ছিগিৰিয়া
| ছিগিৰিয়া | |
|---|---|
ছিগিৰিয়া প্ৰাচীন শিল | |
| অৱস্থান | চেণ্ট্ৰেল প্ৰভিন্স, শ্ৰীলংকা |
| স্থানাংক | 07°57′25″N 80°45′35″E / 7.95694°N 80.75972°Eস্থানাংক: 07°57′25″N 80°45′35″E / 7.95694°N 80.75972°E |
| Elevation | ৩৪৯ মিটাৰ (১,১৪৫ ফুট)[1] |
| নিৰ্মাণৰ কাৰণ | শ্ৰীলংকাৰ ৰজা কাশ্যপ |
| পৰিদৰ্শক | ১ মিলিয়ন |
| পৰিচালক বৰ্গ | শ্ৰীলংকা চৰকাৰ |
| ৱেবচাইট | www.sigiriyafortress.com |
| আধিকাৰিক নাম | প্ৰাচীন চহৰ ছিগিৰিয়া |
| ধৰণ | সাংস্কৃতিক |
| চৰ্ত | ২, ৩, ৪ |
| নিৰ্ধাৰিত | ১৯৮২ (৬ষ্ঠ বিশ্ব ঐতিহ্য সমিতি) |
| প্ৰসংগ সংখ্যা | 202 |
| UNESCO Region | এছিয়া-পেচিফিক |
Invalid designation | |
ছিগিৰিয়া বা সিংহগিৰি (ইংৰাজী: Sigiriya) এটা প্ৰাচীন শিলৰ দুৰ্গ, যি শ্ৰীলংকাৰ মধ্য প্ৰদেশ বা চেণ্ট্ৰেল প্ৰভিন্সৰ ডাম্বুলা চহৰৰ ওচৰৰ উত্তৰ মাটালে জিলাত অৱস্থিত। ই এক ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক গুৰুত্বপূৰ্ণ স্থান। ইয়াৰ ওপৰত প্ৰায় ১৮০ মিটাৰ (৫৯০ ফুট) উচ্চতাত এটা বিশাল গ্ৰেনাইট স্তম্ভ আছে।[2]
প্ৰাচীন শ্ৰীলংকাৰ বুৰঞ্জী "কুলাভামছা" অনুসৰি এই অঞ্চলটো এসময়ত বিশাল অৰণ্য আছিল, তাৰ পিছত ধুমুহা আৰু ভূমিস্খলনৰ ফলত ই এটা পাহাৰলৈ পৰিণত হৈছিল আৰু ৰজা কাশ্যপে (৪৭৭-৪৯৫ খ্ৰীষ্টাব্দ) নিজৰ নতুন ৰাজধানী হিচাপে ইয়াক বাছি লৈছিল। এই শিলৰ ওপৰত তেওঁ নিজৰ ৰাজপ্ৰসাদটো নিৰ্মাণ কৰিছিল আৰু ইয়াৰ কাষবোৰ প্ৰাচীৰ-চিত্ৰৰে সজাইছিল। শিলটোৰ প্ৰায় আধামান ওপৰত থকা সৰু মালভূমি এটাত তেওঁ এটা বিশাল সিংহৰ আকৃতিৰ দুৱাৰমুখ নিৰ্মাণ কৰিছিল। এই গঠনৰ বাবেই ঠাইখনৰ নাম সিংহগিৰি বা লায়ন ৰক।
ৰজাৰ মৃত্যুৰ পিছত ৰাজধানী আৰু ৰাজপ্ৰসাদ পৰিত্যক্ত হৈ পৰে। চতুৰ্দশ শতিকালৈকে ইয়াক বৌদ্ধ মঠ হিচাপে ব্যৱহাৰ কৰা হৈছিল।[3] ছিগিৰিয়া আজি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ই প্ৰাচীন নগৰ পৰিকল্পনাৰ অন্যতম উত্তম সংৰক্ষিত উদাহৰণ।[4]
ভূ-তত্ত্ব
[সম্পাদনা কৰক]ছিগিৰিয়া শিলাখণ্ড শ্ৰীলংকাৰ কেন্দ্ৰীয় পৰ্বতমালাৰ পৰা বিস্তৃত হৈ থকা নিম্নভূমিৰ সমতলৰ পৰা হঠাৎ ওপৰলৈ উঠি আহিছে।[5] ই এটা ইনচেলবাৰ্গ, যি এটা প্ৰাচীন আগ্নেয়গিৰিৰ গোট মৰা লাভা বা মেগমাৰ পৰা সৃষ্টি হোৱা কঠিন গ্ৰেনাইট শিলাখণ্ড।[6]
