ছাৰা ফাচিও
| ছাৰা ফাচিও | |
|---|---|
ফাচিও, ১৯৬৮ত | |
| জন্ম | ১৮ এপ্ৰিল, ১৯৩২ চান ইছিদ্ৰ’, আৰ্জেণ্টিনা |
| মৃত্যু | ১৮ জুন, ২০২৪ (৯২ বছৰ) বুয়েনোচ আয়াৰচ্, আৰ্জেণ্টিনা |
| পেচা | ফটো সাংবাদিক, প্ৰকাশক |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৭-২০২৪ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | কোনেক্স এৱাৰ্ড ১৯৯২ |
ছাৰা ফাচিও (ইংৰাজী: Sara Facio; ১৮ এপ্ৰিল ১৯৩২ – ১৮ জুন ২০২৪) আছিল এগৰাকী আৰ্জেণ্টিনাৰ ফটো সাংবাদিক আৰু প্ৰকাশক।[1] তেওঁ এলিচিয়া ডি'এমিকোৰ সৈতে আৰ্জেণ্টিনাৰ লেখক জুলিও ক'ৰ্টাজাৰ, মাৰিয়া এলেনা ৱালছ আৰু আলেজান্দ্ৰা পিজাৰ্নিককে ধৰি বিভিন্ন সাংস্কৃতিক ব্যক্তিত্বৰ ফটো তোলাৰ বাবে বেছিকৈ জনাজাত আছিল।[2] ১৯৭৩ চনত মাৰিয়া ক্ৰীষ্টিনা অৰিভৰ সৈতে তেওঁ "লা এজোটিয়া" প্ৰকাশন সংস্থাৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।[3][4][5]
লেটিন আমেৰিকাত ফটোগ্ৰাফিক কামৰ বাবে এটা প্ৰকাশন প্ৰতিষ্ঠান স্থাপন আৰু আৰ্জেণ্টিনাত এটা বিশিষ্ট ফটোগ্ৰাফিক প্ৰদৰ্শনী স্থান সৃষ্টিৰ বাবে ফেচিওই যথেষ্ট সহায় কৰিছিল।[6][7]
কেৰিয়াৰ
[সম্পাদনা কৰক]ফেচিওই এনেমাৰী হাইনৰিচৰ সহায়িকা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৫৭ চনত নিজৰ ফটো তুলিবলৈ আৰম্ভ কৰে।[8]
১৯৬০ চনত ফেচিও আৰু এলিচিয়া ডি'এমিকোৱে একেলগে এটা ফটোগ্ৰাফী ষ্টুডিঅ' মুকলি কৰে।[9] ১৯৭৩ চনত মাৰিয়া ক্ৰীষ্টিনা অৰিভৰ সৈতে ফেচিওই লা আজোটিয়া প্ৰতিষ্ঠা কৰে।[3][5] লেটিন আমেৰিকাত ফটো কিতাপ ছপা কৰা প্ৰথম প্ৰকাশন প্ৰতিষ্ঠান আছিল লা এজোটিয়া।[3]
১৯৭৮ চনত মেক্সিকো চহৰত অনুষ্ঠিত হোৱা লেটিন আমেৰিকান কল'কিয়ামছ অৱ ফটোগ্ৰাফী[10] ৰ পিছত ফেচিওই সহযোগী শিল্পীসকলৰ সৈতে কাম কৰি আৰ্জেণ্টিনাৰ ফটোগ্ৰাফী কাউন্সিলৰ সহ-প্ৰতিষ্ঠাপক হয়।[11][12]

১৯৮৫ চনত ফেচিওই টিয়েট্ৰ' মিউনিচিপাল জেনেৰেল ছান মাৰ্টিনৰ ফটোগেলেৰিয়া স্থাপন কৰে, যিটো আৰ্জেণ্টিনাৰ অন্যতম বিশিষ্ট ফটোগ্ৰাফিক প্ৰদৰ্শনী স্থানত পৰিণত হৈছে।[13][14] ১৯৯৮ চনলৈকে ফেচিওই এই গেলেৰীৰ পৰিচালক হিচাপে কাম কৰিছিল।[14]
"ফটোগ্ৰাফীত মই যি কৰোঁ, সেয়া হ’ল মোৰ মৃত্যুৰ দিনা তেওঁলোকে যাতে নকয় যে গৰু এটাৰ মৃত্যু হৈছে পৰিৱৰ্তে এইটো কয়, যে সেইটো দেখা ব্যক্তি এজনৰ মৃত্যু হৈছে। আৰু যি দেখিলোঁ সেয়া মোৰ ফটোত আছে। যেন ক’ব বিচাৰিছে, ‘এইখন মোৰ চহৰ, মোৰ মানুহ, যিজনক মই প্ৰশংসা কৰো, যিজন মোৰ ভাল লাগে।’ সেইটোৱেই মোৰ কেনন।
