ছায়া (শিল্প ৰূপ)

ছায়া (ইংৰাজী: Saya) হ’ল বলিভিয়াৰ য়ুংগাছ অঞ্চলত সৃষ্টি হোৱা এক আফ্ৰো-বলিভিয়ান সংগীত আৰু নৃত্য।[1] ইয়াক বলিভিয়াৰ সংগীতৰ এক অন্যতম প্ৰধান প্ৰভাৱ হিচাপে গণ্য কৰা হয়।[2] 'ছায়া' শব্দটোৰ উৎপত্তি এতিয়াও অজ্ঞাত, যদিও কিছুমানে ই লেটিন বা কিগোংগো ভাষাৰপৰা অহা বুলি ধাৰণা কৰে।[2][3]
ছায়াক প্ৰায়েই 'কাপোৰালেছ' নৃত্যৰ সৈতে তুলনা কৰা হয়, যিটো ১৯৬০ চনৰ শেষৰফালে বিকশিত হৈছিল আৰু ই প্ৰকৃততে আফ্ৰো-বলিভিয়ান নহয়। কাপোৰালেছে 'কাপোৰাল' অৰ্থাৎ দাস তদাৰককাৰী বা ফৰমেনক চিত্ৰিত কৰে।[4][5] নামটোৰ বিভ্ৰান্তিৰ বাবেও এই তুলনা হ’ব পাৰে, কাৰণ কাপোৰালেছৰ সংগীত আৰু লয়ক কেতিয়াবা 'ছায়া' বুলিও কোৱা হয়।[6]
পটভূমি
[সম্পাদনা কৰক]বিভিন্ন উদ্যোগত কাম কৰিবলৈ দাসত্বত আবদ্ধ আফ্ৰিকীয়সকলক দক্ষিণ আমেৰিকালৈ অনা হৈছিল। তেওঁলোকৰ ৰীতি-নীতি আৰু সংগীত খিলঞ্জীয়া সংস্কৃতিৰ সৈতে মিলি এক সংমিশ্ৰিত সংস্কৃতিৰ জন্ম দিছিল। এইবোৰৰ বহুতো চৰ্চাৰ নিৰ্দিষ্ট ইতিহাস হেৰাই গৈছে যদিও বহু গৱেষকে সমগ্ৰ দক্ষিণ আমেৰিকাৰ আফ্ৰিকীয় বংশোদ্ভৱ গোটসমূহৰ মাজত জীয়াই থকা সাংস্কৃতিক উপাদানসমূহ চিনাক্ত কৰিবলৈ কাম কৰি আহিছে।[7]
ছায়াৰপৰাই বহুতো নৃত্যৰ উৎপত্তি হৈছে। কাপোৰালেছ এই নৃত্যসমূহৰ ওপৰতে আধাৰিত আছিল, যিটো ১৯৬৯ চনত এষ্ট্ৰাডা ভাতৃদ্বয়ে পোনপ্ৰথমবাৰৰ বাবে জনসাধাৰণৰ ওচৰত দাঙি ধৰিছিল। তেওঁলোকে আফ্ৰো-বলিভিয়ান ছায়াৰ 'কাপোৰাল' চৰিত্ৰটোৰদ্বাৰা অনুপ্ৰাণিত হৈছিল।[8] এই চৰিত্ৰটো আকৌ য়ুংগাছৰ বাগান বা ফাৰ্মবোৰত থকা ফৰমেনৰদ্বাৰা অনুপ্ৰাণিত আছিল।
বৰ্তমান সময়ত আফ্ৰো-বলিভিয়ানসকলে বলিভিয়াৰ সমাজত তেওঁলোকৰ অধিকাৰ পুনৰ উদ্ধাৰৰ সংগ্ৰামত ছায়াক ব্যৱহাৰ কৰিছে। এই আন্দোলনত ছায়াই বলিভিয়াৰ কৃষ্ণাংগ লোকসকলৰ মাজত নিজৰ পৰিচয় প্ৰকাশ আৰু সুদৃঢ় কৰাৰ এক উপায় হিচাপে আৰু জাতীয় সামাজিক আন্দোলনৰ প্ৰেক্ষাপটত নিজৰ পৰিচয় প্ৰকাশৰ মাধ্যম হিচাপে কাম কৰিছে।[9][10]
ছায়াৰপৰা উদ্ভৱ হোৱা নৃত্য
[সম্পাদনা কৰক]কাপোৰালেছত পুৰুষ নৰ্তকজনৰ সাজ-পাৰ কাপোৰাল চৰিত্ৰটোৰ সৈতে প্ৰায় একে। অৱশ্যে কাপোৰালৰ সাজটো যিহেতু সাধাৰণতে ডাঙৰ আৰু শৰীৰত টানকৈ লাগি থাকে, ছায়াৰ পোছাক সাধাৰণতে পাতল কাপোৰেৰে তৈয়াৰ কৰা হয় যাতে হাতৰ লৰচৰ অধিক সাৱলীল হ’ব পাৰে। কাপোৰালেছৰ দৰে কেতিয়াবা চাবুক ব্যৱহাৰ কৰিব পাৰি, যদিও বেছিভাগ সময়ত বগা বা ক’লা হাতমোজা পিন্ধি কৰা নৃত্যহে অধিক জনপ্ৰিয়। মহিলা নৰ্তকসকলৰ সাজো কাপোৰালেছৰ তুলনাত অধিক ঢিলা আৰু আৰামদায়ক।
কাপোৰালেছক সাধাৰণতে অতিশয় পুৰুষত্বপূৰ্ণ নৃত্য বুলি গণ্য কৰা হয়: পুৰুষসকলে তেওঁলোকৰ হাত আৰু শৰীৰৰ ভংগিমাৰ জৰিয়তে নিজকে শক্তিশালী আৰু সাহসী দেখুৱাবলৈ চেষ্টা কৰে। আনহাতে মহিলাসকলে পুৰুষৰ খোজ অনুসৰণ কৰিও চঞ্চলা ভংগিমাৰে নিজৰ ভৰি আৰু স্কাৰ্ট প্ৰদৰ্শনতহে অধিক গুৰুত্ব দিয়ে।
