সমললৈ যাওক

ছুবুৰ পাৰ্থসাৰথি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছুবুৰ পাৰ্থসাৰথী
চিত্ৰ:SuburParthasarathy.png
জন্ম ছুবুৰ মুগাসেঠ
১৯১১
কালিকট
মৃত্যু ১০ অক্টোবৰ ১৯৬৬
নিউয়ৰ্ক
অন্য নাম ছুবুৰ পাৰ্থসাৰথী
পেচা শিক্ষাবিদ, মহাবিদ্যালয় প্ৰশাসক

ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথইংৰাজী: Subur Parthasarathy ; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ছুবুৰ মুগাসেথৰ জন্ম কালিকটৰ পাৰ্চী সম্প্ৰদায়ৰ এটা বিশিষ্ট পৰিয়ালত, হৈছিল। তেওঁ খোদাদান মুগাসেথৰ জীয়ৰী আছিল।[1][2] দ্বিতীয় বিশ্বযুদ্ধত তেওঁৰ একমাত্ৰ ভাতৃৰ মৃত্যু হয়।[3][4] মাদ্ৰাচ বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি তেওঁ ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[4] আৰু ১৯৩৬ চনত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পাৰ্থসাৰথিয়ে মাদ্ৰাচৰ কুইন মেৰী কলেজত ইংৰাজী অধ্যাপনা কৰিছিল। ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল। ১৯৫২ চনত তেওঁ অধ্যয়নৰ বাবে আমেৰিকালৈ যায়।[6] ১৯৬০ চনৰ পৰা ১৯৬৬ চনৰ কালছোৱাত পাৰ্থসাৰথি ৰাজ্যসভাৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰে।[7]

  1. "The Mugaseths of Calicut". Calicut Heritage Forum. June 21, 2015. http://blog.calicutheritage.com/2015/06/the-mugaseths-of-calicut.html আহৰণ কৰা হৈছে: 2020-10-12.
  2. "Thiruvananthapuram: Milk man of India, Calicut Parsis and World War" (en ভাষাত). Deccan Chronicle. 2016-10-23. https://www.deccanchronicle.com/nation/in-other-news/231016/thiruvananthapuram-milk-man-of-india-calicut-parsis-and-world-war.html আহৰণ কৰা হৈছে: 2020-10-12.
  3. Srinivasan, Krishnan (2015-09-13). "Of battles long ago" (en-US ভাষাত). The Statesman. https://www.thestatesman.com/supplements/of-battles-long-ago-89689.html আহৰণ কৰা হৈছে: 2020-10-12.
  4. Muthiah, S. (2015-09-07). "The first Principal" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/society/the-first-principal/article7685506.ece.
  5. "Mrs. Parthasarathi, Wife Of India's Delegate to U.N." (en-US ভাষাত). The New York Times. 1966-10-11. ISSN 0362-4331. https://www.nytimes.com/1966/10/11/archives/mrs-parthasarathi-wife-of-indias-delegate-to-un.html.
  6. Goodhue, Norma H. (1952-06-11). "Madras College Leader Studies U. S. Education". The Los Angeles Times: পৃষ্ঠা 64. https://www.newspapers.com/clip/60975413/madras-college-leader-studies-u-s/.
  7. "From India's Upper House: Mrs. Parthasarathi". The Times Educational Supplement: পৃষ্ঠা 724. November 24, 1961.