ফটো সাংবাদিকতাৰ অন্যতম উল্লেখযোগ্য কাম আছিল ১৯৭০ চনৰ সময়ছোৱাত আৰ্জেণ্টিনাত পেৰ'নিজমৰ বিষয়ে তেওঁ কৰা কভাৰেজ।[7] বুয়েনছ আয়াৰ্ছৰ প্লাজা ডি মেয়'ত সমদলকাৰী আৰু প্ৰতিবাদকাৰীৰ ফটো তোলাৰ বাবে তেওঁ বিখ্যাত আছিল, যিটো আনতকৈ বেলেগ আছিল, কাৰণ বেছিভাগ ফটো সাংবাদিকেই কাছা ৰোজাডাৰ আকাশী দৃশ্যৰ জৰিয়তে নিজৰ কৰ্মক ধৰি ৰাখিছিল।[7] তেওঁ জৰ্জ লুইছ বৰ্জেছ, জুলিও কৰ্টাজাৰ, এষ্টাৰ পিয়াজ'লা, পাবলো নেৰুডা, গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ আৰু মাৰিঅ' ভাৰ্গাছ ল'ছাৰ ফটোগ্ৰাফীৰ বাবেও পৰিচিত আছিল।[6]
১৯৯৬ চনত ফেচিঅ'ই মাৰিয়া এলেনা ৱালছৰ কবিতা পুথি মেনুৱেলিটাৰ চিত্ৰ অংকন কৰে।[16] ১৯৭২ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত লোৱা আৰু জুয়ান ডমিংগো পেৰনে দেশখনৰ ওপৰত কৰা প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা তেওঁৰ কৰ্মৰাজিৰ এখন বৃহৎ প্ৰদৰ্শনী ২০১৮ চনত মালবাৰ মিউজিঅ' ডি আৰ্টে লেটিন'আমেৰিকানো ডি বুয়েনছ আয়াৰ্ছত প্ৰদৰ্শিত হয়।[17] ১৯৯২ চনত আৰ্জেণ্টিনাৰ পৰা প্লেটিনাম কনেক্স বঁটা লাভ কৰে।[18]
তেওঁৰ কাম মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, ম'এমএৰ সংগ্ৰহত আছে।[19]
নেচনেল মিউজিয়াম অৱ ফাইন আৰ্টছৰ ফটোগ্ৰাফিক ঐতিহ্য গঠন কৰা ফটোৰ ২৫% ফেচিঅ'ই তেওঁৰ ব্যক্তিগত আৰ্কাইভৰ পৰা দান কৰিছিল।[20]
ফটোগ্ৰাফীৰ বাহিৰেও ফেচিঅ'ই কিতাপ লিখিছিল আৰু ১৯৬৮ চনত লিখিবলৈ আৰম্ভ কৰাৰ সময়ৰ পৰা বিশখনতকৈও অধিক ব্যক্তিগত কিতাপ প্ৰকাশ কৰিছিল।[18] ২০১২ আৰু ২০১৬ চনত তেওঁ সংকলনমূলক গ্ৰন্থও প্ৰকাশ কৰে।[18]
চিত্ৰভাণ্ডাৰ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Works by Sara Facio সম্পৰ্কীয় মিডিয়া ফাইল।
-
মাৰিয়া এলেনা ওৱালচ্, ১৯৬৫
-
জুলিও ক’ৰ্টাজাৰ, ১৯৬৭
-
জৰ্জ লুইচ বাৰ্জেচ, ১৯৬৮
-
মেনুৱে মুজিকা লিয়েনেজ, ১৯৬৯
-
লছ ফিউনেৰেলেছ ডেল প্ৰেচিডেণ্ট পেৰন, ১৯৭৪
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
১৯৩২ চনত আৰ্জেণ্টিনাৰ ছান ইচিড্ৰ'ত জন্মগ্ৰহণ কৰিছিল ফাচিওই।[8] ১৯৫৩ চনত এস্কুলা নেচনেল ডি বেলাছ আৰ্টেছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[8] ইয়াৰ পিছত তেওঁ ফ্ৰান্স চৰকাৰৰ পৰা বৃত্তি লাভ কৰি পেৰিছত বাস কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পৰাই তেওঁ দৃশ্য কলা আৰু ফটোগ্ৰাফী অধ্যয়ন কৰে।[18]
ফাচিও আছিল এগৰাকী সমকামী নাৰী।[21] ১৯৭৮ চনৰ পৰা ২০১১ চনত তেওঁৰ মৃত্যুলৈকে তেওঁৰ সংগী আছিল মাৰিয়া এলেনা ৱালছ।[22]
