সমললৈ যাওক

ছালমা নিয়াজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছালমা নিয়াজী
Salma Niazi
জন্ম ২১/০৪/২০০১
লঘমান প্ৰদেশ, আফগানিস্তান
পেচা সাংবাদিক
দাম্পত্যসংগী ছৈয়দুল্লা ছফি (বি. ২০২২-বৰ্তমানলৈকে)

ছালমা নিয়াজী (ইংৰাজী: Salma Niazi, জন্ম-২০০১) এগৰাকী আফগান সাংবাদিক আৰু দ্য আফগান টাইমছৰ প্ৰতিষ্ঠাপক। তালিবানৰ পৰা পলায়ন কৰি তেওঁ নিৰ্বাসনৰ সময়ত সাংবাদিকতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।[1][2]

আফগানিস্তানৰ লঘমান প্ৰদেশৰ এখন গাঁৱত ছালমা নিয়াজীয়ে জন্মগ্ৰহণ কৰিছিল৷ ১৬ বছৰ বয়সলৈকে তেওঁ নিজৰ প্ৰদেশৰ একমাত্ৰ মহিলা সাংবাদিক আছিল, আৰু সংবাদ মাধ্যমত মহিলাৰ প্ৰতিনিধিত্বৰ পোষকতা কৰিছিল।[1][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নিয়াজীয়ে কিশোৰ অৱস্থাতে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। স্থানীয় ৰেডিঅ’ত কাম কৰিছিল, আফগান মহিলাৰ অধিকাৰৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁৰ কামৰ ভিতৰত লিংগ বৈষম্য, শিক্ষা, সমাজত মহিলাৰ ভূমিকা আদি বিষয়ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা আছিল।[4]

আফগান টাইমছ

[সম্পাদনা কৰক]

২০২১ চনত তালিবানে আফগানিস্তানত পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত মহিলা সাংবাদিকৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা বাধা আৰু ভাবুকিৰ পৰা হাত সাৰিবলৈ নিয়াজীয়ে পাকিস্তানলৈ পলায়ন কৰে। মহিলাৰ অধিকাৰৰ পোষকতা অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈ তেওঁ ২০২১ চনৰ আগষ্ট মাহত দ্য আফগান টাইমছ প্ৰতিষ্ঠা কৰে।[5] সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত এই অনলাইন প্লেটফৰ্মে পাষ্টো আৰু ইংৰাজী দুয়োটা ভাষাতে বাতৰি প্ৰদান কৰে।[6][7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Female Afghan journalists continue their fight from abroad" (en-GB ভাষাত). Nikkei Asia. https://asia.nikkei.com/Life-Arts/Life/Female-Afghan-journalists-continue-their-fight-from-abroad। আহৰণ কৰা হৈছে: 2024-07-01. 
  2. "Afghan female journalists in exile and founders of 'The Afghan Times' talk career and challenges". www.aipsmedia.com. https://www.aipsmedia.com/aips/pages/articles/2022/32762.html। আহৰণ কৰা হৈছে: 2024-07-01. 
  3. TG24, Sky (2024-06-20). "Come continua la lotta delle donne afghane: la storia di Salma" (it ভাষাত). tg24.sky.it. https://tg24.sky.it/mondo/2024/05/28/donne-afghanistan। আহৰণ কৰা হৈছে: 2024-07-01. 
  4. "Being a woman under Taliban rule is like being 'sentenced to death in slow motion'" (en-AU ভাষাত). ABC News. 2023-03-08. https://www.abc.net.au/news/2023-03-08/womens-rights-afghanistan-taliban/102067680. 
  5. "Saeedullah Safi: Three years ago Afghanistan fell to the Taliban and we had to flee the country we loved" (en ভাষাত). The Irish Times. https://www.irishtimes.com/opinion/2024/08/17/three-years-ago-afghanistan-fell-to-the-taliban-and-we-had-to-flee-the-country-we-loved/। আহৰণ কৰা হৈছে: 2024-10-12. 
  6. Asia/Pacific, I. U. F. (2023-05-29). "The current situation of women workers in Afghanistan – a report by The Afghan Times for IUF Asia/Pacific" (en-GB ভাষাত). IUF Asia-Pacific. https://iufap.org/2023/05/29/the-current-situation-of-women-workers-in-afghanistan-a-report-by-the-afghan-times-for-iuf-asia-pacific/। আহৰণ কৰা হৈছে: 2024-07-01. 
  7. "The Taliban will go to any lengths to silence Afghan women — but we will have our voices heard" (en-AU ভাষাত). ABC Religion & Ethics. 2024-09-12. https://www.abc.net.au/religion/taliban-try-to-silence-afghan-women-voices-heard-salma-niazi/104346224। আহৰণ কৰা হৈছে: 2024-10-12. 
  8. "Zeta - The Afghan Times, the media that gives women a voice against the Taliban" (it-IT ভাষাত). Zeta. 2025-01-07. https://zetaluiss.it/2025/01/07/the-afghan-times-the-media-that-gives-women-a-voice-against-the-taliban/। আহৰণ কৰা হৈছে: 2025-01-20.