সমললৈ যাওক

ছালেমিছ (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছালেমিছ (/ˈsæləmɪs/ SAL-ə-miss; প্ৰাচীন গ্ৰীক: Σαλαμίς,[1] ইংৰাজী: Salamis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] তেওঁ চাইক্ৰেয়াছ দ্বীপৰ (Cychreus) ব্যক্তিত্ব আৰু তত্ত্বাৱধায়ক দেৱী।

পৰিয়াল

[সম্পাদনা কৰক]

ছালেমিছ পেলাছগাছ (পেলাগন[3]), ইছমেনাছ, কালচিছ, কৰ্চাইৰা, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[4] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

ভগ্নী কৰ্চাইৰা আৰু ইউব'য়াৰ দৰে ছালেমিছৰ ভাগ্যও একে আছিল, কাৰণ তেওঁলোকৰ দৰে ছালেমিছকো প'জাইডনে তেওঁৰ পিতৃৰ ওচৰৰ পৰা অপহৰণ কৰি লৈ গৈছিল। দেৱতাই তেওঁক এটা নাম নথকা দ্বীপলৈ লৈ গৈছিল আৰু তেওঁলোকৰ পুত্ৰ চাইক্ৰেয়াছৰ নামেৰে দ্বীপটোৰ নাম চাইক্ৰেয়াছ নামকৰণ কৰা হৈছিল আৰু চাইক্ৰিয়াছ দ্বীপটোৰ প্ৰথম ৰজা হৈছিল।

কিছুমান কিংবদন্তি অনুসৰি জ্যুছৰ দ্বাৰা তেওঁ ছাৰাকনৰ মাতৃ হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC 
  2. 2.0 2.1 Diodorus Siculus, 4.72.1.
  3. Apollodorus, 3.12.6.
  4. Diodorus Siculus, 4.73.1.
  5. Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447