২০২৪ চনৰ ১৮ জুনত বুয়েনছ আয়াৰ্ছত ৯২ বছৰ বয়সত ফাচিঅ'ৰ মৃত্যু হয়।[23][6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Viater, Nora (1 October 2011). "María Elena Walsh: adiós a la mujer que nos enseñó a ser chicos y nos hizo crecer" (es ভাষাত). Clarin. https://www.clarin.com/.
- ↑ M.L. Sougez; H. Pérez Gallardo (2003). Diccionario de historia de la fotografía. প্ৰকাশক Madrid: Ediciones Cátedra. পৃষ্ঠা. 166. ISBN 84-376-2038-4.
- ↑ 3.0 3.1 3.2 Sanchis, Verónica (30 November 2018). "Foto Féminas' Library – María Cristina Orive – 1931–2017" (en ভাষাত). Foto-Feminas. https://foto-feminas.com/fotofeminas-library/। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ "LA AZOTEA EDITORIAL (Blog Oficial): Historia". Archived from the original on 10 August 2021. https://web.archive.org/web/20210810203036/http://laazoteaeditorial.blogspot.com/p/historia.html। আহৰণ কৰা হৈছে: 4 March 2025.
- ↑ 5.0 5.1 "Sara Facio | Fundación Konex" (es ভাষাত). www.fundacionkonex.org. https://www.fundacionkonex.org/। আহৰণ কৰা হৈছে: 2024-06-24.
- ↑ 6.0 6.1 6.2 "Murió Sara Facio, cronista visual de la cultura argentina en el siglo XX". Infobae. https://www.infobae.com/cultura/2024/06/19/murio-sara-facio-cronista-visual-de-la-cultura-argentina-del-siglo-xx/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ 7.0 7.1 7.2 "Sara Facio". Art Forum.com. 10 April 2018. https://www.artforum.com/events/museo-de-arte-latinoamericano-de-buenos-aires-malba-5-239748/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ 8.0 8.1 8.2 "Con osadía y técnica Sara Facio supo ver el mundo y abrir los ojos ajenos" (es ভাষাত). El Territorio Misiones. 10 April 2008. https://www.elterritorio.com.ar/con-osadia-y-tecnica-sara-facio-supo-ver-el-mundo-y-abrir-los-ojos-ajenos-2665341488141053-et। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ "Alicia d' Amico". AWARE Women artists / Femmes artistes. https://awarewomenartists.com/en/artiste/alicia-d-amico/। আহৰণ কৰা হৈছে: 18 December 2018.
