সমললৈ যাওক

ছিয়া ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আল্লাহৰ নামৰ চাৰিওফালে শ্বিয়াবাদৰ কেন্দ্ৰীয় ব্যক্তিত্বসকল—মুহম্মদ, আলী, ফাতিমা, হাছান আৰু হুছেইনৰ নাম সন্নিৱিষ্ট এটা আৰবী চাৰুলিপি। এই পাঁচোজনক একেলগে আহলুল কিছা[টোকা 1] বা পঞ্জতন পাক[টোকা 2] বুলি কোৱা হয়।

শ্বিয়া ইছলাম, শ্বিয়াবাদ বা তশ্বয়্যু (Arabic: الشِّيْعَة ash-Shīʿa[টোকা 3] অথবা Arabic: التَّشَيُّعُ at-Tashayyuʿ)[টোকা 4] হৈছে ইছলামৰ দ্বিতীয় আটাইতকৈ ডাঙৰ শাখা। এই মতবাদ অনুসৰি পয়গম্বৰ মুহম্মদে তেওঁৰ জেঠাৰ পুতেক আৰু জোঁৱাই আলী ইবন আবী তালিবক তেওঁৰ ৰাজনৈতিক স্থলাভিষিক্ত (খলিফা) আৰু পৰৱৰ্তী আধ্যাত্মিক নেতা (ইমাম) হিচাপে মনোনীত কৰি গৈছিল,[1] কিন্তু ছকীফাত নবীৰ ছাহাবাৰ একাংশে কৰা মনোনয়নৰ ফলত আলীক তেওঁৰ ন্যায্য পদাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল, আৰু খিলাফত কাঢ়ি লোৱা হৈছিল। এই দৃষ্টিভংগী ছুন্নী বিৱৰণীৰ সৈতে মৌলিকভাৱে ভিন্ন। ছুন্নী মুছলমানসকলৰ মতে, মুহম্মদে মৃত্যুৰ আগতে কাকো তেওঁৰ উত্তৰাধিকাৰী নিযুক্তি দিয়া নাছিল, আৰু সেয়েহে তেওঁলোকে ছকীফাত মনোনীত হোৱা আবু বকৰক প্ৰথম ৰাশ্বিদুন খলিফা হিচাপে মান্য কৰে।[2][3]

শ্বিয়া ইছলাৰৰ অনুসাৰীক শ্বীʿঈ[টোকা 5] বুলিও কোৱা হয়।[4][5] উত্তৰাধিকাৰৰ প্ৰশ্নত শ্বিয়া মুছলমানসকলে গাদীৰ খুমত নবীয়ে দিয়া খুৎবাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।[4][6] তেওঁলোকৰ বিশ্বাস অনুসৰি, আলী ইবন আবী তালিবক নবীৰ স্থলাভিষিক্ত আৰু ইছলামৰ ৰাজনৈতিক–আধ্যাত্মিক নেতাৰূপে নিৰ্বাচনৰ ক্ষেত্ৰত ঐশী নিৰ্দেশনা আছিল।[7] এই বিশ্বাসৰ পৰাই পিছলৈ ইমামত তত্ত্বৰ বিকাশ হৈছিল, য'ত কোৱা হয় যে কেৱল মুহম্মদৰ নিৰ্দিষ্ট বংশধৰ, অৰ্থাৎ আহলুল বৈতৰ সদস্যসকলহে বৈধ, ন্যায়সঙ্গত আৰু অনুসৰণযোগ্য নেতা।[8] শ্বিয়াসকলে আলীক ঐশ্বৰিকভাৱে নিযুক্ত নবী-পৰৱৰ্তী নেতা আৰু প্ৰথম ইমাম বুলি গণ্য কৰে আৰু এই ইমামতক আহলুল বৈতৰ কেইবাজনো পৰৱৰ্তী ইমামলৈ সম্প্ৰসাৰিত কৰে। আলীৰ পাছত ইমামত তেওঁৰ দুজন পুতেক হাছান আৰু হুছেইনৰ মাজেৰে অব্যাহত থাকে। পৰৱৰ্তী সময়ত বিভিন্ন শ্বিয়া শাখাৰ উদ্ভৱ হয়, যিসকলে বিভিন্ন ইমামক স্বীকৃতি দিয়ে। শ্বিয়া মুছলমানসকলৰ মতে, ইমামসকলে মুছলিম উম্মাৰ ওপৰত বিশেষ আধ্যাত্মিক আৰু ৰাজনৈতিক কর্তৃত্ব বহন কৰে আৰু বেছিভাগ শ্বিয়া উপদলে বিশ্বাস কৰে যে আহলুল বৈতক ঈশ্বৰপ্ৰদত্ত অভ্ৰান্ততা আৰু নিষ্কলুষতাৰ গুণেৰে বিভূষিত কৰা হৈছে।[9]

