ জুন ১৯১৪ – ২৫ এপ্ৰিল ২০০১) বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। পাঁচ দশকৰো অধিক সময়ত তেওঁ দুশৰো অধিক ছবিত অভিনয় কৰিছিল।[3]

তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল দেৱকী বসুৰ বাংলা ছবি সোণাৰ সংসাৰত (১৯৩৬)। দেৱকী বসুৰ বিদ্যাপতিত (১৯৩৭) ৰাণী লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰভুত যশস্যা লাভ কৰে।[4] তেওঁৰ কিছুমান উল্লেখযোগ্য ছবি, যেনে- বঙালী ভাষাত নিৰ্জন চৈকতে (১৯৬৩), হাচে বাজাৰে (১৯৬৭) আৰু তপন সিনহাৰ আপোনজন (১৯৬৮), সপ্তপদী (১৯৬১), উত্তৰ ফাল্গুনি (১৯৬৩), এণ্টনি ফিৰিংগী (১৯৬৭) আৰু হিন্দী ভাষাত আলাপ (১৯৭৭) হিন্দীত, য’ত অমিতাভ বচ্চনেও অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ছায়া দেৱীৰ জন্ম হৈছিল ভাগলপুৰত।[5] পিতৃ হাৰাধন গংগোপাধ্যায়। তেওঁ ভাগলপুৰৰ আদমপুৰৰ মোক্ষদা বালিকা হাইস্কুলত শিক্ষা আৰম্ভ কৰিছিল। পিছলৈ দেউতাক দিল্লীলৈ বদলি হয় আৰু ইন্দ্ৰপ্ৰস্থ বালিকা বিদ্যালয়ত শিক্ষা অব্যাহত ৰাখে। এঘাৰ বছৰ বয়সত ৰাঁচীৰ শিক্ষক বুদ্ধদেৱ চট্টোপাধ্যায়ৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ বিবাহ বেছি দিন নিটিকিল। তেওঁ অভিনেতা অশোক কুমাৰৰ পত্নী শোভা গাংগুলীৰ সম্বন্ধীয় ভনীয়েক আছিল, সেয়েহে গাংগুলী পৰিয়ালৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল।[6] যদিও তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে অতি কমেইহে জনা যায়, তথাপিও তেওঁৰ জীৱনটো সংগ্ৰামেৰে ভৰা বুলি বিশ্বাস কৰা হয়। কলকাতালৈ উভতি অহাৰ পিছত তেওঁ চলচ্চিত্ৰ আৰু মঞ্চৰ অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ বাছি লৈছিল আৰু পৰৱৰ্তী পাঁচটা দশক ধৰি এই কেৰিয়াৰতে আছিল।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "বাংলা ছবিৰ আইকনিক 'মা' ছায়াদেবী, বাস্তবে তাঁকে আগলে ৰেখেছিলেন মানসকন্যা তনুশ্ৰী-দেবশ্ৰী" (en-US ভাষাত). TheWall. Archived from the original on 4 June 2021. https://web.archive.org/web/20210604204429/https://thewall.in/special-feature-on-bengali-actress-chhaya-devi-on-her-birthday/ আহৰণ কৰা হৈছে: 11 August 2020.
  2. "‘ছায়া’পথেৰ নক্ষত্ৰলোকে" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/patrika/people-still-remembers-versatile-actress-chhaya-devi-1.712728 আহৰণ কৰা হৈছে: 21 May 2021.
  3. "Chhaya Devi movies, filmography, biography and songs - Cinestaan.com". Cinestaan. https://www.cinestaan.com/people/chhaya-devi-92576 আহৰণ কৰা হৈছে: 24 March 2019.
  4. "Vidyapati (1937) - Review, Star Cast, News, Photos". Cinestaan. https://www.cinestaan.com/movies/vidyapati-562 আহৰণ কৰা হৈছে: 24 March 2019.
  5. "অত গ্ল্যামাৰ নিয়ে ভাবলে সাবানেৰ বিজ্ঞাপন কৰতাম - Anandabazar" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/supplementary/patrika/অত-গ-ল-য-ম-ৰ-ন-য়-ভ-বল-স-ব-ন-ৰ-ব-জ-ঞ-পন-কৰত-ম-1.25095 আহৰণ কৰা হৈছে: 10 March 2019.
  6. Film world, Volume 16. T.M. Ramachandran. 1979. পৃষ্ঠা. 43. https://books.google.com/books?id=o3lTAAAAYAAJ&q=%22Chhaya+Devi%22+-inpublisher:icon.
  7. "The lady who ruled the screen – Chhaya Devi and her seven unforgettable films". Archived from the original on 23 April 2018. https://web.archive.org/web/20180423040417/http://halfsamosa.in/lady-ruled-screen-chhaya-devi-seven-unforgettable-films/ আহৰণ কৰা হৈছে: 22 April 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]