ছাৰা জোচেফ
| ছাৰা জোচেফ | |
|---|---|
ছাৰা জোচেফ | |
| জন্ম | ১৯৪৬ (বয়স ৭৯–৮০)
থ্ৰিছুৰ জিলা, কোচিন ৰাজ্য, ব্ৰিটিছ ৰাজ (বৰ্তমান কেৰালা, ভাৰত) |
| পেচা | লেখিকা |
| সময় | নাৰীবাদ |
| ধৰণ | উপন্যাস, চুটিগল্প, ৰচনা |
| সাহিত্যিক বিপ্লৱ | নাৰীবাদী সাহিত্যৰ তালিকা |
| উল্লেখনীয় কৰ্মৰাজি |
|
ছাৰা জোচেফ (জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু মালয়ালম ভাষাৰ চুটিগল্প লেখিকা। আলহায়ুদে পেনমককাল উপন্যাসৰ বাবে কেন্দ্ৰ সাহিত্য অকাডেমী বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে। কেৰালাৰ নাৰীবাদী আন্দোলনৰ নেত্ৰী আৰু কৰ্মী সংগঠন মানুষীৰ প্ৰতিষ্ঠাপক। ২০১৪ চনত আম আদমি পাৰ্টিত যোগদান কৰি ২০১৪ চনৰ সংসদ নিৰ্বাচনত ত্ৰিছুৰ লোকসভা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]ছাৰা জোচেফে ১৯৪৬ চনত কুৰিয়াচিৰাত, থ্ৰিছুৰ চহৰত, লুইছ আৰু কচুমাৰিয়মৰ ঘৰত এক ৰক্ষণশীল খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰে।[1][2] নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত ১৫ বছৰ বয়সতে তেওঁৰ বিবাহ সম্পন্ন হয়।[3] পাছলৈ তেওঁ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বিদ্যালয় শিক্ষক হিচাপে পেছাগত জীৱন আৰম্ভ কৰে।[2] পিছলৈ তেওঁ ব্যক্তিগত প্ৰাৰ্থী হিচাপে মালয়ালম বিষয়ত স্নাতক (বি.এ.) আৰু স্নাতকোত্তৰ (এম.এ.) ডিগ্ৰী লাভ কৰে আৰু কেৰালাৰ মহাবিদ্যালয় সেৱাত যোগদান কৰে।[2] তেওঁ পট্টাম্বিৰ সংস্কৃত কলেজত মালয়ালমৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।[2] চৰকাৰী সেৱাৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ থ্ৰিছুৰ জিলাৰ মুলামক্কুন্নাথুকাভুত বসবাস কৰে। তেওঁৰ কন্যা সংগীতা শ্ৰীনিবাসনো এগৰাকী লেখিকা।[4]
ছাৰা জোচেফ এগৰাকী সুপৰিচিত সমাজকৰ্মী আৰু নাৰীবাদী আন্দোলনৰ নেত্ৰী হিচাপেও পৰিচিত।[3][5] ১৯৮০ দশকত তেওঁ পট্টাম্বিৰ সংস্কৃত কলেজত “মানুষী” নামৰ নাৰী সংগঠন প্ৰতিষ্ঠা কৰে, য’ত তেওঁ মালয়ালম আৰু সাহিত্য পাঠদান কৰিছিল।[3] নিজৰ সংগঠনৰ জৰিয়তে তেওঁ বহুবছৰ ধৰি নাৰীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধ—ধৰ্ষণ, পণপ্ৰথাজনিত মৃত্যু, মানৱ পাচাৰ আৰু যৌন দাসত্ব—ইত্যাদিৰ বিৰুদ্ধে আন্দোলন চলাইছিল।[3]
২০১৪ চনৰ জানুৱাৰী মাহত তেওঁ আম আদমী পাৰ্টিত যোগদান কৰে,[5][6] আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত থ্ৰিছুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে,[7] কিন্তু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ চি. এন. জয়দেৱনৰ হাতত পৰাজিত হয়।
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হয় উচ্চ বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাত। তেওঁৰ বহু কবিতা মালয়ালম সাপ্তাহিক কাকত-আলোচনীত প্ৰকাশ পাইছিল। কবি সন্মিলনত নিজ কবিতা আবৃত্তি কৰাতো তেওঁ যথেষ্ট দক্ষ আছিল, যাক ভাইলোপ্পিল্লি শ্ৰিধৰ মেনন আৰু এডাশ্সেৰি গোবিন্দন নাইৰৰ দৰে কবিয়ে প্ৰশংসা কৰিছিল।[8]
তেওঁ এখন উপন্যাস ত্ৰয়ী প্ৰকাশ কৰিছে, যাৰ ভিতৰত আছে আলহায়ুদে পেনমক্কল, মট্টাথি আৰু অথাপ্পু।[9][1] অথাপ্পু ইংৰাজীলৈ ভালছন থাম্পুৱে ওথাপ্পু: দ্য চেণ্ট অৱ দ্য আদাৰ চাইড শীৰ্ষক নামে অনুবাদ কৰিছে।[10][11] তেওঁৰ উপন্যাস আলহায়ুদে পেনমক্কলৰ বাবে তেওঁ কেৰালা সাহিত্য অকাডেমী বঁটা, কেন্দ্ৰ সাহিত্য অকাডেমী বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে।[3][12] এই গ্ৰন্থখনে চেৰুকাড বঁটাও লাভ কৰে।[13]
