ছুজেন ডি'মেলো
ছুজেন ডি'মেলো বলীউড আৰু অন্যান্য আঞ্চলিক ছবিৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যি পূৰ্বতে ছুজি কিউ নামেৰে পৰিচিত আছিল। তেওঁ টেলিভিছনৰ বিজ্ঞাপনৰ বাবেও জিংগল গাইছে।[1][2]
যোৱা কিছু বছৰৰ পৰা ছুজেনে এ.আৰ. ৰহমান, প্ৰীতম, ছাজিদ, ৱাজিদ, ইলায়াৰাজা, হৰিশ জয়ৰাজ, যুৱান শংকৰ ৰাজা, চেলিম–চুলেমান, অনু মালিক, বাপ্পী লাহিৰী আৰু বিশাল–শেখৰ ধৰি কেইবাজনো সংগীত পৰিচালকৰ সৈতে কাম কৰি আহিছে। বলীউডত নেপথ্য কণ্ঠশিল্পী হিচাপে ৫০টালৈকে গীত গাইছে। ২০০৫ চনত ছুজেনে সংগীত পৰিচালক প্ৰীতমৰ বাবে 'চকলেট' ছবিৰ "খালিশ" গীতটোত প্ৰথম নেপথ্য কণ্ঠদান কৰিছিল। যিটো গীতেৰে তেওঁ প্ৰথম স্বীকৃত হৈছে, সেই গীতটো আছিল 'আৱাৰাপন' ছবিৰ "মহিয়া", যাৰ বাবে তেওঁ ২০০৮ চনত ষ্টাৰডাষ্ট এৱাৰ্ডছত প্ৰথম মনোনয়ন লাভ কৰিছিল। পিছত 'সিং ইজ কিঙ'ৰ "জী কৰদা", 'প্যাৰ কে চাইড ইফেক্টছ'ৰ "প্যাৰ কৰকে", 'ভাগম ভাগ'ৰ "চিগনেল" ‘গোলমাল ৰিটাৰ্ণছ’ৰ “ম্যাও”ৰ দৰে চুপাৰহিট গীত তেওঁৰ কণ্ঠত বাণীবদ্ধ হৈছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Bollywood's popular Christian singers – Suzanne D'Mello". Rediff.com. 29 July 2011. http://www.rediff.com/movies/slide-show/slide-show-1-they-are-bollywoods-famous-christian-singers/20110728.htm#7। আহৰণ কৰা হৈছে: 13 February 2014.
- ↑ Pereira, Beulah (2016-01-29). "Here's how RaagaTrippin', Mumbai's A Cappella ensemble is creating waves" (en ভাষাত). DNA India. https://www.dnaindia.com/mumbai/report-here-s-how-raagatrippin-mumbai-s-a-cappella-ensemble-is-creating-waves-2171473। আহৰণ কৰা হৈছে: 2020-10-10.
- ↑ "Singer Suzanne D'Mello talks about her unique musical journey as voice coach". Times of India. July 19, 2018. https://timesofindia.indiatimes.com/videos/entertainment/hindi/singer-suzanne-dmello-talks-about-her-unique-musical-journey-as-voice-coach/videoshow/65059445.cms.