ছালমা কুজবাৰী
ছালমা কুজবাৰী (ইংৰাজী: Salma al-Haffar Kuzbari) (১ মে’, ১৯২৩ – ১১ আগষ্ট, ২০০৬); ছিৰিয়াৰ এগৰাকী লেখক আৰু অনুবাদক আছিল। মহিলা অধিকাৰ কৰ্মী তথা লেখিকা মে জিয়াদেহ-সম্বন্ধীয় সাহিত্য সমালোচনা আৰু জীৱনীৰ লগতে স্পেইনৰ আন্দালুছিয়া অঞ্চলৰ বিষয়ে লিখা লেখাৰ বাবে তেওঁ পৰিচিত, বিশেষকৈ দ্য টু আইজ অৱ চেভিল নামৰ গ্ৰন্থখনৰ বাবে।
জীৱন
[সম্পাদনা কৰক]৯২৩ চনত ডামাস্কাছৰ এটা বিশিষ্ট পৰিয়ালত ছালমা আল-হাফাৰ কুজবাৰীৰ জন্ম হৈছিল।[1][2][3][4][5][6] তেওঁৰ পিতৃ লুটফি আল-হাফাৰে ১৯৩৯ চনত ছিৰিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে কিছু সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল।[1][3][7] তেখেতে তেখেতৰ পেছাদাৰী কাম-কাজত সহায় কৰিছিল আৰু প্ৰথমতে মুছলমান ধৰ্মীয় বিদ্যালয়ত পঢ়াৰ পিছত তেখেতে ব্যক্তিগত ফ্ৰান্সিস্কান বিদ্যালয়ত আৰবী, ইংৰাজী আৰু ফৰাচী ভাষা অধ্যয়ন কৰিছিল, যি সময়ত ছিৰিয়াত ছোৱালীৰ শিক্ষা অস্বাভাৱিক আছিল।[1][3][4][5] ইয়াৰ পিছত তেওঁ বেইৰুটৰ এখন জেচুইট বিশ্ববিদ্যালয়ৰ সৈতে চিঠিপত্ৰৰ জৰিয়তে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে যদিও ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল।[3]
১৯৪০ চনত কুজবাৰীয়ে ডামাস্কাছৰ আল আহাদ নামৰ আলোচনীখনত তেওঁৰ প্ৰথম গ্ৰন্থ প্ৰকাশ কৰে।[1] ইয়াৰ এদশক পিছত ১৯৫০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ আত্মজীৱনীমূলক হালাৰ ডায়েৰীছ প্ৰকাশ কৰে।[1][5] ১৯৫০ আৰু ৬০ৰ দশকত তেওঁ ধাৰাবাহিক চুটিগল্প সংকলন[4]লগতে ১৯৫৮ চনত ছলিটাৰী ৰোজ আৰু ১৯৬৬ চনত য়েষ্টাৰডেজ চেণ্ট নামৰ দুখন ফৰাচী ভাষাৰ কবিতা সংকলন প্ৰস্তুত কৰে।[5]
সাহিত্য জীৱনৰ আৰম্ভণিৰ পৰাই কুজবাৰীৰ লেখাই নাৰীৰ আভ্যন্তৰীণ জীৱনক সম্বোধন কৰিছিল, যিটো সেই সময়ত ছিৰিয়ান সাহিত্যৰ বাবে বিৰল বিষয় আছিল।[1]
তেওঁ বহু বছৰ বিদেশত বাস কৰিছিল, বিশেষকৈ স্পেইনত, য'ত তেওঁ ছিৰিয়াৰ দূতাবাসত কাম কৰিছিল।[1][2] তাতেই আন্দালুছিয়াৰ স্পেনিছ সোণালী যুগৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ জন্মিছিল। এই অভিজ্ঞতাই তেওঁৰ সৰ্বাধিক সমাদৰ লাভ কৰা উপন্যাস দ্য টু আইজ অৱ চেভিল (১৯৬৫) আৰু ২০০০ চনত নিৰ্মিত তেওঁৰ স্মৃতিগ্ৰন্থ স্পেনিছ এণ্ড আন্দালুছিয়ান মেম'ৰিজ উইথ নিজাৰ কাব্বানী এণ্ড হিজ লেটাৰ্ছ, যিখন কবি নিজাৰ কাবানীৰ সৈতে তেওঁৰ বন্ধুত্বৰ পৰা অনুপ্ৰাণিত হৈছিল।[1] আন্দালুছিয়া সন্দৰ্ভত ছিৰিয়াৰ পণ্ডিতসকলৰ বাবে তেওঁৰ অৱদানক উল্লেখযোগ্য বুলি গণ্য কৰা হয়,[8] আৰু এই বিষয়ৰ ওপৰত কৰা কামৰ বাবে তেওঁক ১৯৬৪ চনত স্পেইন চৰকাৰৰ পৰা পদক আৰু ১৯৮০ চনত পালেৰ্মো বিশ্ববিদ্যালয়ৰ ভূমধ্যসাগৰীয় সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।[1][3]