উত্তৰ দিশত ১ কিলোমিটাৰ দূৰত্বত থকা পিদুৰাংগালা শিলাখণ্ডৰো উৎপত্তি একেই।
ইতিহাস
[সম্পাদনা কৰক]ঐতিহাসিক অতীত
[সম্পাদনা কৰক]ছিগিৰিয়াৰ আশে-পাশে থকা অঞ্চলটোত সম্ভৱতঃ প্ৰাগ্ঐতিহাসিক যুগতে জনবসতি আৰম্ভ হৈছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰাই ওচৰৰ বহুতো শিলাশ্ৰয় আৰু গুহাত বৌদ্ধ সন্ন্যাসী আৰু তপস্বীসকলে বাস কৰিছিল বুলি স্পষ্ট প্ৰমাণ পোৱা গৈছে। ছিগিৰিয়াত মানুহৰ বাসস্থানৰ আদিম প্ৰমাণ হৈছে ছিগিৰিয়া শিলৰ পূব দিশত অৱস্থিত আলিগালা শিলৰ গুহা। ই ইংগিত দিয়ে যে এই অঞ্চলত মেছলিথিক যুগত, অৰ্থাৎ প্ৰায় ৩০০০ খ্ৰীষ্টপূৰ্বত মানুহৰ বসতি স্থাপন হৈছিল।


খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ সময়ছোৱাত ছিগিৰিয়া শিলৰ চাৰিওফালে থকা শিলগুটিৰে ভৰা পাহাৰৰ পশ্চিম আৰু উত্তৰ ঢালত বৌদ্ধ মঠৰ বসতি স্থাপন কৰা হৈছিল। এই সময়ছোৱাত অসংখ্য শিলৰ আশ্ৰয় বা গুহা নিৰ্মাণ কৰা হৈছিল। এই গুহাবোৰ ডাঙৰ ডাঙৰ শিলৰ তলত নিৰ্মাণ কৰা হৈছিল আৰু গুহাৰ মুখবোৰক খোদিত শিলাফলকে আৱৰি আছিল। বহুতো গুহা শিলত খোদিত কৰা শিলালিপি আছে, য’ত গুহাসমূহ বৌদ্ধ মঠসমূহক বাসস্থান হিচাপে দান কৰা বুলি উল্লেখ কৰা হৈছে। এইবোৰ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰথম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
৪৭৭ খ্ৰীষ্টাব্দত ৰজা ধতুসেনৰ পুত্ৰ প্ৰথম কাশ্যপে ৰজাৰ ভতিজাক আৰু সেনাপতি মিগাৰাৰ সহায়ত পিতৃক সিংহাসনচ্যুত কৰি বধ কৰে আৰু নিজে ৰজা হয়। প্ৰাণৰ ভয়ত ৰাজ্যৰ প্ৰকৃত উত্তৰাধিকাৰী কাশ্যপৰ বৈমাত্ৰেয় ভাতৃ মগ্গল্লনা দক্ষিণ ভাৰতলৈ পলায়ন কৰে।[3][4] মগ্গল্লনাৰ আক্ৰমণৰ আশংকাত কাশ্যপাই ৰাজধানী আৰু নিজৰ বাসগৃহ পৰম্পৰাগত ৰাজধানী অনুৰাধাপুৰাৰ পৰা অধিক সুৰক্ষিত ছিগিৰিয়ালৈ স্থানান্তৰিত কৰে। ৰজা কাশ্যপৰ ৰাজত্বকালত (৪৭৭–৪৯৫ খ্ৰীষ্টাব্দ) ছিগিৰিয়াক এখন জটিল চহৰ আৰু দুৰ্গলৈ বিকশিত কৰা হয়।[3][4] শিলৰ শিখৰ আৰু ইয়াৰ চাৰিওফালে প্ৰতিৰক্ষামূলক গঠন, ৰাজপ্ৰসাদ, বাগিচাকে ধৰি অধিকাংশ পৰিপাটি নিৰ্মাণ এই সময়ৰ।
