ছিলেট গীতিকা
ছিলেটৰ মানুহে ৰচনা কৰা মৌখিক লোককথা, গল্প, যাত্ৰা আদিক সামূহিকভাৱে ছিলেট গীতিকা বুলি কোৱা হয়। ছিলেট অঞ্চলৰ প্ৰাচীন জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী, খিলঞ্জীয়াৰ জীৱিকা, সামন্তীয় শাসন ব্যৱস্থা, গ্ৰাম্য লোককথা, আৱেগিক অনুভূতি, প্ৰেম আৰু বিচ্ছেদ, যুদ্ধ আৰু সংঘাত, মানৱতাক ছিলেট গীতিকাৰ উৎস হিচাপে বিবেচিত হৈছে। অধ্যাপক আছাদৰ আলীয়ে প্ৰদান কৰা তালিকা অনুসৰি ছিলেট গীতিকাত ১২০টা লোককথা অন্তৰ্ভুক্ত কৰা হৈছে।[1] ড° দীনেশ চন্দ্ৰ সেনৰ প্ৰচেষ্টাত চন্দ্ৰকুমাৰ দেয়ে পূব মাইমেনসিং আৰু ছিলেট অঞ্চলৰ পৰা সংগ্ৰহ কৰা গীতিকাসমূহ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পুৰবং গীতিকা আৰু মাইমেনসিং গীতিকা ধাৰাবাহিক হিচাপে প্ৰকাশ কৰা হৈছিল।[2][3][4] তদুপৰি চৌধুৰী গোলাম আকবৰে ১৯৬৮ চনত বাংলা একাডেমীৰ পৰা ১০টা গীতিকা বাছনি কৰি একেলগে ছিলেট গীতিকা নামেৰে প্ৰকাশ কৰে।[5][6] ইয়াত গীতিকা শব্দটোৱে লোক কাহিনীক বুজাইছে।
ছিলেট গীতিকাত সন্নিৱিষ্ট গুৰুত্বপূৰ্ণ কাহিনী সমূহ
[সম্পাদনা কৰক]- চন্দ্ৰৰাজা (১৯৬৪ চনত আজিদ আলীৰ পৰা সংগ্ৰহ কৰা)
- তিলাইৰাজা (১৯৬৫ চনত ৰমিজ উল্লাহৰ পৰা সংগ্ৰহ কৰা)
- কালুদুলাই (আলম উল্লাহৰ পৰা সংগ্ৰহ কৰা)
- মনিবিবি (১৯৬৫ চনত আব্দুল মান্নানৰ পৰা সংগ্ৰহ কৰা)
- ৰংগমালা (১৯৬৭ চনত আজেফাৰ আলীৰ পৰা সংগ্ৰহ কৰা)
- চুৰতজান বিবি (১৯৬৬ চনত লাচুমিয়াৰ পৰা সংগ্ৰহ কৰা)
- আলিফজান সুন্দৰী (১৯৬৫ চনত আব্দুল মালিকৰ পৰা সংগ্ৰহ কৰা)
- দেৱনা মদিনা
- আলল দুলাল
- অধুৱা সুন্দৰী চুৰত জামাল
- দেৱান কটুমিয়া
- ধনাই সাধু (সংগ্ৰাহক আশ্ৰাফ হোছেইন)
- পালোক জালুৱা (সংগ্ৰাহক আশ্ৰাফ হোছেইন)
- মধু মালা (সংগ্ৰাহক আশ্ৰফ হোছেইন)।[7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ড° আবুল ফতেহ ফাত্তাহ (Feb 2005) (bn ভাষাত). সিলেট গীতিকাঃ সমাজ ও সংস্কৃতি. পৃষ্ঠা. 33–56.
- ↑ Professor Asaddor Ali (1997) (bn ভাষাত). ময়মন সিংহ গীতিকা বনাম সিলেট গীতিকা. জালালাবাদ লোকসাহিত্য পৰিষদ সিলেট. পৃষ্ঠা. 12–15.
- ↑ "Loko Natyadal hosts Mymensingh Geetika festival". http://www.dhakatribune.com/entertainment/2014/sep/25/loko-natyadal-hosts-mymensingh-geetika-festival। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ "East Bengal Ballet – Purbabanga-Gitika". http://sos-arsenic.net/lovingbengal/purbo.html। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ Muhammad Muminul Haq (Sep 2001) (bn ভাষাত). সিলেট বিভাগেৰ ইতিবৃত্ত: প্ৰাচীন লোকসাহিত্য. পৃষ্ঠা. 354.
- ↑ Dr Muhammad Muminul Haq (Jul 2005). Nabil Mumin. ed. Syed Mustafa Kamaler Itihas Aitihya, Sahitya Sangskriti Chinta. Centre for Bangladesh Research UK.
- ↑ বাংলাদেশেৰ লোকসাহিত্য ও লোক-ঐতিহ্য 'ড° আশৰাফ সিদ্দিকী', প্ৰকাশক - সাঈদ বাৰী প্ৰধান নিৰ্বাহী, সূচিপত্ৰ ঢাকা, প্ৰকাশকাল ২০০৫ ইংৰেজি।
- ↑ সিলেট গীতিকাঃ সমাজ ও সংস্কৃতি, ড° আবুল ফতেহ ফাত্তাহ; পৃষ্ঠা ৩৩- ৫৬; প্ৰকাশকাল: ফেব্ৰুয়াৰি ২০০৫।