বিশিষ্ট মহিলাসকলৰ জীৱনৰ বিষয়ে অধ্যয়ন আৰু বুৰঞ্জী লিখাৰ উপৰিও কুজবাৰী নিজেই এগৰাকী নাৰীবাদী আৰু নাৰী অধিকাৰ কৰ্মী আছিল।[1][2] সৰুতে তেওঁ পৰম্পৰাগত ক'লা হিজাব প্ৰত্যাখ্যান কৰিছিল, ইয়াৰ পৰিৱৰ্তে বগা মূৰত গামোচা পিন্ধিবলৈ পছন্দ কৰিছিল।[1] বিভিন্ন মহিলা সংগঠনৰ সৈতে জড়িত আছিল আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল।[1][3] এই কাৰ্যকলাপ দাতব্য কামলৈকে বিস্তৃত হৈছিল আৰু কুজবাৰীয়ে ১৯৪৫ চনত শিশুৰ দাতব্য সংস্থা মাবাৰত আল তালিম ৱা আল-মুৱাছাত (মাবাৰা এছ'চিয়েচন ফৰ এডুকেচন এণ্ড কনছ'লেচন)ৰ সহ-প্ৰতিষ্ঠাপক হৈছিল, যিয়ে অনাথ শিশুৰ যত্ন লয়।[1][2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 Mouallem, Joseph (Winter–Spring 2006). "Remembering Salma al-Haffar Kuzbari". Al Jadid: A Review & Record of Arab Culture and Arts. https://www.aljadid.com/content/remembering-salma-al-haffar-kuzbari। আহৰণ কৰা হৈছে: 2021-07-15.
- ↑ 2.0 2.1 2.2 2.3 "Salmá al-Ḥaffār Kuzbarī papers". Brown University Library. https://repository.library.brown.edu/studio/collections/id_918/। আহৰণ কৰা হৈছে: 2021-07-15.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "Salmá al-Ḥaffār Kuzbarī papers: Biographical/Historical Note". Rhode Island Archival and Manuscript Collections Online. https://www.riamco.org/render?eadid=US-RPB-ms.2019.005&view=biography। আহৰণ কৰা হৈছে: 2021-07-15.
- ↑ 4.0 4.1 4.2 Burillo, Fernando De Ágreda (2007). "Salma Al-Haffar Al-Kuzbari (Damasco, 1 Mayo 1923 – 12 Agosto 2006)" (es ভাষাত). Anaquel de Estudios Árabes (Madrid) খণ্ড 18: 254–257.
- ↑ 5.0 5.1 5.2 5.3 Abu-Reesh, Alia Alkassem (2011). "The Image of America as Reflected in Contemporary Arabic Novels". Middle Eastern Studies খণ্ড 47 (3): 497–514. doi:10.1080/00263206.2011.565144. ISSN 0026-3206. https://www.jstor.org/stable/23054315.
- ↑ Imady, Omar; Commins, David; Lesch, David W. (2021) (en ভাষাত). Historical Dictionary of Syria. Rowman & Littlefield. ISBN 978-1-5381-2286-0. https://books.google.com/books?id=PD0LEAAAQBAJ.
- ↑ Moubayed, Sami M. (2000) (en ভাষাত). Damascus Between Democracy and Dictatorship. University Press of America. ISBN 978-0-7618-1744-4. https://books.google.com/books?id=vnKK9D4r-aQC.
- ↑ Shannon, Jonathan H. (February 2016). "There and Back Again: Rhetorics of Al-Andalus in Modern Syrian Popular Culture" (en ভাষাত). International Journal of Middle East Studies খণ্ড 48 (1): 5–24. doi:10.1017/S0020743815001440. ISSN 0020-7438. https://www.cambridge.org/core/product/identifier/S0020743815001440/type/journal_article.