সমললৈ যাওক

ছিংগাপুৰ জেনেৰেল হস্পিটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছিংগাপুৰ বিস্তৃত চিকিৎসালয়ৰ পৰা পুনঃনিৰ্দেশিত)
ছিংগাপুৰ জেনেৰেল হস্পিটেল
(ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয়)
SingHealth
২০০৫ চনত ছিংগাপুৰ জেনেৰেল হস্পিটেল
ভৌগলিক
অৱস্থান বুকিত মেৰাহ, ছিংগাপুৰৰ কেন্দ্ৰীয় এলেকা, ছিংগাপুৰ
স্থানাংক 1°16′43.2″N 103°50′03.7″E / 1.278667°N 103.834361°E / 1.278667; 103.834361স্থানাংক: 1°16′43.2″N 103°50′03.7″E / 1.278667°N 103.834361°E / 1.278667; 103.834361
সংস্থান
চিকিৎসালয়ৰ প্ৰকাৰ শৈক্ষিক
Affiliated university Duke–NUS মেডিকেল স্কুল, নেচনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰ (NUS)
সেৱাসমূহ
জৰুৰীকালিন বিভাগ আছে
বিচনা ২,০০০ খন
ইতিহাস
প্ৰতিষ্ঠা ১৮২১; ২০৪ বছৰ আগত (1821)
সংযোগসমূহ
ৱেবছাইট www.sgh.com.sg
তালিকা

ছিংগাপুৰ জেনেৰেল হস্পিটেল বা ছিংগাপুৰ সৰ্বজনীন চিকিৎসালয় (SGH) হৈছে এখন শৈক্ষিক প্ৰতিষ্ঠান। ই বুকিত মেৰাহ আৰু ছাইনা টাউন অঞ্চলৰ ওচৰৰ, কেন্দ্ৰীয় এলেকাত অৱস্থিত। ইয়াৰ অৱস্থান আউত্ৰাম সামূহিক চিকিৎসালয় (OCH)-ৰ কাষত। ই নতুনকৈ ৰোগ মুক্ত হোৱা ৰোগীৰ বাবে এটা সামূহিক চিকিৎসালয় আৰু পুনৰ্বাসন চিকিৎসালয় হিচাপে কাম কৰে।[1] ইয়াত বহিঃ বিভাগৰ ৰোগীৰ বাবে আউত্ৰম পলিক্লিনিক আছে। এই সকলোবোৰ প্ৰতিষ্ঠান SingHealthদ্বাৰা পৰিচালিত, যি ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত আছে।

ই ছিংগাপুৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি চিকিৎসালয় আৰু দেশখনৰ ৰাষ্ট্ৰীয় চিকিৎসালয় হিচাপে কাৰ্য কৰে। ১৮২১ চনত ইয়াক স্থাপন কৰা হৈছিল।[2] পৰৱৰ্তীকালত কেইবাবাৰো চিকিৎসালয়খনৰ প্ৰসাৰণ আৰু সংস্কাৰ কৰা হৈছিল।