অৱশেষত মগ্গল্লনা আহি যুদ্ধ ঘোষণা কৰে আৰু ৪৯৫ খ্ৰীষ্টাব্দত কাশ্যপক পৰাস্ত কৰে। যুদ্ধৰ সময়ত কাশ্যপৰ সৈন্যই তেওঁক পৰিত্যাগ কৰিছিল আৰু তেওঁ তৰোৱালত পৰি আত্মহত্যা কৰিছিল।[3][4]

চুলাবংশ আৰু লোককথাৰ পৰা আমি গম পাওঁ যে কাশ্যপে আৰোহণ কৰা যুদ্ধৰ হাতীটোৱে কৌশলগত সুবিধা লাভৰ বাবে গতিপথ সলনি কৰিছিল যদিও সেনাই এই পদক্ষেপক ৰজাৰ পশ্চাদপসৰণ বুলি ভুল বুজি তেওঁক সম্পূৰ্ণ ৰূপে পৰিত্যাগ কৰিছিল। কথিত আছে যে, আত্মাভিমানী ৰজাই আত্মসমৰ্পণ নকৰি কঁকালৰ পৰা ছুৰী উলিয়াই নিজৰ ডিঙি কাটি ছুৰীখন গৌৰৱেৰে ওপৰলৈ তুলি ধৰিলে আৰু পুনৰ খাপত ভৰাই থৈ মৃত্যু বৰণ কৰিলে। মগ্গল্লনাই ৰাজধানী অনুৰাধাপুৰলৈ ঘূৰাই আনে আৰু ছিগিৰিয়াক বৌদ্ধ মঠৰ থূপলৈ ৰূপান্তৰিত কৰে ।[7] ১৩ বা ১৪ শতিকালৈকে এইবোৰৰ অস্তিত্ব আছিল। ইয়াৰ পিছত ১৬ আৰু ১৭ শতিকা পৰ্যন্ত ছিগিৰিয়া সম্পৰ্কীয় কোনো তথ্য পোৱা নাযায়। ১৬ আৰু ১৭ শতিকাত কিছুদিনৰ বাবে ই কেণ্ডি সাম্ৰাজ্যৰ সীমান্ত চকী হিচাপে ব্যৱহৃত হৈছিল।
বিকল্প ঐতিহাসিক বিৱৰণসমূহত ৰজা ধাতুসেনক ছিগিৰিয়াৰ মুখ্য নিৰ্মাতা হিচাপে গণ্য কৰা হয় আৰু তেওঁৰ পুত্ৰ কাশ্যপে পিতৃৰ স্মৃতিত এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিছিল বুলি ধাৰণা কৰা হয়। আন কিছুমান আখ্যানত অৱশ্যে কাশ্যপক এজন ভোগ-বিলাসপ্ৰিয় ৰজা হিচাপে চিত্ৰিত কৰা হৈছে, য’ত ছিগিৰিয়া তেওঁৰ আনন্দ-বিলাসৰ প্ৰাসাদ হিচাপে বিবেচিত হৈছে। কাশ্যপৰ অন্তিম পৰিণতিও নিৰ্দিষ্টভাবে জনা নাযায়। কিছুমান বিৱৰণ অনুসাৰে তেওঁ এগৰাকী উপপত্নীয়ে প্ৰয়োগ কৰা বিষত নিহত হৈছিল; আন কিছুমানত কোৱা হয় যে অন্তিম যুদ্ধত সহায়হীন অৱস্থাত পৰি তেওঁ আত্মহননৰ পথ বাচি লৈছিল।[8] ইয়াৰ উপৰিও, আন কিছুমান ব্যাখ্যাত এই স্থানক কোনো সামৰিক কাৰ্যৰ সৈতে সম্পৰ্কহীন এক বৌদ্ধ সংঘৰ সৃষ্টি বুলি গণ্য কৰা হয়। প্ৰাচীন শ্ৰীলংকাত মহাযান বৌদ্ধধৰ্ম আৰু থেৰবাদ বৌদ্ধধৰ্ম ৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বিতাৰ প্ৰেক্ষাপটত এই স্থানৰ বিশেষ তাৎপৰ্য থাকিব পাৰে বুলি ধাৰণা কৰা হয়।
প্ৰত্নতাত্ত্বিক অৱশিষ্ট আৰু বৈশিষ্ট্য
