ছালহাউটুনুও ক্ৰুজ
ছালহাউটুনুও ক্ৰুজ | |
|---|---|
| কেবিনেট মন্ত্ৰী, নাগালেণ্ড চৰকাৰ। | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৭ মাৰ্চ ২০২৩ | |
| ৰাজ্যপাল | দ্য. গণেশন |
| মুখ্যমন্ত্ৰী | Neiphiu Rio |
| মন্ত্ৰালয় আৰু বিভাগসমূহ | * Women Resource Development
|
| নাগালেণ্ড বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ মাৰ্চ ২০২৩ | |
| পূৰ্বসূৰী | কেনেইজাখো নাখৰো |
| সমষ্টি | পশ্চিম আংগামী |
| ব্যক্তিগত তথ্য | |
| জন্ম | ছালহৌটুনুও ক্ৰুনেইলি ১৫ ডিচেম্বৰ, ১৯৬৬ (৫৮ বছৰ) কিৰুফেমা, কোহিমা জিলা, নাগালেণ্ড, ভাৰত |
| ৰাজনৈতিক দল | জাতীয়তাবাদী ডেম'ক্ৰেটিক প্ৰগতিশীল পাৰ্টি |
| দাম্পত্যসঙ্গী | কেভিচেখো ক্ৰুছে (বি. ভুল: অযোগ্য সময়–এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ) |
| সন্তান | ২ |
| বাসস্থান | কোহিমা |
| শিক্ষা | মিনিষ্টাৰছ হিল বেপ্টিষ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয় |
| শিক্ষানুষ্ঠান | কোহিমা কলেজ সাঁচ:সৰু |
| স্বাক্ষৰ | |
ছালহাউটুনুও ক্ৰুজ ইংৰাজী: : Salhoutuonuo KruseSalhoutuonuo Kruse ; জন্ম: ১৫ ডিচেম্বৰ ১৯৬৬) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২৩ চনত হেকানী জাখালু কেনছেৰ সৈতে ক্ৰুজে নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ৫ম ৰিঅ’ মন্ত্ৰালয়ত মহিলা সম্পদ উন্নয়ন আৰু উদ্যান শস্যৰ মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ ফলত তেওঁ নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰীও হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে তেওঁ অংগামী মহিলা সংগঠনৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৬৬ চনৰ ১৫ ডিচেম্বৰত কিৰুফেমা বাৱেৰ এটা আংগামী নগা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছালহৌটুওনুও ক্ৰুজেইলিয়ে। কোহিমাৰ মিনিষ্টাৰছ হিল বেপ্টিষ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি পিছলৈ, কোহিমা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনৰ ২ অক্টোবৰত তেওঁ অভিযন্তা কেভিচেখো ক্ৰুজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] কেভিছেখোৱে নাগালেণ্ডৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে। পিছলৈ তেওঁ ৰাজনীতিত যোগদান কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]ক্ৰুজে ২০১১ চনৰ পৰা ২০১৪ চনলৈকে Angamimiapfü Mechu Krotho (বৰ্তমান Angami Women Organization নামেৰে জনাজাত) ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3][4] তেওঁ আংগামী নগাৰ পুৰুষ প্ৰধান শীৰ্ষ জনজাতীয় সংস্থা আংগামী পাব্লিক অৰ্গেনাইজেচনৰ পৰামৰ্শদাতা মণ্ডলীৰ সদস্যও।[4]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]ক্ৰুজৰ স্বামী কেভিছেখো ক্ৰুছে ২০১৮ চনত নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)ত যোগদান কৰিছিল আৰু সেই বছৰ পশ্চিম আংগামী বিধানসভাৰ আসনৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নগা পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী কেনেইজাখো নাখৰোৰ হাতত ৬৯৪টা ভোটত পৰাস্ত হয়। পিছলৈ নাখৰোৱে ২০২২ চনত এনডিপিপিত যোগদান কৰে।[5] ক্ৰুজৰ স্বামী ৪ জুন ২০২১ তাৰিখে COVID-19ৰ জটিলতাৰ বাবে মৃত্যু বৰণ কৰে।