তেওঁ ৰামায়ণ কথাকলৰ বাবে পৰিচিত, যি ৰামায়ণৰ এক পুনৰ্কথন।[14] এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদ অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰপৰা প্ৰকাশ পাইছে।[15][16][17]
২০১১ চনত তেওঁ পাপাথাৰা নামৰ চুটিগল্প সংকলনৰ বাবে মুট্টাথু ভাৰ্কেই বঁটা লাভ কৰে।[3][18] তেওঁৰ চুটিগল্পসমূহৰ ইংৰাজী অনুবাদ সংকলন মাস্কিউলিন অৱ ‘ভাৰ্জিন’ ২০১২ চনত প্ৰকাশ পায়।[19]
তেওঁ ২০১১ চনত ঊৰু কাভল উপন্যাসৰ বাবে প্ৰথম অ’ ভি বিজয়ন সাহিত্য পুৰস্কাৰ লাভ কৰে। ২০১২ চনত তেওঁ পদ্মপ্ৰভা সাহিত্য বঁটা লাভ কৰে।[20]
১০ অক্টোবৰ ২০১৫ তাৰিখে তেওঁ লেখকসকলৰ প্ৰতিবাদত অংশ লৈ ২০০৩ চনত লাভ কৰা সাহিত্য অকাডেমী বঁটা ঘূৰাই দিয়ে। তেওঁ কয় যে বৰ্তমান চৰকাৰৰ অধীনত ভয় আৰু স্বাধীনতাৰ অভাৱ বৃদ্ধি পাইছে আৰু লেখক হত্যাৰ ঘটনাত সাহিত্য অকাডেমীৰ নীৰৱতাক সমালোচনা কৰে।[21]
নিৰ্বাচিত গ্ৰন্থসমূহ
[সম্পাদনা কৰক]চুটিগল্প
[সম্পাদনা কৰক]- ৰক্তচন্দ্ৰন (দ্য ব্লাড-মুন)[9]
- দুখাভেল্লি (দ্য গুড ফ্ৰাইডে)[9]
- মনস্সিলে থী মাত্ৰম (১৯৭৩)
- কাডিন্তে সংগীতম (১৯৭৫, চুটিগল্প সংকলন)
- পাথালাপ্পাডিকাল (ষ্টেপ্ছ টু দ্য নেথাৰৱৰ্ল্ড)[9]
- পাপাথাৰা (দ্য গ্ৰাউণ্ড অৱ সিন)[9]
- প্ৰকাশিনিয়ুদে মাক্কল (প্ৰকাশিনীৰ সন্তানসকল)[9]
- দাম্পত্যম (ইন মাৰেজ)[9]
- ওডুভিলাথে সূৰ্যকান্তি
- নীলাভু নিৰয়ুন্নু
- পুথুৰামায়ণম
- কাডিথু কাণ্ডায়ো কান্থা
- নানমাথিনমকালুদে বৃক্ষম (চুটিগল্প সংকলন) (দ্য ট্ৰি অৱ নলেজ)[1]
- ৰিটেলিং দ্য ৰামায়ণা: ভইচেছ ফ্ৰম কেৰালা, অনুবাদ: ভাসন্থী শংকৰনাৰায়ণন, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ২০০৫
- দ্য মাস্কিউলিন অৱ দ্য ভাৰ্জিন, অনুবাদ: জে. দেবিকা, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ২০১৩
- মালয়ালথিন্তে সুবৰ্ণকথাকাল – সাৰা জোছেফ (সাৰা জোছেফৰ ২৪টা নিৰ্বাচিত গল্পৰ সংকলন, গ্ৰীণ বুক্ছদ্বাৰা প্ৰকাশিত)
উপন্যাস
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Babu Paul, D. (19 July 2009). "Cross Examination". Indian Express. http://www.indianexpress.com/news/cross-examination/490684/0.
- 1 2 3 4 "സാര ജോസഫിന് പുരസ്കാരം" (ml ভাষাত). Mathrubhumi. https://www.mathrubhumi.com/.
- 1 2 3 4 5 6 Santhosh, K. (23 July 2012). "Wider readership for Sarah Joseph's acclaimed stories". The Hindu. https://www.thehindu.com/news/national/kerala/wider-readership-for-sarah-josephs-acclaimed-stories/article3670046.ece.
- ↑ "എഴുത്തുകാര് ആക്രമിക്കപ്പെടുന്നു; നാം ജീവിക്കുന്നത് ഭീതി ഒരു അനുഭവമായി നിലനില്ക്കുന്ന കാലത്ത് : സാറാ ജോസഫ്" (ml ভাষাত). azhimukham.com. 15 February 2019. Archived from the original on 20 September 2022. https://web.archive.org/web/20220920163345/https://azhimukham.com/archive/krithi-internationalbook-fair-keralas-renaissance-did-not/cid3364250.htm। আহৰণ কৰা হৈছে: 21 February 2022.