[সম্পাদনা কৰক]১৮৩১ চনত ব্ৰিটিছ সেনাৰ ৭৮শ ( হাইলেণ্ডাৰচ) ৰেজিমেন্ট অব ফুট-ৰ মেজৰ জনাথন ফ'ৰ্বেচ -এ পলন্নৰুৱাৰ পৰা ঘোঁৰাৰে আহি থাকোঁতে আকস্মিকভাৱে “হাবি-বনেৰে আৱৰি থকা ছিগিৰিয়াৰ পাথৰৰ শীৰ্ষভাগ” দেখা পায়।[9][10] এই ঘটনাই ছিগিৰিয়া-ক প্ৰথমে প্ৰাচীনতত্ত্ববিদসকলৰ আৰু পাছলৈ পুৰাতত্ত্ববিদসকলৰ দৃষ্টি-গোচৰলৈ আনে। ছিগিৰিয়াত পদ্ধতিগত পুৰাতাত্ত্বিক অনুসন্ধানৰ আৰম্ভণি ১৮৯০ দশকত সৰু পৰিসৰত হয়। এইচ চি পি বে'ল(H. C. P. Bell) এ এই স্থানত প্ৰথমবাৰৰ বাবে বিস্তৃত আৰু বৈজ্ঞানিক গৱেষণা সম্পন্ন কৰে। ১৯৮২ চনত শ্ৰীলংকা চৰকাৰে আৰম্ভ কৰা ‘সাংস্কৃতিক ত্ৰিভুজ প্ৰকল্প'ই ছিগিৰিয়াক কেন্দ্ৰ কৰি এক সুসংগঠিত গৱেষণা-কাৰ্যসূচী গ্ৰহণ কৰে। এই প্ৰকল্পৰ অধীনত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ নগৰখনক সামৰি বিস্তৃত পুৰাতাত্ত্বিক খনন আৰু অধ্যয়ন আৰম্ভ হয়। প্ৰৱেশদ্বাৰৰ দুয়োপাশে অৱস্থিত সিংহৰ ঠেং আৰু নখৰ ওপৰত এক বৃহৎ সিংহ-মূৰ খোদিত আছিল; কিন্তু কালক্ৰমত সি ধ্বংসপ্ৰাপ্ত হৈ পৰে।
ছিগিৰিয়া মূলতঃ পঞ্চম শতিকাত নিৰ্মিত এক প্ৰাচীন দূৰ্গ-নগৰ । এই স্থানত পাথৰৰ সমতল শীৰ্ষত আছে ঊৰ্ধ্ব ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ, মধ্যস্তৰত আছে এক প্ৰসাৰিত মঞ্চ—য’ত ‘সিংহদ্বাৰ’ (Lion Gate) আৰু চিত্ৰখচিত ‘দৰ্পণ দেৱাল’ (Mirror Wall) অৱস্থিত—আৰু পাথৰৰ তলৰ ঢালসমূহত বিস্তৃত হৈ আছে নিম্ন ৰাজপ্ৰাসাদসমূহ। পাথৰৰ পাদদেশৰ পৰা কেইশ মিটাৰলৈকে বিস্তৃত খাল, প্ৰাচীৰ আৰু সু-নিয়োজিত উদ্যানসমূহে এই ৰাজকীয় স্থাপত্যক এক সুসংহত পৰিসৰ প্ৰদান কৰিছিল। ছিগিৰিয়া একে সময়তে ৰাজপ্ৰাসাদ আৰু সুৰক্ষিত দূৰ্গ হিচাপে ব্যৱহৃত হৈছিল। পাথৰৰ শীৰ্ষস্থিত ঊৰ্ধ্ব প্ৰাসাদত শিল কাটি নিৰ্মিত পানী সংৰক্ষণৰ আধাৰসমূহ তৎকালীন প্ৰযুক্তিগত দক্ষতাৰ এক উৎকৃষ্ট নিদৰ্শন।
স্থান পৰিকল্পনা
[সম্পাদনা কৰক]ছিগিৰিয়াক প্ৰথম সহস্ৰাব্দৰ এখন গুৰুত্বপূৰ্ণ পৰিকল্পিত নগৰ হিচাপে গণ্য কৰা হয় । ইয়াৰ স্থান পৰিকল্পনা অত্যন্ত জটিল আৰু সুকল্পিত বুলি বিবেচিত। এই পৰিকল্পনাত সজ্ঞানভাৱে সমতা আৰু বিষমতাৰ ধাৰণা একেলগে ব্যৱহাৰ কৰি মানৱ নিৰ্মিত জ্যামিতিক গঠনসমূহক প্ৰাকৃতিক পৰিবেশৰ সৈতে সংযুক্ত কৰা হৈছে।
শিলাখণ্ডৰ পশ্চিম দিশত সমমিত বিন্যাসত সজাই তোলা এখন ৰাজকীয় উদ্যান অৱস্থিত। এই উদ্যানত পানী সংৰক্ষণৰ বাবে অতি উন্নত ব্যৱস্থা আছিল ।এই ব্যৱস্থাৰ কিছু অংশ আজিও কাৰ্যক্ষম হৈ আছে।