নবী মুহম্মদৰ মৃত্যুৰ পিছত আলী আৰু তেওঁৰ ঘৈণী ফাতিমাৰ ফালৰ পৰা আবু বকৰক খলিফা হিচাপে প্ৰাৰম্ভিক অস্বীকৃতি,[10][11][12][13][14] বলপূৰ্বক আনুগত্য আদায় কৰিবলৈ ফাতিমাৰ ঘৰত উমৰৰ আক্ৰমণ,[15][16][17] আবু বকৰৰ দ্বাৰা ফাতিমাৰ ফাদাকৰ ভূমি অধিগ্ৰহণ,[18][19] আলীলৈ অভিশাপ দিবৰ উমাইয়া নীতি,[20][21] খাৰিজী গুপ্তঘাতে আলীৰ মৃত্যু, হাছানক বিষ খোৱাই হত্যা,[20][22][23][24] কাৰবালাৰ যুদ্ধত সপৰিয়ালে হুছেইনৰ শ্বহীদ হোৱাৰ উপৰিও উমাইয়া আৰু আব্বাচীয় শাসনকালত আহলুল বৈতৰ সদস্যসকলৰ ওপৰত সুসংগঠিত নিপীড়নৰ ঐতিহাসিক ঘটনাবলীয়ে শ্বিয়া ইসলাৰৰ বিকাশত অধিকতৰ প্ৰভাৱ পেলায়। এই অভিজ্ঞতাবোৰে শ্বিয়াসকলক নিজা আচাৰ-অনুষ্ঠান আৰু সামূহিক স্মৃতিবোধেৰে এক সুকীয়া ধৰ্মীয় সম্প্ৰদায় হিচাপে পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[25]

শ্বিয়া সম্প্ৰদায়টো হৈছে ইছলাৰৰ দ্বিতীয় ডাঙৰ শাখা আৰু সমগ্ৰ মুছলিম বিশ্বৰ প্ৰায় ১০–১৫ শতাংশই শিয়া মতাৱলম্বী।[26] যদিও শ্বিয়াবাদৰ বহুতো শাখা আৰু উপশাখা আছে, আজিৰ তাৰিখত শ্বিয়াসকল মূলতঃ তিনিটা ভাগত বিভক্ত: ইছনা আশ্বাৰিয়া, ইছমাইলী আৰু জাইদী। ইয়াৰ ভিতৰত ইছনা আশ্বাৰিয়া বা দ্বাদশবাদ হৈছে আটাইতকৈ ডাঙৰ আৰু প্ৰভাৱশালী শ্বিয়া উপদল[27][28][29][30] আৰু প্ৰায় ৮৫ শতাংশ শ্বিয়াই দ্বাদশবাদী।[31] আজি মুছলিম বিশ্বৰ চাৰিখন দেশত শিয়া সম্প্ৰদায় সংখ্যাগৰিষ্ঠ: ইৰান, ইৰাক, আজাৰবাইজান আৰু বাহৰেইন। ইয়াৰ উপৰিও লেবানন, য়েমেন, কুৱেইত, চৌদি আৰৱ, তুৰস্ক, আফগানিস্তান, পাকিস্তান আৰু ভাৰতত উল্লেখযোগ্য শিয়া জনগোষ্ঠী বসবাস কৰে। ইৰান হৈছে পৃথিৱীৰ একমাত্ৰ ৰাষ্ট্ৰ য'ত শ্বিয়া ইছলাম দেশখনৰ আইন আৰু শাসনব্যৱস্থাৰ ভিত্তি হিচাপে বলৱৎ আছে।[32]

