ছিক্ৰেট ছুপাৰষ্টাৰ
ছিক্ৰেট ছুপাৰষ্টাৰ | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অদ্বৈত চন্দন |
ৰচনা | অদ্বৈত চন্দন |
অভিনয়ত | জাইৰা ৱাছিম আমিৰ খান মেহেৰ বিজ ৰাজ অৰ্জুন |
সংগীত পৰিচালক | অমিত ত্ৰিবেদী |
প্ৰযোজনা কোম্পানীসমূহ |
জি ষ্টুডিঅ’জ Amir Khan Productions |
পৰিবেশক | জি ষ্টুডিঅ’জ ইণ্টাৰনেচনেল (বিদেশ) |
মুক্তি |
১৯ অক্টোবৰ ২০১৭ |
দৈৰ্ঘ্য |
১৫০ মিনিট[1] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹15 crores |
সৰ্বমুঠ আয় | est.₹969 crores (see below) |
ছিক্ৰেট ছুপাৰষ্টাৰ (ইংৰাজী: Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে।[2][3][4] ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।[5] ছবিখনত গায়িকা হোৱাৰ ইচ্ছা কৰা এগৰাকী কিশোৰী, নকাব পৰিধান নিজৰ পৰিচয় ছদ্মবেশত ৰাখি ইউটিউবত ভিডিঅ' আপলোড কৰা আৰু মাক, পিতৃ আৰু গুৰুৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কাহিনী কোৱা হৈছে।[6] ছবিখনত নাৰীবাদ, লিংগ সমতা আৰু ঘৰুৱা হিংসাকে ধৰি সামাজিক বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।[7] এইখন হিন্দী চলচ্চিত্ৰৰ ৱাছিমৰ কৰ্মজীৱনৰ শেষ ছবি।
ছবিখনে সমালোচকৰ পৰা সামগ্ৰিকভাৱে ধনাত্মক সমালোচনা লাভ কৰে।[8] ৱাছিমে ব্যতিক্ৰমী কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় শিশু বঁটা লাভ কৰে।[9] ৬৩তম ফিল্মফেয়াৰ বঁটাত ছিক্ৰেট ছুপাৰষ্টাৰে দহটা মনোনয়ন পায়, য’ত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী (ৱাছিম), শ্ৰেষ্ঠ সহযোগী অভিনেতা (খান) অন্তৰ্ভূক্ত আছিল। ইয়াৰে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) (ৱাছিম), শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (বিজ), শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীকে (মেঘনা মিশ্ৰ) ধৰি তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। দংগলৰ (২০১৬) পিছত এই ছবিখন ৱাছিম আৰু খানৰ দ্বিতীয়খন সহযোগিতামূলক প্ৰকল্প।
ছিক্ৰেট ছুপাৰষ্টাৰ সৰ্বকালৰ অন্যতম লাভজনক ছবি হিচাপে পৰিগণিত হয়, যিখনে ১৫০ মিলিয়ন টকা (২.৩ মিলিয়ন মাৰ্কিন ডলাৰ) সীমিত বাজেটত বিশ্বজুৰি ৯.০৫ বিলিয়ন টকা ($১৫৪ মিলিয়ন) উপাৰ্জন কৰে, বিনিয়োগৰ ওপৰত ৬০০০% তকৈ অধিক ৰিটাৰ্ণ পায়। ইয়াৰ উপৰিও এই ছবিখন এগৰাকী নায়িকাক লৈ ২০১৭ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি, সৰ্বকালৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি আৰু বিদেশত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Secret Superstar (2017)". British Board of Film Classification. https://www.bbfc.co.uk/release/secret-superstar-q29sbgvjdglvbjpwwc0zote3mzc। আহৰণ কৰা হৈছে: 11 October 2017.
- ↑ "Aamir Khan's next titled Secret Superstar". Bollywood Hungama. 1 May 2016. http://www.bollywoodhungama.com/news/18197474/Aamir-Khans-next-titled-Secret-Superstar.
- ↑ "Aamir Khan to play an alcoholic in his next film, post Dangal?". India Today. 17 March 2015. http://indiatoday.intoday.in/story/aamir-khan-kangna-ranaut-dangal-advait-chandan-alcoholic-divorcee/1/424238.html.
- ↑ "Secret Superstar movie review: Aamir Khan, Zaira Wasim, Meher Vij starrer has EQ and IQ". 18 October 2017. http://www.firstpost.com/entertainment/secret-superstar-movie-review-aamir-khan-zaira-wasim-meher-vij-starrer-has-eq-and-iq-4154401.html। আহৰণ কৰা হৈছে: 22 October 2017.
- ↑ "Secret Superstar explores a beautiful mother-daughter friendship forged under oppressive circumstances". Firstpost. 20 October 2017. http://www.firstpost.com/entertainment/secret-superstar-explores-a-beautiful-mother-daughter-friendship-forged-under-oppressive-circumstances-4158429.html.
- ↑ "'Secret Superstar' review: A rousing coming-of-age film". The New Indian Express. 18 October 2017. https://www.newindianexpress.com/entertainment/review/2017/oct/18/secret-superstar-review-a-rousing-coming-of-age-film-1677327.html.
- ↑ "Secret Superstar". Rotten Tomatoes. https://www.rottentomatoes.com/m/secret_superstar। আহৰণ কৰা হৈছে: 23 October 2017.
- ↑ "Secret Superstar actor Zaira Wasim receives exceptional achievement award from President Kovind" (en ভাষাত). Hindustan Times. 16 November 2017. http://www.hindustantimes.com/bollywood/secret-superstar-actor-zaira-wasim-receives-exceptional-achievement-award-from-president-kovind/story-73exWfHjCGIJaCSVcK8o1M.html.
- ↑ "Advait Chandan on 'Secret Superstar' and the 21st century zeitgeist". Reuters. Archived from the original on 24 October 2017. https://web.archive.org/web/20171024044230/https://in.reuters.com/article/bollywood-secret-superstar/qa-advait-chandan-on-secret-superstar-and-the-21st-century-zeitgeist-idINKCN1BW0ZE.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছিক্ৰেট ছুপাৰষ্টাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।