দক্ষিণ অংশত এটা মানৱ নিৰ্মিত জলাধাৰ অৱস্থিত। এই ধৰণৰ জলাধাৰ শ্ৰীলংকাৰ শুকান অঞ্চলত অৱস্থিত পূৰ্বৰ ৰাজধানীত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল।
মুঠ পাঁচখন দুৱাৰেৰে প্ৰৱেশ কৰাৰ সুবিধা আছিল। ইয়াৰ ভিতৰত পশ্চিম দিশৰ অধিক জটিল আৰু সুসজ্জিত দুৱাৰখন সম্ভৱতঃ কেৱল ৰাজপৰিয়ালৰ ব্যৱহাৰৰ বাবে সংৰক্ষিত আছিল।[11][12]
প্ৰাচীৰ চিত্ৰ
[সম্পাদনা কৰক]

১৯০৭ চনত জন ষ্টীলে লিখিছিল, “পাহাৰখনৰ গোটেই মুখখন যেন এক বিশাল ছবি-গেলেৰী... সম্ভৱতঃ বিশ্বৰ আটাইতকৈ ডাঙৰ ছবি।”[13] এই চিত্ৰসমূহে শিলটোৰ পশ্চিম মুখৰ বেছিভাগ অংশ আৱৰি ৰাখিছিল—যাৰ দৈৰ্ঘ্য প্ৰায় ১৪০ মিটাৰ আৰু উচ্চতা প্ৰায় ৪০ মিটাৰ। গ্ৰাফিটি-লিখনসমূহত এই চিত্ৰসমূহত অংকিত প্ৰায় ৫০০ গৰাকী নাৰীৰ উল্লেখ পোৱা যায় । অৱশ্যে ইয়াৰ অধিকাংশই চিৰদিনৰ বাবে নষ্ট হৈ গৈছে। শিলৰ মুখত থকা প্ৰাচীৰ-চিত্ৰবোৰৰ উপৰি আন ঠাইতো বেলেগ ধৰণৰ চিত্ৰ দেখা যায় । যেনে, ক'ব্ৰা হুড কেভ (Cobra Hood Cave) বুলি জনাজাত স্থানৰ ছাদত পোৱা চিত্ৰসমূহ ।

এই প্ৰাচীৰ-চিত্ৰসমূহক অনুৰাধাপুৰ যুগৰ অন্তৰ্গত বুলি শ্ৰেণীবদ্ধ কৰা হয় যদিও ইয়াৰ চিত্ৰশৈলী একেবাৰে অনন্য ।[14] ৰেখা অংকনৰ ধৰণ আৰু ৰঙৰ প্ৰয়োগ অনুৰাধাপুৰ যুগৰ আন চিত্ৰসমূহৰ পৰা পৃথক। ৰেখাসমূহ এনে ধৰণে অঁকা হৈছে যে চিত্ৰত থকা আকৃতিসমূহত গভীৰতা অনুভৱ হয়। ৰঙ প্ৰয়োগত দীঘলীয়া আৰু প্ৰবাহমান আঁচোৰ ব্যৱহাৰ কৰা হৈছে, য’ত এটা ফালে অধিক চাপ প্ৰয়োগ কৰি কাষৰ ফালে অধিক গভীৰ ৰঙৰ আভা সৃষ্টি কৰা হৈছে।
অনুৰাধাপুৰ যুগৰ আন চিত্ৰসমূহতো এইধৰণৰ কিছু কৌশল দেখা যায় যদিও ছিগিৰিয়াৰ দৰে স্কেচ সদৃশ ৰেখা আৰু স্পষ্ট শিল্পীসুলভ সীমাৰেখা তাত নাই।
এই চিত্ৰসমূহত দেখা নাৰীসকলৰ প্ৰকৃত পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। কিছুমানে বিশ্বাস কৰে যে তেওঁলোক ৰাজকীয় মহিলা, আনহাতে কিছুমানে ধাৰণা কৰে যে তেওঁলোক ধৰ্মীয় আচাৰত অংশগ্ৰহণ কৰা মহিলা।
এই চিত্ৰসমূহৰ সৈতে অজন্তা গুহাৰ চিত্ৰকলাৰ যথেষ্ট সাদৃশ্য লক্ষ্য কৰা যায়।[15]
উদ্যানসমূহ
[সম্পাদনা কৰক]ছিগিৰিয়াৰ উদ্যানসমূহ বিশ্বৰ আটাইতকৈ পুৰণি ভূ-দৃশ্য উদ্যানবোৰৰ ভিতৰত অন্যতম।[16] এই উদ্যানসমূহক তিনিটা পৃথক অথচ সংলগ্ন ভাগত বিভক্ত কৰা হৈছে: জল উদ্যান (water gardens), গুহা তথা শিলাখণ্ডৰ উদ্যান (cave and boulder gardens) আৰু খোপ নিৰ্মিত বা খটখটীযুক্ত উদ্যান (terraced gardens)।