পৰিভাষা

[সম্পাদনা কৰক]

ছিয়া (বা শ্বিয়া) (আৰবী: شيعيّ) শব্দটো شيعة علي (অৰ্থাৎ আলীৰ অনুগামী)ৰ পৰা উদ্ভৱ হৈছে।[33][34][35]

ছিয়া শব্দটো প্ৰথমে মহানবী মহম্মদৰ জীৱনকালতেই ব্যৱহাৰ কৰা হৈছিল।[36] বৰ্তমানে এই শব্দটোৱে সেইসকল মুছলমানক বুজায়, যিসকলে বিশ্বাস কৰে যে মহানবীৰ পিছত মুছলমান সম্প্ৰদায়ৰ নেতৃত্ব তেওঁৰ খুলি (চাচা-সালিকে) আৰু জোঁৱাই আলী ইবনে আবি তালিব তথা তেওঁৰ বংশধৰসকলে আগবঢ়াইছে।[33] নববাখতীয়ে কৈছে যে ছিয়া শব্দটোৱে সেই মুছলমানসকলক বুজায়, যিয়ে মহানবীৰ জীৱনকালত আৰু তেওঁৰ পিছত আলীক ইমাম আৰু খলিফা হিচাপে মান্য কৰিছিল।[37] আল-শ্বাহৰাস্তানীয়ে লিখিছে যে ছিয়া শব্দটোৱে সেইসকল বিশ্বাসীক বুজায়, যিসকলে ধৰে যে আলীক মহানবীয়ে নিজৰ উত্তৰাধিকাৰী, ইমাম আৰু খলিফা হিচাপে নিৰ্ধাৰণ কৰিছিল,[38] আৰু এই কৰ্তৃত্ব তেওঁৰ বংশধৰসকলৰ জৰিয়তে বজাই ৰখা হৈছে।[33]

ছিয়া ইছলামৰ অনুগামীসকলৰ বাবে এই বিশ্বাস কোৰআন আৰু ইছলামৰ ইতিহাসত অন্তৰ্নিহিত বুলি গণ্য। ছিয়া পণ্ডিতসকলে বিশেষকৈ জোৰ দি কয় যে কৰ্তৃত্বৰ এই ধাৰণাটো ইব্ৰাহীমীয় নবীসকলৰ পৰিয়ালৰ সৈতে জড়িত, যিদৰে কোৰআনৰ সূৰা আলে ইমৰান ৩:৩৩–৩৪ত উল্লেখ আছে: "সঁচাকৈয়ে, আল্লাহে আদম, নূহ, ইব্ৰাহীমৰ পৰিয়াল আৰু ইমৰানৰ পৰিয়ালক সকলো মানুহৰ ওপৰত বাছি লৈছিল। তেওঁলোকে ইজনে সিজনৰ বংশধৰ। আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।"[39]

পাদটীকা

[সম্পাদনা কৰক]
  1. Arabic: أَهْل ٱلْكِسَاء, romanized: ʾAhl al-Kisāʾ, lit.'চাদৰত আৱৃত ব্যক্তিসকল'
  2. Persian: پنج‌تن پاک, romanized: Panjtan Pāk, lit.'পৱি‍ত্ৰ পাঁচ'
  3. Arabic: الشِّيْعَة, romanized: ash-Shīʿa, lit.'দলভুক্ত, পক্ষাৱলম্বী, অনুসাৰক', pronounced [aʃ.ʃiː.ʕa]
  4. Arabic: التَّشَيُّعُ, romanized: at-Tashayyuʿ, lit.'দলভুক্তি, পক্ষাৱলম্বন, অনুসৰণ', pronounced [at.ta.ʃaj.juʕ]
  5. Arabic: شِيْعِيّ, romanized: Shīʿī, lit.'দলভুক্ত, পক্ষভুক্ত'