- ↑ Rigat, Leticia (12 May 2020). "Los Coloquios Latinoamericanos de Fotografía y la reconfiguración de las prácticas fotográficas" (es ভাষাত). Dixit (32): 33–45. doi:10.22235/d.vi32.2108. ISSN 0797-3691. Archived from the original on 19 June 2024. https://web.archive.org/web/20240619235716/https://revistas.ucu.edu.uy/index.php/revistadixit/article/view/2108। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ Sougez, Marie-Loup; Pérez Gallardo, Helena (2003). Diccionario de historia de la fotografía. Cuadernos arte Cátedra (1 সম্পাদনা). প্ৰকাশক Madrid: Cátedra. পৃষ্ঠা. 120. ISBN 978-84-376-2038-1.
- ↑ "Murió Sara Facio, un ícono del arte y la fotografía argentina – La Voz del Pueblo" (es ভাষাত). https://lavozdelpueblo.com.ar/murio-sara-facio-un-icono-del-arte-y-la-fotografia-argentina/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ Gigena, Daniel (15 November 2018). "El "túnel " del Teatro San Martín donde la fotografía cuenta su historia" (es ভাষাত). La Nacion. Archived from the original on 25 March 2023. https://web.archive.org/web/20230325030900/https://www.lanacion.com.ar/cultura/el-tunel-del-teatro-san-martin-donde-nid2191550/। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ 14.0 14.1 Foster, David William (2014) (en ভাষাত). Argentine, Mexican, and Guatemalan Photography: Feminist, Queer, and Post-Masculinist Perspectives. University of Texas Press. পৃষ্ঠা. 140–141. ISBN 9780292768338. https://muse.jhu.edu/book/33254। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ "LAS12- mirada de mujeres en Pagina/12". www.pagina12.com.ar. https://www.pagina12.com.ar/2000/suple/las12/00-02-25/nota1.htm। আহৰণ কৰা হৈছে: 2024-06-19.
- ↑ Trevino, Rose Zertuche (November 1996). "Children's Books in Spanish". School Library Journal খণ্ড 42 (11): 134. http://search.ebscohost.com/login.aspx?direct=true&db=a9h&AN=9611154315&site=ehost-live। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ Centenera, Mar (12 March 2018). "La Argentina de los últimos 591 días de Perón, retratada por Sara Facio" (es ভাষাত). El País. ISSN 1134-6582. https://elpais.com/cultura/2018/03/11/actualidad/1520783956_576586.html.
- ↑ 18.0 18.1 18.2 18.3 "FACIO SARA". Museo Moderno. https://museomoderno.org/mapadelarte/en/artistas/facio-sara/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ "Sara Facio". MoMA. https://www.moma.org/artists/45757। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ "8 fotos emblemáticas de la gran Sara Facio" (es ভাষাত). Argentina Ministry of Culture. 17 April 2020. https://www.cultura.gob.ar/9-fotos-emblematicas-de-la-gran-sara-facio-8937/.
- ↑ "Visibilidad de las mujeres queer en Argentina". Ella Global. 20 April 2021. https://ellaglobalcommunity.org/blog/2021/04/20/reportelatam-visibilidad-de-las-mujeres-queer-en-argentina/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ "Compromiso, pasión y humildad". Carasycaretas.org. 9 January 2023. https://carasycaretas.org.ar/2023/01/08/compromiso-pasion-y-humildad/। আহৰণ কৰা হৈছে: 19 June 2024.
- ↑ Zacharías, María Paula (18 June 2024). "Murió a los 92 años la fotógrafa Sara Facio, una personalidad insoslayable de la cultura argentina". La Nación. https://www.lanacion.com.ar/cultura/murio-la-fotografa-sara-facio-a-los-92-anos-una-personalidad-insoslayable-de-la-cultura-argentina-nid18062024/.