চেনাকে বন্দৰনায়কেৰ মতে ছিগিৰিয়াত তিনি ধৰণৰ উদ্যান নিৰ্মাণ শৈলী দেখা পোৱা যায়: সমমিতীয় বা জ্যামিতিকভাৱে পৰিকল্পিত জল উদ্যান; অসমমিতীয় বা প্ৰাকৃতিক গুহা তথা শিলাখণ্ডৰ উদ্যান; আৰু কেন্দ্ৰীয় শিলাখণ্ডৰ পাদদেশত থকা খোপ নিৰ্মিত বা খটখটীযুক্ত উদ্যান। তেওঁৰ মতে, শিলাখণ্ডৰ শিখৰত থকা ৰাজপ্ৰসাদৰ উদ্যানখন এই তিনিওটা শৈলীৰ এক সংমিশ্ৰণ।[17] তেওঁ উল্লেখ কৰিছে যে ছিগিৰিয়াৰ বিন্যাসত জ্যামিতিক পৰিকল্পনা আৰু প্ৰাকৃতিক আকৃতিৰ এক সচেতন সংহতি ঘটিছে। ইয়াত কাণ্ডালামা পৰ্বত আৰু মাতালে পৰ্বতমালাৰ প্ৰাকৃতিক দৃশ্যসমূহকো উদ্যানৰ পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে।[17] এলেপোলাৰ মতে, এই জল উদ্যানসমূহৰ পানী বিতৰণ প্ৰণালীটো মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল, যিয়ে নিম্ন অঞ্চলবোৰলৈ পানীৰ এক মৃদু প্ৰবাহ সৃষ্টি কৰিছিল।[18]
জল উদ্যান
[সম্পাদনা কৰক]


জল উদ্যানসমূহ পশ্চিম দিশৰ কেন্দ্ৰীয় অংশত অৱস্থিত। ইয়াত মূলত তিনিখন প্ৰধান উদ্যান আছে। প্ৰথমখন উদ্যান পানীৰে আবৃত এটা ভূখণ্ডৰ দৰে, যিটো মূল চৌহদৰ সৈতে চাৰিটা সংযোগী পথৰ জৰিয়তে সংযোগ কৰা হৈছে।
দ্বিতীয়খন উদ্যানত পথটোৰ দুয়োকাষে দুটা দীঘল আৰু গভীৰ পুখুৰী আছে। দুটা একা-বেঁকা জুৰিয়ে এই পুখুৰীকেইটালৈ পানী যোগান ধৰে। ইয়াত চূণশিলৰ বৃত্তাকাৰ পাতেৰে তৈয়াৰী জলফোৱাৰা আছে। মাটিৰ তলৰ নলাৰে এই ফোৱাৰাসমূহলৈ পানী আহে আৰু এইবোৰ আজিও সক্ৰিয়, বিশেষকৈ বৰ্ষাকালত। দ্বিতীয় জল উদ্যানৰ দুয়োফালে দুটা ডাঙৰ দ্বীপ আছে য'ত গ্ৰীষ্মকালীন প্ৰসাদ নিৰ্মাণ কৰা হৈছিল।
তৃতীয় উদ্যানখন আন দুখনতকৈ ওপৰৰ স্তৰত অৱস্থিত। ইয়াত এটা ডাঙৰ আঠকোণীয়া পুখুৰী আছে। দুৰ্গৰ বৃহৎ ইটা আৰু শিলৰ দেৱালখন এই উদ্যানৰ পূব প্ৰান্তত আছে।
এই জল উদ্যানসমূহ পূব-পশ্চিম অক্ষত সমমিতীয়ভাৱে নিৰ্মাণ কৰা হৈছে। এই পুখুৰীসমূহ মাটিৰ তলৰ নলাৰে হ্ৰদৰ সৈতে সংযোগ কৰা হৈছে। প্ৰথম জল উদ্যানৰ পশ্চিম ফালে এটা ক্ষুদ্ৰ জল উদ্যানো আছে, যিটো সম্ভৱতঃ ১০ম আৰু ১৩শ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