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. সাঁচ:বই উদ্ধৃতি
  2. Armajani, Jon (2020). Shia Islam and Politics: Iran, Iraq, and Lebanon. প্ৰকাশক Lanham, MD: Lexington. পৃষ্ঠা. 11. ISBN 978-1-7936-2136-8. 
  3. "Error: no |title= specified when using {{Cite web}}". 
  4. 4.0 4.1 Esposito, John. "What Everyone Needs to Know about Islam". Oxford University Press, 2002 | আই.এচ.বি.এন. 978-0-19-515713-0. p. 40
  5. "Error: no |title= specified when using {{Cite web}}". 
  6. "Error: no |title= specified when using {{Cite web}}". 
  7. সাঁচ:বিশ্বকোষ উদ্ধৃতি
  8. সাঁচ:বিশ্বকোষ উদ্ধৃতি
  9. "Error: no |title= specified when using {{Cite web}}". 
  10. Ayoub 2014, পৃষ্ঠা. 24.
  11. Madelung 1997, পৃষ্ঠা. 141, 253.
  12. Mavani 2013, পৃষ্ঠা. 113-4.
  13. Momen 1985, পৃষ্ঠা. 62.
  14. Shah-Kazemi 2022, পৃষ্ঠা. 79.
  15. Fedele 2018.
  16. Khetia 2013, পৃষ্ঠা. 77.
  17. Buehler 2014, পৃষ্ঠা. 186.
  18. Sajjadi 2018.
  19. Khetia 2013, পৃষ্ঠা. 18-9.
  20. 20.0 20.1 Momen 1985, পৃষ্ঠা. 28.
  21. Crow 2015, পৃষ্ঠা. 56.
  22. Jafri 1979, পৃষ্ঠা. 158.
  23. Madelung 2003.
  24. Anthony 2013, পৃষ্ঠা. 216.
  25. Armajani, Jon (2020). Shia Islam and Politics: Iran, Iraq, and Lebanon. প্ৰকাশক Lanham, MD: Lexington. পৃষ্ঠা. 11. ISBN 978-1-7936-2136-8. 
  26. "Error: no |title= specified when using {{Cite web}}". 
  27. Tabataba'i (1979), p. 76
  28. God's rule: the politics of world religions, p. 146, Jacob Neusner, 2003
  29. Esposito, John. What Everyone Needs to Know about Islam, Oxford University Press, 2002. আই.এচ.বি.এন. 978-0-19-515713-0. p. 40
  30. সাঁচ:বই উদ্ধৃতি
  31. সাঁচ:বই উদ্ধৃতি
  32. সাঁচ:বই উদ্ধৃতি
  33. 33.0 33.1 33.2 Momen, Moojan (1985). An Introduction to Shi'i Islam. Yale University Press. pp. 11–14. ISBN 978-0-300-03531-5.
  34. Halm, Heinz (2004). *Shi'ism*. Edinburgh University Press. p. 1. ISBN 978-0-7486-1888-0.
  35. Nasr, Seyyed Hossein (2006). *The Heart of Islam: Enduring Values for Humanity*. HarperOne. p. 137. ISBN 978-0-06-073064-2.
  36. Jafri, S.H.M. (1979). The Origins and Early Development of Shi'a Islam. Longman. p. 22. ISBN 978-0-7100-0846-9.
  37. Madelung, Wilferd (1997). The Succession to Muhammad. Cambridge University Press. p. 12. ISBN 978-0-521-56181-6.
  38. Shahrastani, Muhammad al-. al–Milal wa al-Nihal.
  39. Qur'an 3:33–34