ছুজান ৰীড (গায়িকা)
ছুজান ৰীড | |
|---|---|
| জন্ম নাম | ছুজান কেথেৰিন ৰীড |
| জন্ম | ১১ জানুৱাৰী, ১৯২৬ কলম্বিয়া, দক্ষিণ কেৰ′লিনা, আমেৰিকা যুক্টৰাষ্ট্ৰ |
| মৃত্যুৰ তাৰিখ | ২৫ এপ্ৰিল, ২০১০ (৮৪ বছৰ) গ্ৰীণপৰ্ট, নিউ ইৰ্ক, আমেৰিকা যুক্টৰাষ্ট্ৰ |
| সংগীতৰ ধৰণ | লোক-সংগীত |
| পেচা | গায়িকা, সংজ্ঞীতজ্ঞ |
| সক্ৰিয়তাৰ বছৰ | ১৯৫৪ – ১৯৬০ দশক |
ছুজান কেথেৰিন ৰীড (ইংৰাজী: Susan Catherine Reed; ১১ জানুৱাৰী ১৯২৬ – ২৫ এপ্ৰিল ২০১০) এগৰাকী আমেৰিকান গায়িকা, বীণাবাদক আৰু জিথাৰবাদক। নিউয়ৰ্কৰ লোক-সংস্কৃতি ক্ষেত্ৰৰ নিয়মীয়াকৈ প্ৰকাশিত লাইফ নামৰ আলোচনীয়ে ১৯৪৫ চনত তেওঁক "দ্য পেট অৱ মানহাটান নাইটক্লাবাৰছ" বুলি অভিহিত কৰিছিল।[1]
জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]১৯২৬ চনৰ ১১ জানুৱাৰীত দক্ষিণ কেৰ’লিনাৰ কলম্বিয়াত ছুজান ৰীডৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ ইছাড’ৰা বেনেট এজন নাট্য প্ৰচাৰক আৰু অভিনেতা আছিল আৰু মাতৃৰ নাম আছিল ডেনিয়েল৷ তেওঁলোক ৰ পৰিয়ালৰ সৈতে লোকসংগীত সংগ্ৰাহক কাৰ্ল ছেণ্ডবাৰ্গ আৰু সংগীতজ্ঞ হাড্ডি লেডবেটাৰ পৰিয়ালৰ আৰু এবে থিয়েটাৰ কোম্পানীৰ ভ্ৰমণকাৰী আইৰিছ অভিনেতা আৰু সংগীতজ্ঞসকলৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। পৰিয়ালৰ সৈতে নিউয়ৰ্ক চহৰলৈ যোৱাৰ পিছত তেওঁৰ ডাঙৰ ভাতৃ জেৰেডক আৰু তেওঁ ব্যক্তিগত আনন্দোসৱ আৰু চিকিৎসালয়ত সুস্থ হৈ উঠা আহত সৈনিকসকলৰ বাবে জিথাৰ, বীণা আৰু অটোহাৰ্প গান পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। তেওঁ প্ৰথমে চিত্ৰশিল্পী হোৱাৰ আকাংক্ষা কৰিছিল[2] যদিও পৰবৰ্তী সময়ত তেওঁ সংগীতক আঁকোৱালি লয়৷[3][4][5]
ৰীডে লোক-বেলাড আৰু অন্যান্য পৰম্পৰাগত গীতৰ পৰিবেশনেৰে তাৎক্ষণিক সফলতা লাভ কৰে আৰু বাৰ্ল আইভছৰ সৈতে ৰেডিঅ' আৰু টিভি শ্ব'ত পৰিবেশন কৰে। ১৯৪৫ চনত ঊনৈশ বছৰ বয়সত নিউয়ৰ্কৰ টাউন হলত প্ৰথমবাৰৰ বাবে তেওঁ অংশগ্ৰহণ কৰে আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ভ্ৰমণ কৰে। ১৯৪৮ চনত তেওঁ জিন ক্ৰুপাৰ সৈতে গ্লেমাৰ গাৰ্ল (নাইট ক্লাব গাৰ্ল অৱ ইউ.কে. নামেৰে পুনৰ নামকৰণ কৰা হয়) ছবিত জড়িত হয়,[4] ছবিখনত তেওঁ নিউয়ৰ্কৰ নাইটক্লাবত গান গাবলৈ অনা এগৰাকী লোকগায়ক দেশীয় ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে।[6] এই ছবিখনে ইংৰাজ লোকগায়িকা শ্বাৰলী আৰু ডলী কলিন্সক প্ৰত্যক্ষভাৱে অনুপ্ৰাণিত কৰিছিল।[4]
২০১০ চনত লং আইলেণ্ডৰ এখন নাৰ্চিং হোমত, ৮৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Obituary, Los Angeles Times, May 1, 2010; page AA6.
- ↑ "Susan Reed Peers Over Zither at Networkers, Calls Them Shy Wolves", The Harvard Crimson, October 23, 1947. Retrieved April 4, 2014
- ↑ Obituary by Derek Schofield, The Guardian, June 14, 2010. Retrieved April 4, 2014.
- 1 2 3 Ken Hunt, "Susan Reed: Singer who inadvertently helped spark Britain’s folk revival", The Independent, July 9, 2010. Retrieved April 4, 2014
- ↑ Biography by Bruce Eder at Allmusic.com. Retrieved April 4, 2014
- ↑ Glamour Girl at IMDb. Retrieved April 4, 2014
- ↑ Dennis Hevesi, "Susan Reed, a Fleeting Star in a Folk Music Revival, Is Dead at 84", New York Times, May 1, 2010; page A32. Retrieved April 4, 2014