শিলাখণ্ডৰ উদ্যান
[সম্পাদনা কৰক]শিলাখণ্ডৰ উদ্যানসমূহ একা-বেঁকা পথেৰে সংযোগ কৰা কেইবাটাও ডাঙৰ শিলাখণ্ডৰে গঠিত। এই উদ্যানসমূহ ছিগিৰিয়া শিলাখণ্ডৰ পাদদেশৰ পৰা দক্ষিণলৈ বিস্তৃত। এই শিলাখণ্ডসমূহৰ ওপৰত অট্টালিকা বা পেভিলিয়ন আছিল বুলি ধাৰণা কৰা হয়, যাৰ প্ৰমাণ ইটাৰ দেৱালৰ বাবে কৰা কটা অংশবোৰে দিয়ে। শত্ৰুৱে আক্ৰমণ কৰিলে ওপৰৰ পৰা শিল বগৰাই দিবলৈও এইবোৰ ব্যৱহাৰ কৰা হৈছিল।
খোপ নিৰ্মিত উদ্যান
[সম্পাদনা কৰক]
ছিগিৰিয়া শিলাখণ্ডৰ পাদদেশত থকা প্ৰাকৃতিক পাহাৰটোৰ পৰাই এই খোপ নিৰ্মিত উদ্যানসমূহ সৃষ্টি কৰা হৈছে। শিলাখণ্ডৰ খটখটীৰ পৰা কেইবাটাও খোপ বা স্তৰ ওপৰলৈ উঠি গৈছে। এইবোৰ ইটাৰ দেৱাল সাজি নিৰ্মাণ কৰা হৈছে আৰু শিলাখণ্ডটোৰ চাৰিওফালে কেন্দ্ৰীভূত পৰিকল্পনাৰে অৱস্থিত। চূণশিলৰ চিৰিৰে নিৰ্মিত পথটোৱে এই উদ্যানৰ মাজেৰে গৈ সিংহ-খটখটী থকা একেবাৰে ওপৰৰ খোপটোত সংযোগ হৈছে।
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]- ১৯৮২ চনত ডুৰাণ ডুৰাণৰ একক গীত "চেভ এ প্ৰেয়াৰ"ৰ মিউজিক ভিডিঅ'ৰ কিছুমান দৃশ্য চিগিৰিয়াৰ ওপৰত চিত্ৰগ্ৰহণ কৰা হৈছিল।[19]
- চিগিৰিয়াক ২০০৫ চনত দ্য এমেজিং ৰেচ ৬ৰ একাদশ খণ্ডত অভিনয় কৰা হৈছিল।[20]
- আৰ্থাৰ চি ক্লাৰ্কে তেওঁৰ উপন্যাস দ্য ফাউণ্টেইনছ অৱ পেৰাডাইজত চিগিৰিয়াৰ ওপৰত ভিত্তি কৰি কাল্পনিক "য়াক্কাগালা" ৰচনা কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে ছিগিৰিয়াৰ বাস্তৱতা "ইমানেই আচৰিত যে মই ইয়াক কোনো ধৰণে সলনি কৰাৰ প্ৰয়োজন হোৱা নাই।"[21]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Sigiriya". Encyclopedia Britannica. 15 January 2024.
- ↑ "Ancient City of Sigiriya". UNESCO World Heritage Centrewhc.unesco.org. https://whc.unesco.org/en/list/202/.
- 1 2 3 4 Ponnamperuma, Senani (2013). The Story of Sigiriya. Panique Pty Ltd. ISBN 978-0-9873451-7-2.
- 1 2 3 4 Bandaranayake, Senake; Aramudala, Madhyama Saṃskr̥tika (2005). Sigiriya: City, Palace, Gardens, Monasteries, Painting. Central Cultural Fund. ISBN 978-955-631-146-4. https://books.google.com/books?id=fVRuAAAAMAAJ.
