সমললৈ যাওক

ছী-উল্ফ (ৰোমৰ শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছী-উল্ফৰ ভাস্কৰ্য
ছী-উল্ফৰ মূৰ্তি
ৰোমৰ এটা মুদ্ৰাত ছী-উল্ফৰ ছবি

ছী-উল্ফ (ইংৰাজী: She-Wolf, লেটিন ভাষাত লুপা (lupa)) ৰোমৰ প্ৰাচীন শ্ৰুতিকথাত বৰ্ণিত এজনী মাইকী ইটালীয়ান কুকুৰনেছীয়া বাঘ৷[1][2] আলবা লংগাৰ ৰজা আমুলিয়াছৰ আদেশ অনুসৰি যমজ সন্তান ৰোমুলাছ আৰু ৰেমুছক বনত এৰি দিয়াৰ পিছত ছী-উল্ফে তেওঁলোকক স্তনপান কৰাইছিল আৰু আশ্ৰয় দিছিল। তাই লুপাৰকেল নামেৰে জনাজাত নিজৰ গুহাত কেঁচুৱাদুটিক যত্ন লৈছিল৷ পৰৱৰ্তী সময়ত সিহঁতক এজন ভেড়াৰখীয়া ফাউষ্টুলাছে আৱিষ্কাৰ কৰিছিল। পিছলৈ ৰোমুলাছ ৰোমৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম ৰজা হৈছিল আৰু দুয়োজন যমজ সন্তানেই আজিৰ ৰোমৰ প্ৰতিষ্ঠাপক হিচাপে নতুন ইতিহাসৰ পাতনি মেলিছিল। যমজ সন্তানক স্তনপান কৰাই থকা ছী-উল্ফৰ ছবিখন প্ৰাচীন কালৰ পৰাই ৰোমৰ প্ৰতীক আৰু প্ৰাচীন পৌৰাণিক কাহিনীৰ অন্যতম চিনাকি প্ৰতীক।[3]

উৎপত্তি

[সম্পাদনা কৰক]

ইটালীৰ প্ৰাচীন জনগোষ্ঠীৰ জগতত কুকুৰ নেছীয়া বাঘে বিশেষ স্থান লাভ কৰিছিল বুলি প্ৰমাণ পোৱা গৈছে। এটা কিংবদন্তি অনুসৰি হিৰ্পিনি লোকসকলে যেতিয়া তেওঁলোকৰ প্ৰথম উপনিবেশ সন্ধান কৰিছিল, তেতিয়া তেওঁলোকক এটা কুকুৰ নেছীয়া বাঘে বাট দেখুৱাই নিৰ্দিষ্ট স্থানলৈ লৈ গৈছিল।[4] লুপাৰ্কেলৰ কাহিনীতো যমজ সন্তানৰ কাহিনী এটা কেন্দ্ৰীয় বিষয় আৰু সম্ভৱতঃ এই কাহিনীটো তেওঁলোকৰ কাহিনীতকৈও আগৰ কাহিনী। ৰোমান দেৱতা মাৰ্চৰ বাবেও কুকুৰ নেছীয়া বাঘ এটা পবিত্ৰ প্ৰাণী। প্ৰাচীন ৰোমান উৎসৱ লুপাৰকেলিয়াৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ বিতৰ্ক চলি আছে।

গ্ৰীক শ্ৰুতিকথাএপ'ল'ৰ মাতৃ লেট'ৱে হীৰাৰ পৰা পৰিত্ৰান পাবলৈ তেওঁক ছী-উল্ফ হিচাপে জন্ম দিছিল বুলি কোৱা হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Altobello (1921); Nowak & Federoff (2002); Castelló (2018); Boitani, Phillips & Jhala (2023)
  2. IUCN/SSC Canid Specialist Group ( Claudio Sillero). "Grey wolf Canis lupus". International Union for the Conservation of Nature - Canid Specialist Group. https://www.canids.org/species/view/PREKLD895731. 
  3. Wiseman Remus preface p. xiii
  4. Strabo Book V Ch.12 (Loeb p. 467)
  5. Aristotle (1965). History of Animals. doi:10.4159/DLCL.Aristotle-history_animals.1965. https://www.loebclassics.com/view/aristotle-history_animals/1965/pb_LCL438.345.xml?rskey=9mJ3UR&result=1&mainRsKey=S0vjOz। আহৰণ কৰা হৈছে: 5 December 2016.   – via Loeb Classical Library (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)