সমললৈ যাওক

ছুৰইয়া খানুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছুৰইয়া খানুম
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা গীয়িকা
সক্ৰিয় হৈ থকা সময় ১৯৭৭ – বৰ্তমান
জনা যায় ছুফি সংগীত
পাকিস্তানী লোক-সংগীত, পাকিস্তানী ধ্ৰূপদী সংগীত


ছুৰইয়া খানুম (ইংৰাজী: Suraiya Khanum) পঞ্জাবৰ এগৰাকী প্ৰবীণ পাকিস্তানী লোক শিল্পী আৰু শাস্ত্ৰীয় গায়িকা। পাকিস্তান দূৰদৰ্শন আৰু অন্যান্য টিভি চেনেলত অন্তৰস্পৰ্শী পৰিবেশন আৰু চুফী সংগীত গোৱাৰ বাবেও তেওঁ পৰিচিত।[1][2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭৭ চনত পাকিস্তানৰ মুলতানত থকা ৰেডিঅ' পাকিস্তানৰ এটা অনুষ্ঠানৰ গীত গাই ছুৰাইয়া খানুমে কৰ্মজীৱন আৰম্ভ কৰে।[3] সংগীতৰ ক্ষেত্ৰত তেওঁ উস্তাদ মহম্মদ জুমনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। উস্তাদ নুছৰত ফাতেহ আলী খানে তেওঁক ৮ বছৰ ধৰি প্ৰশিক্ষণ দিছিল আৰু আনুষ্ঠানিকভাৱেও তেওঁক ২১ বছৰ উস্তাদ ফৈজ আহমেদে প্ৰশিক্ষণ দিছিল। সংগীতৰ ক্ষেত্ৰত তেওঁ প্ৰবীণ লোকগায়ক তুফাইল নিয়াজীৰ লগতে ৰেচমা আৰু ইকবাল বানোৰ পৰা অনুপ্ৰাণিত হৈছিল।[3]

২০১৫ চনৰ জনপ্ৰিয় সংগীত ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কোক ষ্টুডিঅ’ পাকিস্তানৰ অষ্টম ছিজনত তেওঁ এগৰাকী বৈশিষ্ট্যপূৰ্ণ শিল্পী হিচাপে অভিনয় কৰিছিল। তেওঁ সহশিল্পী আনোৱাৰ মকুদৰ সৈতে প্ৰবীণ লোকগায়ক তুফাইল নিয়াজীৰ দ্বাৰা পূৰ্বতে গোৱা জনপ্ৰিয় "চিৰিয়া দা চাম্বা" শীৰ্ষক এটা বিবাহ গীত গাইছিল৷[4][5] গীতটোৰ সংগীত, ৰচনা আৰু আনোৱাৰ মকসুদৰ দ্বাৰা এখন চিঠিৰ সুন্দৰ আখ্যান আবৃত্তিৰ বাবে প্ৰশংসা কৰা হৈছিল।[4] কোৱা হৈছিল যে গীতটোৱে "দৰ্শকৰ বাবে এক স্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিছিল"।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]