ছিমা ৱালী
| ছিমা ৱালী | |
|---|---|
১৯৯৯ চনত ৱালী | |
| জন্ম | ৭ এপ্ৰিল, ১৯৫১ কান্দাহাৰ, আফগানিস্তান |
| মৃত্যু | ২২ ছেপ্টেম্বৰ, ২০১৭ (৬৬ বছৰ) ফলচ গীৰ্জা, ভাৰ্জিনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| সংস্থা | Refugee Women in Development, Inc. |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ জিনেটা চেগান ফাণ্ড বঁটা, মিছেছ ফাউণ্ডেশ্যনৰ গ্ল’ৰিয়া ষ্টেইনম উইমেন অৱ ভিজন বঁটা |
ছিমা ৱালী (ইংৰাজী: Sima Wali, ৭ এপ্ৰিল, ১৯৫১ – ২২ ছেপ্টেম্বৰ, ২০১৭) আছিল বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া এগৰাকী আফগান মানৱ অধিকাৰৰ সমৰ্থক৷ তেওঁ শৰণাৰ্থী আৰু আভ্যন্তৰীণভাৱে স্থানচ্যুত জনসাধাৰণৰ স্বাধীনতা আৰু সবলীকৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিযানকাৰী হিচাপে কাম কৰিছিল। সংঘাতৰ পৰা পলায়ন কৰা শৰণাৰ্থী মহিলা আৰু ছোৱালীৰ নাগৰিক অধিকাৰ আৰু তেওঁলোকৰ সমাজত ন্যায্যভাৱে পুনৰ সংযোগৰ পোষকতা কৰা বিশ্বব্যাপী অলাভজনক সংস্থা ৰিফিউজি ৱমেন ইন ডেভেলপমেণ্ট (ৰেফডব্লিউআইডি), ইনকৰ্পৰেটেডৰ তেওঁ মুখ্য কাৰ্যবাহী বিষয়া আছিল। ইয়াৰ উপৰি তেওঁ বিশ্বৰ প্ৰথম নাৰীবাদী চিন্তাধাৰা চিষ্টাৰহুড ইজ গ্ল’বেল ইনষ্টিটিউটৰ উপ-সভানেত্ৰী আছিল।[1]১৯৯৯ আৰু ২০০৯ চনত ফৰ্ড হল ফ'ৰামত বক্তা হিচাপেও অংশগ্ৰহণ কৰিছিল আৰু আন বহুতো সন্মানীয় অনুষ্ঠান আৰু উল্লেখযোগ্য প্ৰতিষ্ঠানৰ লগতে ড্ৰপিং নোলেজ প্ৰকল্পত অংশগ্ৰহণ কৰিছিল।
২০০২ আৰু ২০০৩ চনত ছিমা ৱালীক স্মিথ কলেজ আৰু শ্বেনাণ্ডো বিশ্ববিদ্যালয় দুয়োখনেই সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। আমেৰিকান ইউনিভাৰ্চিটিৰ স্কুল অৱ ইণ্টাৰনেশ্যনেল চাৰ্ভিচ (SIS)ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ কাবুল বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে।
২০০১ চনত তালিবানৰ পতনৰ পিছত আফগান চৰকাৰ গঠন কৰা জাৰ্মানীত ৰাষ্ট্ৰসংঘই আয়োজিত বন চুক্তিত মাত্ৰ তিনিগৰাকী মহিলা প্ৰতিনিধিৰ ভিতৰত ছিমা ৱালী অন্যতম আছিল।[2] তেওঁ ৰজা মহম্মদ জাহিৰ শ্বাহৰ ৰোম প্ৰতিনিধি দলৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
সন্মিলনত ৱালীয়ে মহিলা পৰিক্ৰমা মন্ত্ৰালয় সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেওঁৰ পুৰুষ সমকক্ষসকলে মন্ত্ৰালয়টোক নতুন প্ৰশাসনত স্থায়ীভাৱে অন্তৰ্ভুক্ত কৰিবলৈ জোৰ দিছিল।[3] তাৰ পিছত তেওঁক সেই মন্ত্ৰালয়ৰ নেতৃত্ব দিবলৈ মনোনীত কৰা হয়, কিন্তু তেওঁৰ আন্তঃৰাষ্ট্ৰীয় সক্ৰিয়তাত মনোনিৱেশ কৰিবলৈ তেওঁ অস্বীকাৰ কৰে।[4] ৱালীয়ে ছিমা সমৰক মহিলা পৰিক্ৰমা মন্ত্ৰীৰ পদত মনোনীত কৰে আৰু অন্তৱৰ্তীকালীন চৰকাৰত সেৱা আগবঢ়াবলৈ আন মহিলাসকলকো নিৰ্বাচন কৰে৷ লগতে শান্তি চুক্তিত লিংগ সংবেদনশীল ভাষা অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰে।[2]
এন জি অ' ড্ৰপিং ন'লেজৰ মতে, "ৱালীয়ে সংঘাতৰ দ্বাৰা প্ৰভাৱিত মহিলাসকলক সবলীকৰণ, সংঘাতৰ পিছৰ গণতান্ত্ৰিক নাগৰিক সমাজৰ প্ৰতিষ্ঠানসমূহ পুনৰ নিৰ্মাণ আৰু মহিলা আৰু তেওঁলোকৰ পুৰুষ সমকক্ষসকলৰ মানৱ অধিকাৰ সুৰক্ষাৰ পোষকতা কৰাৰ লক্ষ্যৰে কাৰ্যসূচীৰ আৰ্হি প্ৰস্তুত কৰাত অগ্ৰণী ভূমিকা পালন কৰিছে।"[2] তেতিয়াৰ যুগোস্লাভিয়াত যুদ্ধৰ সময়ত ১৯৯০ চনত বছনিয়া আৰু ক্ৰ'ৱেচিয়াত এন জি অ'সমূহৰ উন্নয়নত সহায় কৰাত ৱালিয়ে শক্তিশালী ভূমিকা পালন কৰিছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sima Wali | Carnegie Council for Ethics in International Affairs". www.carnegiecouncil.org. https://www.carnegiecouncil.org/people/sima-wali। আহৰণ কৰা হৈছে: 2019-10-22.
- ↑ 2.0 2.1 2.2 2.3 Nations, United. "Events". United Nations. https://www.un.org/events/women/2002/wali.htm.
- ↑ "Events". United Nations. http://www.un.org/events/women/2002/wali.htm.
- ↑ "Sima Wali, Afghan refugee who battled 'gender apartheid' in her homeland, dies at 66". Los Angeles Times. 2017-10-24. https://www.latimes.com/local/obituaries/la-me-sima-wali-20171024-story.html। আহৰণ কৰা হৈছে: 2019-10-22.
- ↑ Ferris-Rotman, Amie (2017-11-05). "Sima Wali obituary" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2017/nov/05/sima-wali-obituary.