[5] তেওঁৰ ৰাজনৈতিক দৰ্শন সম্পূৰ্ণ কৰিবলৈ, তেওঁ ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।[6] ক্ৰুজ নিৰ্বাচনকালীন, তেওঁ ১০৪ জন কোটিপতি প্ৰাৰ্থীৰ অন্যতম আছিল আৰু ১২.৯ কোটি টকাৰ সম্পত্তিৰে শীৰ্ষ ১০ জন ধনী প্ৰাৰ্থীৰ মাজত আছিল।[7][8] ২৭ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে হোৱা নিৰ্বাচনত, তেওঁ পশ্চিম আঙামি আসনৰ পৰা ৭টা ভোটৰ ব্যৱধানত জয়ী হয়, মুঠ ৭০৭৮ ভোট লাভ কৰে, যেতিয়া তেওঁৰ সৰ্বনিম্ন প্ৰতিদ্বন্দ্বী নাখ্ৰোৱে ৭০৭১ ভোট লাভ কৰে।10 এই জয়ৰ ফলত, হেকানি জাখালুৰ সৈতে তেওঁ নাগালেণ্ড বিধানসভাৰ প্ৰথম নিৰ্বাচিত মহিলা সদস্য হৈ উঠে।[9] By winning the seat, Kruse became one of the first elected women of the Nagaland Legislative Assembly along with Hekani Jakhalu.[4][6][10]
প্ৰথম কাৰ্যকাল
[সম্পাদনা কৰক]বিধানসভাৰ সদস্য হিচাপে প্ৰথম কাৰ্যকালত ক্ৰুজক ৫ম ৰিঅ' মন্ত্ৰালয়ৰ মহিলা সম্পদ উন্নয়ন আৰু উদ্যান শস্যৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[11] নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰী হিচাপে পৰিগণিত হয়।
তেওঁৰ নেতৃত্বত ৰাজ্যৰ উদ্যান শস্য বিভাগে উদ্যান শস্যৰ সংহত উন্নয়নৰ অভিযানৰ অধীনত নাগালেণ্ডত ‘উদ্যান শস্য আৰ্হি গাঁও’ (এইচ এম ভি) কাৰ্যসূচী আৰম্ভ কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলাৰ এখন গাঁও উদ্যান শস্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিনাক্ত কৰা হৈছিল।[12] ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ক্ৰুজে খোনোমা গাঁওখনক প্ৰথম এইচ এম ভি ঘোষণা কৰে।[13] ৰুছ'মা গাঁৱৰ চতুৰ্থ জৈৱিক কমলা উৎসৱৰ সময়ত ক্ৰুজে গাঁওখনক এইচ এম ভি ২০২৫ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। [14] ২০২৪ চনত গাঁওখনত ১৪০০০ৰো অধিক ফলপ্ৰসু কমলা গছ আৰু ২৮০০০ৰো অধিক গছপুলি ৰোপণ কৰা হয়। তেওঁ পৰম্পৰাগত জ্ঞানৰ লগত আধুনিক উদ্যানপালন প্ৰযুক্তি সংযোগ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ১০ ছেপ্টেম্বৰ ২০২৪ত, তেওঁ থানামিৰ গাঁৱত এখন আপেল প্ৰশোধন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা ঘোষণা কৰে, য'ত বছৰি ৪০-৫০ টন আপেল উৎপন্ন হয়। তেওঁ কৃষকসকলক উপযুক্ত ফচল খেতি কৰিবলৈ উৎসাহিত কৰে আৰু ৰাজ্য উদ্যান বিভাগৰ সহায়ৰ আশ্বাস দিয়ে।[15]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ক্ৰুজ এগৰাকী বেপ্টিষ্ট খ্ৰীষ্টান আৰু তেওঁ কোহিমাৰ মিনিষ্টাৰছ হিল বেপ্টিষ্ট চাৰ্চত গৈ উপাসনা কৰে।
কেভিছেখো ক্ৰুজৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ১৯৮৬ চনৰ ২ অক্টোবৰত তেওঁলোকৰ বিবাহ হয় আৰু একেলগে দুগৰাকী কন্যা সন্তান জন্ম হয়।[1] পিছলৈ ২০২১ চনৰ ৪ জুনত ৬০ বছৰ বয়সত ক'ভিড-১৯ৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।[16][17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Salhoutuonuo Kruse, the first woman minister of Nagaland, made history in her debut fight". CNBC TV18. 10 March 2023. https://www.cnbctv18.com/politics/salhoutuonuo-kruse-the-first-woman-minister-of-nagaland-made-history-in-her-debut-fight-16137921.htm। আহৰণ কৰা হৈছে: 10 March 2023.
