সমললৈ যাওক

ছিমিন বেহবাহনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছিমিন বেহবাহনী[1] (২০ জুলাই ১৯২৭ – ১৯ আগষ্ট ২০১৪) আছিল ইৰাণী সমসাময়িক কবি, গীতিকাৰ আৰু সমাজকৰ্মী। পৰম্পৰাগত কাব্যিক ৰূপ গজলত আয়ত্ত কৰাৰ বাবে তেওঁ সুপৰিচিত৷ তেওঁ আধুনিক পাৰ্চী কবিতাৰ আইকন হৈ পৰিছিল। ইৰাণৰ বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে তেওঁক মৰমেৰে "ইৰাণৰ সিংহিনী" বুলি উল্লেখ কৰিছিল।[2] গোটেই কেৰিয়াৰত বেহবাহনীয়ে দুবাৰকৈ সাহিত্যৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য সাহিত্যিক প্ৰশংসা লাভ কৰিছিল। তেওঁৰ এই কামে পাৰ্চী সাহিত্যক সমৃদ্ধ কৰাই নহয় ইৰাণৰ এগৰাকী উল্লেখযোগ্য সাংস্কৃতিক আৰু বৌদ্ধিক ব্যক্তি হিচাপে তেওঁৰ ভূমিকাকো উজ্জ্বল কৰি তুলিছিল।

ছিমিন বেহবাহনীয়ে বাৰ বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু চৈধ্য বছৰ বয়সতে প্ৰথম কবিতা প্ৰকাশ কৰিছিল। নিমা যুছিজৰ "চৰ পৰেহ" শৈলী ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত তেওঁ গজলৰ দিশত আকৰ্ষিত হৈছিল। কবিতাৰ গজল শৈলী ব্যৱহাৰ কৰি নাট্য বিষয় আৰু দৈনন্দিন পৰিঘটনা আৰু কথোপকথন কবিতাত সংযোজন কৰি বেহবাহানীয়ে এক ঐতিহাসিক বিকাশত অৰিহণা যোগাইছিল। পৰম্পৰাগত পাৰ্চী পদ্য ৰূপৰ পৰিসৰ বৃদ্ধি কৰি ২০ শতিকাৰ পাৰ্চী সাহিত্যৰ কিছুমান উল্লেখযোগ্য ৰচনা প্ৰস্তুত কৰিছে।

ইৰাণী লেখক সংস্থাৰ সভানেত্ৰী হিচাপে ১৯৯৯ আৰু ২০০২ চনত সাহিত্যৰ নোবেল বঁটাৰ বাবে তেওঁ মনোনীত হৈছিল। ২০১৩ চনত তেওঁক কবিতাৰ বাবে জেনুছ পেননিয়াছ গ্ৰেণ্ড প্ৰাইজ প্ৰদান কৰা হয়।[3]

২০১০ চনৰ মাৰ্চৰ আৰম্ভণিতে চৰকাৰী নিষেধাজ্ঞাৰ বাবে তেওঁ দেশ এৰি যাব নোৱাৰিলে। পেৰিছলৈ বিমানত উঠিবলৈ ওলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰি "গোটেই ৰাতি" জেৰা কৰে। তেওঁক মুকলি কৰি দিয়া হ’ল যদিও পাছপ’ৰ্ট দিয়া নহ'ল। তেওঁৰ ইংৰাজী অনুবাদক ফাৰ্জানেহ মিলানীয়ে গ্ৰেপ্তাৰৰ বাবে আশ্বৰ্য প্ৰকাশ কৰিছিল কাৰণ তেতিয়া বেহবাহনীৰ বয়স আছিল ৮২ বছৰ৷ [2]

তেওঁৰ দুবাৰ বিবাহ হৈছিল৷ প্ৰথমখন হাছান বেহবাহানীৰ সৈতে, যাৰ অন্ত পৰিছিল বিবাহ বিচ্ছেদত।[1] প্ৰথম বিবাহৰ পৰা তেওঁৰ তিনিটা সন্তান হৈছিল৷ এগৰাকী কন্যা আৰু দুজন পুত্ৰ।[1] তেওঁৰ দ্বিতীয় বিবাহ মনুচেহৰ কৌশ্বিয়াৰৰ সৈতে হয় আৰু ১৯৮৪ চনত তেওঁৰ মৃত্যুৰ পিছত ইয়াৰ অন্ত পৰে।[1]

২০১৪ চনৰ ৬ আগষ্টত বেহবাহানীয়ে চিকিৎসালয়ত ভৰ্তি হয়। ৬ আগষ্টৰ পৰা ২০১৪ চনৰ ১৯ ​​আগষ্টত মৃত্যু হোৱালৈকে তেওঁ ক'মাত আছিল আৰু ৮৭ বছৰ বয়সত তেহৰাণৰ পাৰ্ছ হাস্পতালত পালমোনাৰী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।[4] হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ২২ আগষ্টত ভাহদাত হলত অনুষ্ঠিত হয় আৰু তেওঁৰ মৃতদেহ বেহেষ্ট-ই জাহ্ৰাত সমাধিস্থ কৰা হয়[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Martin, Douglas (21 August 2014). "Simin Behbahani, Outspoken Iranian Poet, Dies at 87". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2014/08/22/arts/international/simin-behbahani-outspoken-iranian-poet-dies-at-87.html. 
  2. 2.0 2.1 Tehran Halts Travel By Poet Called 'Lioness Of Iran' by Mike Shuster, NPR, 17 March 2010
  3. "Laureates: 2013 Simin Behbahani". Janus Pannonius Grand Prize for Poetry. 2013. http://jpa.hu/en/laureates/simin-behbahani-2.html। আহৰণ কৰা হৈছে: 5 June 2019. 
  4. "Simin Behbahani, celebrated poet known as the 'lioness of Iran,' dies at 87". The Washington Post. 23 August 2014. https://www.washingtonpost.com/world/simin-behbahani-celebrated-poet-known-as-the-lioness-of-iran-dies-at-87/2014/08/23/7438fbda-28b9-11e4-958c-268a320a60ce_story.html. 
  5. Esfandiari, Golnaz (22 August 2014). "Thousands Attend Iranian Poet Behbahani's Funeral". RadioFreeEurope/RadioLiberty. https://www.rferl.org/a/iran-funeral-poet-behbahani/26545439.html। আহৰণ কৰা হৈছে: 5 November 2017.