- 1 2 Binduraj, R. (30 January 2014). "Sara Joseph: Voice of the voiceless". The Hindu. https://www.thehindu.com/features/friday-review/sara-joseph-voice-of-the-voiceless/article5628794.ece.
- ↑ Special Correspondent (January 13, 2014). "Sara Joseph joins AAP". The Hindu. https://www.thehindu.com/news/national/kerala/sara-joseph-joins-aap/article5572972.ece. "Updated May 13, 2016"
- ↑ Parsai, Gargi (March 1, 2014). "AAP fields author Sara Joseph against Chacko". The Hindu. https://www.thehindu.com/news/national/aap-fields-author-sara-joseph-against-chacko/article5740307.ece. "Updated May 19, 2016"
- ↑ Panjikaran, Mariamma. "Sarah Joseph – A writer of women, for women". Government of Kerala. Archived from the original on 3 May 2020. https://web.archive.org/web/20200503164020/https://kerala.gov.in/। আহৰণ কৰা হৈছে: 20 March 2010.
- 1 2 3 4 5 6 7 8 9 10 11 12 Satchidanandan, K (April 3, 2015). "Finding her voice". Frontline. https://frontline.thehindu.com/columns/K_Satchidanandan/finding-her-voice/article6993777.ece#!.
- ↑ "Wages of freedom". The Hindu (Chennai, India). 6 September 2009. http://www.hindu.com/lr/2009/09/06/stories/2009090650140400.htm.
- ↑ "Veiled passions: 'Othappu' by Sarah Joseph and 'Amen' by Sister Jesme". himalmag.com. Archived from the original on 21 December 2009. https://web.archive.org/web/20091221054140/http://www.himalmag.com/Veiled-passions-Othappu-by-Sarah-Joseph-and-Amen-by-Sister-Jesme_nw3609.html। আহৰণ কৰা হৈছে: 20 March 2010.
- ↑ "Sarah Joseph bags Vayalar Award". The Hindu (Chennai, India). 10 October 2004. http://www.hindu.com/2004/10/10/stories/2004101009940400.htm.
- ↑ https://malayalam.oneindia.com/culture/2000/20001021sara.html
- ↑ Nagpaul, Dipti (November 10, 2015). "Our many Ramayanas: Feminist writer Sarah Joseph and her son Vinaykumar KJ retell the epic". The Indian Express. https://indianexpress.com/article/lifestyle/art-and-culture/our-many-ramayanas-feminist-writer-sarah-joseph-and-her-son-vinaykumar-kj-retell-the-epic/.
- ↑ "Retelling the Ramayana". The Hindu (Chennai, India). 21 August 2005. Archived from the original on 11 August 2007. https://web.archive.org/web/20070811132325/http://www.hindu.com/2005/08/21/stories/2005082101820200.htm.
- ↑ Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History: Kaffka. 3. Oxford University Press. পৃষ্ঠা. 570. ISBN 9780195148909. https://books.google.com/books?id=LgPYAAAAMAAJ&q=sarah+joseph+malayalam। আহৰণ কৰা হৈছে: 20 March 2010.
- ↑ "Bridging cultures". The Hindu (Chennai, India). 14 March 2006. Archived from the original on 12 October 2008. https://web.archive.org/web/20081012055645/http://www.hindu.com/mp/2006/03/14/stories/2006031400250600.htm.
- ↑ "Sarah Joseph wins Muttathu Varkey Award". Malayala Manorama. 28 April 2011. http://english.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/contentView.do?tabId=0&programId=1080132912&contentId=9232597&contentType=EDITORIAL.
- ↑ Santhosh, K. (July 23, 2012). "Wider readership for Sarah Joseph's acclaimed stories". The Hindu. https://www.thehindu.com/news/national/kerala/wider-readership-for-sarah-josephs-acclaimed-stories/article3670046.ece.
- ↑ "Padmaprabha award for Sara Joseph". Kerala Women. 20 November 2012. http://www.keralawomen.gov.in/index.php/headlines/241-padmaprabha-award-for-sara-joseph। আহৰণ কৰা হৈছে: 22 November 2015.
- ↑ Koshy, Sneha Mary (October 10, 2015). "Another Writer Returns Award, Says, 'Not The Free India I Lived In'". NDTV. https://www.ndtv.com/india-news/now-kerala-writer-sarah-joseph-to-return-sahitya-akademi-award-1230505.
- ↑ K. Santhosh (4 July 2011). "Water of love seeps through". The Hindu. Archived from the original on 26 October 2012. https://web.archive.org/web/20121026000839/http://www.thehindu.com/todays-paper/tp-national/tp-kerala/article2157429.ece.
- ↑ Raju, Abupama (3 December 2011). "More than propaganda". The Hindu. https://www.thehindu.com/books/more-than-propaganda/article2680990.ece.
- ↑ "Gift in Green: poem of land, beauty and pain". News18. CNN-IBN. October 13, 2011. https://www.news18.com/news/books/book-review-27-409315.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Sarah Joseph সম্পৰ্কীয় মিডিয়া ফাইল আছে। |