ছায়াৰ তুলনাত এই আটাইকেইটা নৃত্যৰ লয় আৰু সম্পূৰ্ণ নৃত্যশৈলী পৃথক। কাপোৰালেছ বিশেষকৈ মধ্যবিত্ত আৰু উচ্চবিত্ত শ্ৰেণীৰ ডেকা-গাভৰুসকলৰ মাজত খুবেই জনপ্ৰিয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Saya Afroboliviana Danzas de BOLIVIA" (es ভাষাত). educabolivia.com. 2024-04-08. https://educabolivia.com/cultura/danzas/saya-afroboliviana/। আহৰণ কৰা হৈছে: 2025-06-05.
- 1 2 Umezaki, Kahori (2022-01-31). "“La saya es nuestra”: los pasos sonoros hacia la reivindicación de los afrobolivianos". EntreDiversidades. Revista de Ciencias Sociales y Humanidades খণ্ড 9 (1): 383–408. doi:10.31644/ED.V9.N1.2022.A16. http://www.entrediversidades.unach.mx/index.php/entrediversidades/article/view/341.
- ↑ Heck, Moritz (2022). Palacios Mateos, Fernando. ed. Comprendiendo/Understanding América (1st সম্পাদনা). প্ৰকাশক Bogotá: Pontificia Universidad Católica del Ecuador. ISBN 978-9978-77-613-1.
- ↑ Roper, Danielle (2019). "Blackface at the Andean Fiesta: Performing Blackness in the Danza de Caporales" (en ভাষাত). Latin American Research Review খণ্ড 54 (2): 381–397. doi:10.25222/larr.300. ISSN 0023-8791. https://www.cambridge.org/core/journals/latin-american-research-review/article/blackface-at-the-andean-fiesta-performing-blackness-in-the-danza-de-caporales/7698C7920C3C3E7A1E88F2CA86957638.
- ↑ Vicuña Guengerich, Sara (2012). "Bolivia and its folklore". In Herrera-Sobek, María. Celebrating Latino folklore: an encyclopedia of cultural traditions. প্ৰকাশক Santa Barbara, Calif: ABC-CLIO. ISBN 978-0-313-34339-1.
- ↑ Templeman, Robert Whitney (1998). ""We are the people of the Yungas, we are the saya race"". In Whitten, Norman E.. Blackness in Latin America and the Caribbean: social dynamics and cultural transformations. Blacks in the diaspora. প্ৰকাশক Bloomington: Indiana University Press. ISBN 978-0-253-33404-6.
- ↑ Walker, Sheila (2001). African Roots/American Cultures: Africa in the Creation of the Americas. Rowman and Littlefield. ISBN 978-0-7425-0165-2.
- ↑ "Danzas autóctonas de Bolivia". unet.univie.ac.at. Archived from the original on 2012-02-22. https://web.archive.org/web/20120222053509/http://www.unet.univie.ac.at/~a9750175/spanisch/caporales.htm। আহৰণ কৰা হৈছে: 2009-10-22.
- ↑ "Project on Connections between Bolivia and Brazil". projetoparaleloquinze.blogspot.com/. https://projetoparaleloquinze.blogspot.com/2011/04/saya-afroboliviana.html.
- ↑ "We of the Saya: Pushing for Afro-Bolivian Existence". Archived from the original on 2014-05-31. https://web.archive.org/web/20140531070942/http://www.nosotroslosdelasaya.com/। আহৰণ কৰা হৈছে: 2026-03-28.