সমললৈ যাওক

ছিলভিয়া ৰত্নাস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিলভিয়া ৰত্নাস্বামী
জাতীয়তা বেলজিয়ান
ক্ষেত্ৰ কম্পিউটাৰ বিজ্ঞান
শিক্ষানুষ্ঠান ইউ চি বাৰ্কলে, পুনে বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা
  • স্কট শ্বেংকাৰ
  • আয়ন ষ্ট'ইকা
জনা যায় ডিষ্ট্ৰিবিউটেড হেচ টেবুল, চফ্টৱেৰ ৰাউটিঙৰ বাবে জনাজাত
উল্লেখনীয় বঁটা বঁটা গ্ৰেচ মাৰে হপাৰ বঁটা স্ল'ন ফেল'শ্বিপ

ছিলভিয়া ৰত্নাস্বামী, জন্ম আনুমানিক ১৯৭৬ চন, এগৰাকী বেলজিয়াম–ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। ডিষ্ট্ৰিবিউটেড হেচ টেবুল (ডি এইচ টি)ৰ অন্যতম উদ্ভাৱক হিচাপে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ ডক্টৰেট ডিচাৰ্টেচনে মূল ডিএইচটিসমূহৰ ভিতৰত অন্যতম কন্টেন্ট-এড্ৰেছেবল নেটৱৰ্কৰ প্ৰস্তাৱ দিছিল আৰু এই কামৰ বাবে তেওঁ ২০১৪ চনত এচিএম গ্ৰেচ মাৰে হপাৰ বঁটা লাভ কৰে।[1] বৰ্তমান বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৯৭ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৰত্নস্বামীয়ে।[2] তাৰ পিছত স্কট শ্বেংকাৰৰ[3] পৰামৰ্শৰ ভিত্তিত তেওঁ ইউ চি বাৰ্কলেত ডক্টৰেট ডিগ্ৰীৰ কাম আৰম্ভ কৰে আৰু এই সময়ছোৱাত তেওঁ বাৰ্কলে, কে.এ.ৰ আন্তঃৰাষ্ট্ৰীয় কম্পিউটাৰ বিজ্ঞান প্ৰতিষ্ঠানত[3] কাম কৰে। ২০০২ চনত ইউ চি বাৰ্কলেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3]

ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ বাবে তেওঁ ডিজাইন আৰু প্ৰণয়ন কৰিছিল যিটো শেষত চাৰিটা মূল বিতৰিত হেচ টেবুলৰ ভিতৰত আছিল এটা, সেইটো কন্টেন্ট ঠিকনাযোগ্য নেটৱৰ্ক (CAN) হিচাপে পৰিচিত হৈছিল।[4][5]

২০১১ চনলৈকে ৰত্নাস্বামী ইণ্টেল লেবছৰ মুখ্য গৱেষক আছিল, তাৰ পিছত তেওঁ ইউ চি বাৰ্কলেত সহকাৰী অধ্যাপিকা হিচাপে কাম আৰম্ভ কৰিছিল।[6] শেহতীয়া বছৰবোৰত ৰত্নাস্বামীয়ে ৰুটব্ৰিক্স চফ্টৱেৰ ৰাউটাৰকে ধৰি প্ৰগ্ৰেমেবল নেটৱৰ্কৰ ওপৰত গৱেষণা কেন্দ্ৰীভূত কৰিছে আৰু নেটৱৰ্ক ফাংচন ভাৰ্চুৱেলাইজেচন (NFV)ৰ অগ্ৰণী কাম কৰিছে।[7] ২০১৬ চনত তেওঁ এনএফভি প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ বাবে নেফেলি নেটৱৰ্কছৰ সহ-প্ৰতিষ্ঠাপক হয়।[8]

তেওঁৰ পিতৃ বিখ্যাত ৰসায়নবিদ পল ৰত্নাস্বামী।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "ACM Grace Murray Hopper Award". ACM. 2014. Archived from the original on 2022-04-06. https://web.archive.org/web/20220406232114/https://awards.acm.org/award-winners/RATNASAMY_3303665 আহৰণ কৰা হৈছে: 2019-11-26.
  2. "New Faculty - EECS at UC Berkeley". eecs.berkeley.edu. http://www.eecs.berkeley.edu/Highlights/newfaculty/ আহৰণ কৰা হৈছে: 10 April 2018.
  3. 1 2 3 Sylvia Ratnasamy. "A Scalable Content Addressable Network". eecs.berkeley.edu. https://www.eecs.berkeley.edu/~sylvia/papers/thesis.pdf আহৰণ কৰা হৈছে: 10 April 2018.
  4. Ratnasamy (2001). A Scalable Content-Addressable Network. In Proceedings of ACM SIGCOMM 2001. http://www.eecs.berkeley.edu/~sylvia/papers/cans.pdf আহৰণ কৰা হৈছে: 2013-05-20.
  5. Hwang, Kai; Fox, Geoffrey C.; Dongarra, Jack (October 31, 2011). "Section 8.6: Bibliographic Notes and Homework Problems". Morgan KaufmannDistributed and Cloud Computing: From Parallel Processing to the Internet of Things, 1st Edition. https://eniac2017.files.wordpress.com/2017/03/distributed-and-cloud-computing.pdf আহৰণ কৰা হৈছে: 2019-12-03. "CAN was proposed by Ratnasamy, et al."
  6. "People". span.cs.berkeley.edu. http://span.cs.berkeley.edu/people.html আহৰণ কৰা হৈছে: 10 April 2018.
  7. Scales, Ian (2019-04-05). "NFV needs to lose a few pounds of complexity: introducing 'Lean NFV'". Telecom TV. https://www.telecomtv.com/content/nfv/nfv-needs-to-lose-a-few-pounds-of-complexity-introducing-lean-nfv-34766/.
  8. Wagner, Mitch (2019-05-30). "Startup Cuts Network Clutter With 'Lean NFV'". Light Reading. https://www.lightreading.com/nfv/nfv-specs-open-source/startup-cuts-network-clutter-with-lean-nfv/d/d-id/751833.