- ↑ Morung Express News (4 June 2021). "Condolences pour in for Er Kevisekho Kruse". The Morung Express. https://morungexpress.com/condolences-pour-in-for-er-kevisekho-kruse.
- ↑ "Angami Women Organization triennial meet held". The Morung Express. 9 May 2011. https://morungexpress.com/angami-women-organization-triennial-meet-held। আহৰণ কৰা হৈছে: 5 March 2023.
- ↑ 4.0 4.1 4.2 "Hekhani Jakhalu, Salhoutuonuo Kruse become first women MLAs in Nagaland assembly". Deccan Herald. 2 March 2023. https://www.deccanherald.com/election/hekhani-jakhalu-salhoutuonuo-kruse-become-first-women-mlas-in-nagaland-assembly-1196494.html। আহৰণ কৰা হৈছে: 4 March 2023.
- ↑ 5.0 5.1 Morung Express News (29 April 2022). "Twenty one NPF MLAs join NDPP". The Morung Express. https://morungexpress.com/twenty-one-npf-mlas-join-ndpp.
- ↑ 6.0 6.1 Kalita, Kangkan (3 March 2023). "Nagaland gets its 1st women MLAs". The Times of India. https://timesofindia.indiatimes.com/elections/assembly-elections/nagaland/news/nagaland-gets-its-1st-women-mlas/articleshow/98373779.cms। আহৰণ কৰা হৈছে: 3 March 2023.
- ↑ Jamir, Moa (15 February 2023). "Nagaland Elections: 104 ‘crorepatis' in the fray; other with just over Rs 5000". The Morung Express. https://morungexpress.com/nagaland-elections-105-crorepatis-in-the-fray-other-with-just-over-rs-5000.
- ↑ "Salhoutuonuo Kruse- first woman minister of Nagaland". The Morung Express. 7 March 2023. https://morungexpress.com/salhoutuonuo-kruse-first-woman-minister-of-nagaland.
- ↑ Morung Express News (2 March 2023). "14th Nagaland Legislative Assembly Elections Result". The Morung Express. https://morungexpress.com/14th-nagaland-legislative-assembly-elections-result.
- ↑ Dhar, Aniruddha (2 March 2023). "Nagaland scripts history in assembly election, elects 2 women candidates for first time". https://www.hindustantimes.com/india-news/nagaland-scripts-history-in-assembly-poll-elects-2-women-mlas-salhoutuonuo-kruse-hekani-jakhalu-for-first-time-101677742088284.html.
- ↑ "Nagaland Cabinet allots portfolios". The Morung Express. 9 March 2023. https://morungexpress.com/nagaland-cabinet-allots-portfolios। আহৰণ কৰা হৈছে: 10 March 2023.
- ↑ Page News Service (2023-09-15). "Kruse Launches Horticulture Model Village Project - Nagaland Page" (en-US ভাষাত). Nagaland Page. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915051410/https://nagalandpage.com/kruse-launches-horticulture-model-village-project/। আহৰণ কৰা হৈছে: 2024-09-15.
- ↑ Morung Express News (15 September 2023). "Khonoma village to be the 1st horticulture model village". The Morung Express. https://morungexpress.com/khonoma-village-to-be-the-1st-horticulture-model-village। আহৰণ কৰা হৈছে: 2024-09-15.
- ↑ Morung Express News (24 January 2024). "Celebrating bountiful harvest, 4th Organic Orange Festival begins in Rüsoma Village". The Morung Express. https://morungexpress.com/celebrating-bountiful-harvest-4th-organic-orange-festival-begins-in-rsoma-village.
- ↑ Morung Express News (11 September 2024). "Nagaland’s Thanamir produces 40-50 tonnes of apples annually". The Morung Express. https://morungexpress.com/nagalands-thanamir-produces-40-50-tonnes-of-apples-annually.
- ↑ "NDPP holds memorial service in memory of K Kruse". Eastern Mirror. 5 June 2022. https://easternmirrornagaland.com/ndpp-holds-service-in-memory-of-k-kruse/। আহৰণ কৰা হৈছে: 4 March 2023.
- ↑ "Various Organisations Mourn Death Of Kruse". Nagaland Page. 4 June 2021. Archived from the original on 4 March 2023. https://web.archive.org/web/20230304181650/https://nagalandpage.com/various-organisations-mourn-death-of-kruse/?amp=1। আহৰণ কৰা হৈছে: 4 March 2023.