ছাহাৰ ফেট্ৰট
অৱয়ব
ছাহাৰ ফেট্ৰাট (ইংৰাজী: Sahar Fetrat) এগৰাকী আফগান কৰ্মী, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা।[1] আফগানিস্তানত জন্মগ্ৰহণ কৰা ছাহাৰে প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানত যুৱ শৰণাৰ্থী হিচাপে বাস কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]ছাহাৰৰ পৰিয়াল এবছৰ বয়সত নিৰ্বাসনলৈ যায় আৰু প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানৰ শৰণাৰ্থী শিবিৰত ডাঙৰ-দীঘল হয়।[2]
২০১৮ চনত আফগানিস্তানৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০২০ চনত বুডাপেষ্টৰ মধ্য ইউৰোপীয় বিশ্ববিদ্যালয়ৰ পৰা লিংগ অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]
ছাহাৰ ফেট্ৰাটে আফগানিস্তানত ইউনেস্কো শিক্ষা সেৱাৰ বাবে কাম কৰিছিল আৰু সমগ্ৰ দেশতে মহিলা শিক্ষাৰ পোষকতা কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ মহিলা অধিকাৰ বিভাগৰ সহকাৰী গৱেষক আছিল।.[4][5]
বঁটা
[সম্পাদনা কৰক]- ২০২১ চনৰ বিবিচি ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ কৰে৷[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "BBC 100 Women 2021: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2021-12-07. https://www.bbc.com/news/world-59514598.
- ↑ Development, PodBean. "28. Sahar Fetrat - On the plight of women and girls in Afghanistan | The Voices of War" (en ভাষাত). www.thevoicesofwar.com. Archived from the original on 2022-02-14. https://web.archive.org/web/20220214005956/https://www.thevoicesofwar.com/e/sahar-fetrat/। আহৰণ কৰা হৈছে: 2023-01-28.
- ↑ "Sahar Fetrat" (en ভাষাত). Human Rights Watch. https://www.hrw.org/about/people/sahar-fetrat। আহৰণ কৰা হৈছে: 2023-01-28.
- ↑ "War Studies student is one of BBCs most inspiring and influential women of 2021" (en-GB ভাষাত). www.kcl.ac.uk. https://www.kcl.ac.uk/news/war-studies-student-is-one-of-bbcs-most-inspiring-and-influential-women-of-2021-1। আহৰণ কৰা হৈছে: 2023-01-28.
- ↑ "Afghan University Women Feared This Dark Day - Afghanistan | ReliefWeb" (en ভাষাত). reliefweb.int. https://reliefweb.int/report/afghanistan/afghan-university-women-feared-dark-day। আহৰণ কৰা হৈছে: 2023-01-28.
- ↑ "CEU Alumna Sahar Fetrat Named to BBC ‘100 Women 2021’ List" (en ভাষাত). Alumni Relations Office. 2021-12-09. https://alumni.ceu.edu/article/2021-12-09/ceu-alumna-sahar-fetrat-named-bbc-100-women-2021-list। আহৰণ কৰা হৈছে: 2023-01-28.