- ↑ Collectif Asie, tome 2, Aménager l'espace, vol. 2, Presses de l'Université Paris-Sorbonne, 1994, p. 240 আই.এচ.বি.এন. 9782840500278
- ↑ "Sri Lanka's Granite Fortress" (en ভাষাত). earthobservatory.nasa.gov. 5 March 2022. https://earthobservatory.nasa.gov/images/149543/sri-lankas-granite-fortress। আহৰণ কৰা হৈছে: 11 April 2026.
- ↑ Geiger, Wilhelm (1929). "Chapter 39". Culavamsa Being The More Recent Part Of Mahavamsa. 2.
- ↑ "The Sigiriya Story". Asian Tribune. https://whc.unesco.org/en/list/202। আহৰণ কৰা হৈছে: 2006-11-24.
- ↑ Forbes, Jonathan (1841). Eleven Years in Ceylon (Volume 2). প্ৰকাশক London: Richard Benley. পৃষ্ঠা. 1–18. https://books.google.com/books?id=7_4yAQAAMAAJ&pg=PA1। আহৰণ কৰা হৈছে: 25 December 2023.
- ↑ Dullewe Wijeyeratne, Anuradha. "Vidyajyothi Dr. Raja de Silva: One of the Nation’s Greatest and Most Cherished Archaeologists". Ceylon Today. Archived from the original on 21 December 2024. https://web.archive.org/web/20241221142200/https://ceylontoday.lk/2024/10/03/vidyajyothi-dr-raja-de-silva-one-of-the-nations-greatest-and-most-cherished-archaeologists/। আহৰণ কৰা হৈছে: 3 October 2024.
- ↑ "Sigiriya – The fortress in the sky". Sunday Observer. https://archives.sundayobserver.lk/2004/10/10/juniorob06.html। আহৰণ কৰা হৈছে: 2004-10-10.
- ↑ "Sigiriya: the most spectacular site in South Asia". Sunday Observer. http://www.dailynews.lk/2006/08/03/fea03.asp। আহৰণ কৰা হৈছে: 2006-08-03.
- ↑ Senake Bandaranayake and Madhyama Saṃskr̥tika Aramudala. Sigriya. 2005, page 38
- ↑ "Sigiriya Frescoes, Sri Lanka". http://seelanka.net/sigiriya/sigiriya-frescoes.html। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ "ഹൈടെക് യുഗത്തിലും ഇൗ നഗരം അദ്ഭുതം; 5000 വര്ഷം മുൻപ് പാറമുകളില് നിര്മിച്ച 'സിഗിരിയ'!" (ml ভাষাত). ManoramaOnline. https://www.manoramaonline.com/travel/world-escapes/2021/09/09/visit-the-ancient-city-of-sigiriya-sri-lanka.html। আহৰণ কৰা হৈছে: 2021-09-09.
- ↑ Lockhart, Katie (7 December 2021). "Sigiriya: Sri Lanka's ancient water gardens". BBC. https://www.bbc.com/travel/article/20211205-sigiriya-sri-lankas-ancient-water-gardens. "The gardens at Sigiriya are not only the best-preserved water gardens in South Asia but some of the oldest landscaped gardens in the world."
- 1 2 Bandaranayake, Senake (1999). Sigiriya: city, palace, and royal gardens. Central Cultural Fund, Ministry of Cultural Affairs. পৃষ্ঠা. 34. ISBN 978-955-613-111-6. https://openlibrary.org/books/OL6860837M/Sigiriya.
- ↑ The Sigiriya Museum. প্ৰকাশক Colombo: Central Cultural Fund, Ministry of Culture & the Arts. 2011. ISBN 9789556132304.
- ↑ Ponnamperuma, Senani. "About Sigiriya or Simhagiri". The Story of Sigiriya. Panique Pty Ltd. http://seelanka.net/sigiriya/। আহৰণ কৰা হৈছে: 9 March 2013.
- ↑ ""It Always Comes Down to the Details - Leg 9 " - January 25". Game Show Newsnet. http://www.gameshownewsnet.com/prime/ar6/012505.html। আহৰণ কৰা হৈছে: August 16, 2020.
- ↑ Boyle, Richard (December 14, 1997). "Many Many Happy Returns". https://www.sundaytimes.lk/971214/plusm.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Sigiriya সম্পৰ্কীয় মিডিয়া ফাইল আছে। |